আমেৰিকান সেনাৰ বিশেষ কমাণ্ড কেপেবিলিটি এক্সাৰচাইজৰ পুৰণি দৃশ্যকে ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ শেহতীয়া অভিযানৰ  বুলি দাবী কৰা হৈছে।

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া আমেৰিকাই শেহতীয়াভাৱে ভেনিজুৱেলাৰ ওপৰত কৰা আক্ৰমণৰ ভিডিঅ’ । 

Facebook Link Archived Link

ইনষ্টাগ্ৰামতো একেই দাবীৰে সেই ভিডিঅ’টো আপলোড কৰা হৈছিল। 

Instagram Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া সেই ভিডিঅ’টো যোৱা ১১ জানুৱাৰী ২০২৫ত এক্সত আপলোড কৰি থোৱা দেখিলোঁ। অৰ্থাত সেই দৃশ্য আমেৰিকাৰ দ্বাৰা ভেনিজুৱেলা আক্ৰমণৰ প্ৰায় এবছৰ পূৰ্বেই আপলোড কৰা বুলি নিশ্চিত হ”লোঁ। তাত লিখা হৈছিল U.S. SPECIAL FORCES!   

অনুসন্ধানত আমি ৱেব পেজ dvidshub.net ত কিছুমান ফটো লাভ কৰিলোঁ। তাতেই আমি এই ভিডিঅ’ৰ সৈতে একেই অট্টালিকা আৰু চিনুক হেলিকপ্তাৰৰ সৈতে চলা অভিযানৰ ফটোও লাভ কৰিলোঁ। 

তাত প্ৰদান কৰা তথ্য অনুসৰি এই ফটোখন উত্তৰ কেৰ’লিনাৰ ফ’ৰ্ট লিবাৰ্টিত অনুষ্ঠিত হোৱা আমেৰিকান সেনাৰ বিশেষ অভিযান কমাণ্ড কেপেবিলিটি এক্সাৰচাইজৰ। এই ফটোখন ২০২৪ চনৰ ৫-১২ এপ্ৰিলৰ, যেতিয়া আমেৰিকান সেনাৰ ৰেঞ্জাৰক নিয়োগ কৰা হৈছিল আৰু এম এইচ-৪৭ চিনুক হেলিকপ্টাৰ ব্যৱহাৰ কৰি এটা অট্টালিকাত আক্ৰমণ কৰিবলৈ সাজু হৈছিল। আমাৰ এই তদন্তই নিশ্চিত কৰিলে যে সেই ভাইৰেল ভিডিঅ’টো ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ নহয়, বৰঞ্চ বহু পুৰণি আৰু ই কোনো প্ৰকৃত সামৰিক অভিযানৰ নহয়, বৰঞ্চ এক সামৰিক অনুশীলনৰ।

তদুপৰি যোৱা ৩জানুৱাৰী ২০২৬ত আমেৰিকাৰ সেনাই ভেনিজুৱেলাত চলোৱা সামৰিক অভিযানৰ পাছত ৰাষ্ট্ৰপতি ট্ৰাম্পে দিয়া সংবাদমেলত উল্লেখ কৰা হৈছে যে অভিযান নিশাৰ ভাগত চলিছিল আৰু ভেনিজুৱেলাৰ শাসক নিকোলাছ মাডুৰো আৰু তেওঁৰ সহধৰ্মিনীক বন্দী কৰিছিল। 

 

যিহেতু আমি সত্যতা নিৰূপণ কৰা ভিডিঅ’টো দিনৰ ভাগৰ আৰু ভেনিজুৱেলাৰ শেহতীয়া অভিযান নিশাৰ ভাগত হৈছিল, গতিকে ওপৰোক্ত সকলো তথ্যৰ পৰা নিশ্চিত হৈছে যে অসমৰ ফেচবুক পেজটোৱে কৰা দাবীটো সত্য নহয়। এয়া আমেৰিকান সেনাৰ বিশেষ কমাণ্ড কেপেবিলিটি এক্সাৰচাইজৰ এক পুৰণি দৃশ্য। ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ শেহতীয়া অভিযানৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।  

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। এয়া আমেৰিকান সেনাৰ বিশেষ কমাণ্ড কেপেবিলিটি এক্সাৰচাইজৰ এক পুৰণি দৃশ্য। ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ শেহতীয়া অভিযানৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:আমেৰিকান সেনাৰ বিশেষ কমাণ্ড কেপেবিলিটি এক্সাৰচাইজৰ পুৰণি দৃশ্যকে ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ শেহতীয়া অভিযানৰ বুলি দাবী কৰা হৈছে।

Fact Check By: Fact Crescendo Team 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *