এয়া ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ অভিযান নহয়। আমেৰিকান সেনাৰ বিশেষ কমাণ্ড কেপেবিলিটি এক্সাৰচাইজৰ দৃশ্যহে। ।

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া আমেৰিকান সেনাই ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত প্ৰৱেশ কৰা শেহতীয়া দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোৰ ওপৰত লিখিছে-   ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত প্ৰৱেশ আমেৰিকান সৈন্যৰ।দেশখনৰ ৰাজধানী চহৰ নিজৰ দখললৈ নিয়াৰ চেষ্টা মাৰ্কিন সেনাৰ।

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ।তেতিয়া আমি সেই ভিডিঅ’টো যোৱা ১১ জানুৱাৰী ২০২৫ত এক্সত আপলোড কৰি থোৱা দেখিলোঁ। অৰ্থাত সেই দৃশ্য আমেৰিকাৰ দ্বাৰা ভেনিজুৱেলা আক্ৰমণৰ প্ৰায় এবছৰ পূৰ্বেই আপলোড কৰা বুলি নিশ্চিত হ”লোঁ। তাত লিখা হৈছিল U.S. SPECIAL FORCES!   

অনুসন্ধানত আমি ৱেব পেজ dvidshub.net ত কিছুমান ফটো লাভ কৰিলোঁ। তাতেই আমি এই ভিডিঅ’ৰ সৈতে একেই অট্টালিকা আৰু চিনুক হেলিকপ্তাৰৰ সৈতে চলা অভিযানৰ ফটোও লাভ কৰিলোঁ। 

তাত প্ৰদান কৰা তথ্য অনুসৰি এই ফটোখন উত্তৰ কেৰ’লিনাৰ ফ’ৰ্ট লিবাৰ্টিত অনুষ্ঠিত হোৱা আমেৰিকান সেনাৰ বিশেষ অভিযান কমাণ্ড কেপেবিলিটি এক্সাৰচাইজৰ। এই ফটোখন ২০২৪ চনৰ ৫-১২ এপ্ৰিলৰ, যেতিয়া আমেৰিকান সেনাৰ ৰেঞ্জাৰক নিয়োগ কৰা হৈছিল আৰু এম এইচ-৪৭ চিনুক হেলিকপ্টাৰ ব্যৱহাৰ কৰি এটা অট্টালিকাত আক্ৰমণ কৰিবলৈ সাজু হৈছিল। আমাৰ এই তদন্তই নিশ্চিত কৰিলে যে সেই ভাইৰেল ভিডিঅ’টো ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ নহয়, বৰঞ্চ বহু পুৰণি আৰু ই কোনো প্ৰকৃত সামৰিক অভিযানৰ নহয়, বৰঞ্চ এক সামৰিক অনুশীলনৰ।

তদুপৰি যোৱা ৩জানুৱাৰী ২০২৬ত আমেৰিকাৰ সেনাই ভেনিজুৱেলাত চলোৱা সামৰিক অভিযানৰ পাছত ৰাষ্ট্ৰপতি ট্ৰাম্পে দিয়া সংবাদমেলত উল্লেখ কৰা হৈছে যে অভিযান নিশাৰ ভাগত চলিছিল আৰু ভেনিজুৱেলাৰ শাসক নিকোলাছ মাডুৰো আৰু তেওঁৰ সহধৰ্মিনীক বন্দী কৰিছিল। অৰ্থাত এই দৃশ্য যোৱা জানুৱাৰীত আমেৰিকাই ভেনিজুৱেলাত কৰা আক্ৰমণৰ দৃশ্যও নহয়। 

শেষত আমি অতি শেহতীয়াকৈ আমেৰিকাই ভেনিজুৱেলাত কোনো ধৰণৰ অভিযান চলাইছে নেকি সেই সম্পৰ্কে বাতৰি বা তথ্যৰ সন্ধান কৰিলোঁ। কিন্তু অতি শেহতীয়া তথ্য অনুসৰি বৰ্তমান সময়ত আমেৰিকাৰ সেনাৰ দ্বাৰা ভেনিজুৱেলাত কোনো ধৰণৰ অভিযান চলোৱা হোৱা নাই। চলিত বৰ্ষৰ জানুৱাৰী মাহতেই আমেৰিকাই ভেনিজুৱেলা আক্ৰমণ কৰি ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক গ্ৰেপ্তাৰ কৰিছিল। 

ইয়াৰ পৰাই আমি নিশ্চিত হওঁ যে যে অসমৰ ফেচবুক একাউণ্টটোৱে কৰা দাবীটো সত্য নহয়। এয়া আমেৰিকান সেনাৰ বিশেষ কমাণ্ড কেপেবিলিটি এক্সাৰচাইজৰ এক পুৰণি দৃশ্য। ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ সেনাৰ অভিযানৰ দৃশ্য নহয়।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: এয়া ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ অভিযান নহয়। আমেৰিকান সেনাৰ বিশেষ কমাণ্ড কেপেবিলিটি এক্সাৰচাইজৰ দৃশ্যহে। ।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *