এটা অট্টালিকাত অগ্নিকাণ্ড ঘটা এই ভিডিঅ’টোৰ সৈতে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ কোনো সম্পৰ্ক নাই। 

False Social

শেহতীয়াভাৱে অসমৰ ইনষ্টাগ্ৰামত এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া শেহতীয়া আহমেদাবাদ দুৰ্ঘটনাৰ সময়ৰ দৃশ্য বুলি দাবী কৰা হৈছে।  

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdBO9YIya2PwWMDM0hTsrIrZO6k_u0HrONr5k76F3lJLTEEbNBPLsO4CN0x1Sxbc5NK5QZ4wS9VuYNA8ddxOINakqinhuIvr6ooKJnJ7PEH4Ps-0tESyn9ErbrM3wzc90mj0uT-iQ?key=SYeSIOtJYeVaFGVQygFrxA

Instagram Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ফলত আমি ২০২৫ চনৰ ১০ জুনত দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ ইউটিউব চেনেলত সম্প্ৰচাৰিত এক প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টো পালোঁ। ভিডিঅ’টোৰ শিৰোনাম হৈছে “দিল্লীৰ দ্বাৰকা ছেক্টৰ ১৩ৰ শব্দ এপাৰ্টমেণ্টত সংঘটিত অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয়।” ইয়াৰ পৰা নিশ্চিত হৈছে যে ভাইৰেল ভিডিঅ’টো ২০২৫ চনৰ ১২ জুনত হোৱা আহমেদাবাদ বিমান দুৰ্ঘটনাৰ আগৰ। ৰিপ’ৰ্ট অনুসৰি এম আৰ ভি স্কুলৰ সমীপৰ দ্বাৰকা ছেক্টৰ ১৩ৰ শব্দ এপাৰ্টমেণ্টত সংঘটিত অগ্নিকাণ্ডৰ দৃশ্য। 

আমি লাভ কৰা তথ্যৰ ভিত্তিত আৰু অধিক সন্ধান কৰিলোঁ আৰু ভাইৰেল ভিডিঅ’টোৰ সৈতে জড়িত আন আন খবৰো বিচাৰি পালোঁ। সেই খবৰ ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

খবৰ অনুসৰি ২০২৫ চনৰ ১০ জুনত দিল্লীৰ ১৩ নং দ্বাৰকা ছেক্টৰৰ শব্দ এপাৰ্টমেণ্টৰ নৱম আৰু দশম মহলাত অৱস্থিত এটা ডুপ্লেক্স ফ্লেটত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়।এই ঘটনাত একেটা পৰিয়ালৰ তিনিজন সদস্য অৰ্থাত এজন লোক আৰু তেওঁৰ দুটা সন্তানে জুইৰ শিখাৰ পৰা পলায়নৰ চেষ্টাত বেলকনিৰ পৰা জপিয়াই মৃত্যুমুখত পৰে, আনহাতে পৰিয়ালৰ আন দুজন সদস্যই মৃত্যুক সাৱটি লয়।

ইয়াৰ উপৰিও আমি ২০২৫ চনৰ ১৩ জুন তাৰিখে পিআইবি ফেক্ট চেকৰ এটা X পোষ্ট পাইছিলোঁ, য’ত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে এটা অট্টালিকাত জুই জ্বলি থকাৰ ভিডিঅ’টোক আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ সৈতে মিছাকৈ জড়িত কৰি প্ৰচাৰ কৰা হৈছে। এই ভিডিঅ’টো আচলতে দিল্লীৰ দ্বাৰকাত সংঘটিত হোৱা এক অগ্নিকাণ্ডৰ ঘটনাৰহে। পিআইবিয়ে ব্যৱহাৰকাৰীসকলক এনে উৰাবাতৰিক আওকাণ কৰি কেৱল চৰকাৰী উৎসৰ পৰা পোৱা তথ্যক বিশ্বাস কৰিবলৈ আহ্বান জনায়।

তথ্য পৰীক্ষা কৰি আমি দেখিলোঁ যে দিল্লীৰ এটা অট্টালিকাত সংঘটিত হোৱা এক অগ্নিকাণ্ডৰ ভিডিঅ’টোকে ২০২৫ চনৰ ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়া দুৰ্ঘটনাৰ সময়ৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। দিল্লীৰ এটা অট্টালিকাত সংঘটিত হোৱা এক অগ্নিকাণ্ডৰ ভিডিঅ’টোকে ২০২৫ চনৰ ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়া দুৰ্ঘটনাৰ সময়ৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এটা অট্টালিকাত অগ্নিকাণ্ড ঘটা এই ভিডিঅ’টোৰ সৈতে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ কোনো সম্পৰ্ক নাই।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *