
যোৱা ৩০ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া গুৱাহাটীৰ বানপানীৰ দৃশ্য বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এখন মটৰচাইকেলৰ পিছফালে এটি শিশু কোলাত লৈ বহি অহা এগৰাকী মহিলাই বানৰ পানীৰ মাজতে তলত পৰি যায়। সেই দৃশ্যটো গুৱাহাটীৰ বুলি টেক্সট ওভাৰলে’ কৰি দাবী কৰা হৈছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ বাবে আমি সেই ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি বিভিন্ন সামাজিক মাধ্যমত সেই ভি়ডিঅ’টোৰে সৈতে কৰা পোষ্ট কিছুমান লাভ কৰিলোঁ।
যোৱা ২০ আগষ্ট ২০২৫ত Pakistan Updates پاکستان اپڈیٹس নামৰ ফেছবুক পেজটোত এই ভিডিঅ’টো আপলোড কৰি উৰ্দূ ভাষাত কেপছন দি লিখিছে -(انتظامیہ کی نااہلی خاتون بچے سمیت پانی میں گر گئی ویڈیو وائرل) প্ৰশাসনৰ অযোগ্যতাঃ সন্তানসহ পানীত পৰিল মহিলা, ভাইৰেল হ’ল ভিডিঅ’। লগতেکراچی (কৰাচী) বুলি তলত লিখি দিয়া হৈছে। তদুপৰি ভিডিঅ’টোত টেক্সট ওভাৰলে’ কৰি উৰ্দূত লিখা কথাখিনিৰ ভাৱাৰ্থ হৈছে- “কৰচী প্ৰশাসনৰ অযোগ্যতা, মহিলা আৰু শিশু পানীত পৰিল, ভিডিঅ’ ভাইৰেল হ’ল!” ভিডিঅ’টোত Neo News বুলি এটা ৱাটাৰমাৰ্কো আমি দেখিলোঁ।
ইয়াৰ পৰা অনুমান কৰিব পাৰিলোঁ যে ভিডিঅ’টো একেবাৰে শেহতীয়া গুৱাহাটী বানপানীৰ নহয়। লগতে এয়া পাকিস্তানৰ কৰাচীৰ দৃশ্য হ’ব পাৰে।

আনহাতে একেটা দিনতে আন এটা ফেচবুক পেজেও এই একেটা ভিডিঅ’কে আপলোড কৰি সেয়া কৰাচীৰ বুলি উল্লেখ কৰিছিল। ৰোমান লিপিত লিখা কেপছনৰ পৰা আমি সেই দৃশ্য কৰাচীৰ বুলি জানিব পাৰিলোঁ। ইয়াতো Neo News ৱাটাৰমাৰ্কটো আছিল।

ইনষ্টাগ্ৰামত ২০ আগষ্ট ২০২৫ত socialitepk নামৰ হেণ্ডেলটোতো এইটো ভিডিঅ’ আপলোড কৰি সেয়া পাকিস্তানৰ কৰাচীৰ বুলি কোৱা হৈছে। উৰ্দূ ভাষাত লিখা কেপছনটোৰ অসমীয়া ভাবানুবাদ হৈছে- কৰাচী প্ৰশাসনৰ অযোগ্যতাঃ নলাত পৰিল মহিলা আৰু শিশু।

Naqashqureshi333 নামৰ আন এটা ইনষ্টাগ্ৰাম হেণ্ডেলত সেই একেই ২০ আগষ্টত একেটা ভিডিঅ’ আপলোড কৰি সেয়া কৰাচী প্ৰশাসনৰ অযোগ্যতাৰ বাবে শিশুসহ মহিলা নলাত পৰা বুলি লিখিছে।

একেধৰণেই ২০ আগষ্ট ২০২৫ত ইউটিউৱতো একেটা ভিডিঅ’ আপলোড কৰি কৰাচীত প্ৰৱল বৰষুণৰ পাছত নলা নৰ্দমাৰ অৱস্থা পুতৌজনক হোৱা বুলি বিৱৰণত লিখা হৈছে। একেই উল্লেখেৰে সেই ভিডিঅ’টো ইউটিউৱত আপলোড কৰা ইয়াত আৰু ইয়াত চাব পাৰিব।

আমি ২০ আগষ্টতে এক্সতো একেটা ভিডিঅ’ কৰাচীৰ বুলি উল্লেখ থকা টুইটো লাভ কৰিলোঁ। সেই টুইট ইয়াত চাব পাৰিব।

ইতিমধ্যেই এই দৃশ্য গুৱাহাটীৰ অতি শেহতীয়া (২৭ৰ পৰা ৩০ আগষ্ট ২০২৫ৰ ভিতৰত) বন পৰিস্থিতিৰ নহয় বুলি আমি নিশ্চিত হ’লোঁ আৰু এয়া পাকিস্তানৰ কৰাচীৰ বুলি এক শক্তিশালী ধাৰণা লাভ কৰিলোঁ।
ইয়াৰ পাছত পাকিস্তানৰ সংবাদ মাধ্যমত ইয়াৰ অৱস্থিতি সম্পৰ্কে সন্ধান কৰোতে একাধিক লিংক লাভ কৰিলোঁ। আমি ইতিপূৰ্বে লাভ কৰা প্ৰমাণমূলক ভিডিঅ’সমূত Neo News বুলি এটা ৱাটাৰমাৰ্ক দেখিছিলোঁ। তাৰেই আলম লৈ সন্ধান কৰোতে আমি পাকিস্তানৰ Neo Newsৰ এটা লিংকো পালোঁ। কিন্তু বৰ্তমান সময়ত পাকিস্তানৰ পৰা পৰিচালিত সৰহসংখ্যক ডিজিটেল ব্যৱস্থা আমাৰ দেশত নিষিদ্ধ হৈ থকা বাবে আমি সেই লিংকসমূহ আমাৰ শ্ৰীলংকাস্থিত সতীৰ্থৰ সহায়ত পৰীক্ষা কৰি চালোঁ। তেতিয়া আমি দেখিলোঁ যে সেয়া পাকিস্তানৰ কৰাচীত শিশুসহ এগৰাকী মহিলা বানপানীৰ মাজত নলাত বাগৰি পৰা বুলি উল্লেখ কৰা হৈছে। তাৰে স্ক্ৰীণশ্বট তলত চাব পাৰিব আৰু স্ক্ৰীণ ৰেকৰ্ডিং ইয়াত ক্লিক কৰি চাব পাৰিব। তেতিয়াই আমি নিশ্চিত হ’লোঁ যে এই ভিডিঅ’টোৰ মূল উত্স এয়াই আৰু ই কৰাচীৰ দৃশ্য হয়।

আমি আনকি কৰাচীত যোৱা ১৯ আগষ্ট ২০২৫ হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত হোৱা অবৰ্ণনীয় পৰিস্থিতি সম্পৰ্কত পাকিস্তানৰ অন্যতম সংবাদ প্ৰতিষ্ঠান DAWNৰ বাতৰিৰ লিংকো পালোঁ। সেই লিংকো আমি আমাৰ শ্ৰীলংকাৰ সতীৰ্থৰ সহযোগত পৰীক্ষা কৰি নিশ্চিত হ’লোঁ যে শেহতীয়াকৈ পাকিস্তানৰ কৰাচীত যোৱা ২০ আগষ্টত নেৰানেপেৰা বৰষুণৰ ফলত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় আৰু আমি সত্যতা নিৰূপণ কৰি থকা দৃশ্যটোৰ সূত্ৰপাত হয়।

এইসমূহ তথ্য প্ৰমাণৰ পৰা আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ’ অসমৰ গুৱাহাটীৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি দাবী কৰা হৈছে সেইটো আচলতে যোৱা ২০ আগষ্টত পাকিস্তানৰ কৰাচীত হোৱা বান পৰিস্থিতিৰ সময়ৰহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ অসমৰ গুৱাহাটীৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি দাবী কৰা হৈছে সেইটো আচলতে যোৱা ২০ আগষ্টত পাকিস্তানৰ কৰাচীত হোৱা বান পৰিস্থিতিৰ সময়ৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:পাকিস্তানৰ কৰাচীৰ দৃশ্যকে গুৱাহাটীৰ বানপানী বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
