২০১৮ চনত হাৱাইৰ কিলিউত ক্ষতিগ্ৰস্থ হোৱা ক্ৰেটাৰ ৰিম ড্ৰাইভৰ দৃশ্যকে ম্যানমাৰত হোৱা ভূমিকম্পত ক্ষতিগ্ৰস্থ হোৱা পথৰ বুলি মিছা দাবীৰে প্ৰচাৰ।  

False Social

শেহতীয়াভাবে ২৮ মাৰ্চ ২০২৫ শুকুৰবাৰে ৰাতিপুৱাৰ ভাগত এক ভূমিকম্পই ম্যানমাৰ,থাইলেণ্ড আদি ৰাষ্ট্ৰ জোকাৰি যায়। তাৰ প্ৰভাৱ অসম তথা উত্তৰ পূৰ্বাঞ্চলতো পৰে। এই পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰে। অসমৰ বহুতো ফেচবুক পেজ তথা ব্যৱহাৰকাৰীয়ে তেনেকুৱা ফটো আৰু ভিডিঅ’ আপলোড কৰি সেয়া ম্যানমাৰৰ বুলি দাবী কৰা দেখা গৈছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেইটো ম্যানমাৰত হোৱা ভূমিকম্পৰ পাছৰ দৃশ্য বুলি দাবী কৰিছে। ভিডিঅ’টোৰ ওপৰত ৰোমান লিপিত ASORIT DRISYO( আচৰিত দৃশ্য) বুলি লিখি দিছে আৰু আৱহ কণ্ঠত অসমীয়া ভাষাত সেয়া ম্যানমাৰত হোৱা ভূমিকম্পৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি বুলি কৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf_xkPoqSWl9Nz1GQCSegorPV4uBdWX5TGQTeO6Q37I5R-l_XVeQYzqaR7ELh7u9aTYDll1V1xHaX_fR9R4MzKyPBwyemqRmDy3KAWSijYrko69FUvkOFowB_0OpEOcn6mAx0eTTQ?key=B7hX6L6PwxuSGeViiHDcg944

Facebook Link Archived Link 

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টো বিশেষ কাৰিকৰী ব্যৱস্থাৰে একাধিক কী-ফ্ৰেমত ভাগ কৰি লৈ তাৰ পৰা ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি কেইবাটাও ইউটিউৱ লিংক আৰু ইনষ্টাগ্ৰাম পোষ্টৰ লিংক লাভ কৰিলোঁ। ২৯ মাৰ্চ ২০২৫ত অৰ্থাৎ ম্যানমাৰ ভূমিকম্পৰ এটা দিন পাছত ইউটিউৱত আপলোড কৰি একেটা ভিডিঅ’ আমি পালোঁ। কিন্তু ভিডিঅ’টোৰ ওপৰত ৰোমান লিপিত লিখা আছিল Kilauea, Hawaii বুলি। তেতিয়া আমি সেই ভিডিঅ’টো ম্যানমাৰৰ নহৈ হাৱাইৰ হ’ব পাৰে বুলি প্ৰাথমিকভাৱে সন্দেহ কৰিলোঁ। 

 

ইয়াৰ পাছৰ সন্ধানত আমি একেটা ভিডিঅ’ ২৫ মাৰ্চ, ২০২৫ত This guy reached the end of the world 🤯💀 ! #volcano #amazingview #nature বুলি কেপছন লিখি আপলোড কৰা দেখিলোঁ। তাত আৱহ কণ্ঠত ইংৰাজী ভাষাত কোৱা হৈছে যে দুৰ্ঘটনাবসতঃ কোনো এজন ব্যক্তিয়ে পৃথিৱীৰ প্ৰায় অন্তিম স্থানত উপনিত হৈছিল। সেই ভিডিঅ’টোৰ পৰা আমি নিশ্চিত হ’লোঁ যে সেই ভিডিঅ’টো অন্ততঃ ২৮ মাৰ্চ ২০২৫ৰ নহয়। তাৰ আগৰে।

তাৰ পাছত আমি ১৮ মাৰ্চ ২০২৫ত This caldera in Hawaii looks like a scene straight out of Fallout #earthquakee #hawaii #fyp #wtf কেপছনেৰে আপলোড কৰা একেটা ভিডিঅ’ পালোঁ। এই ভিডিঅ’টোত কোনো আৱহকণ্ঠ নাছিল যদিও কেপছনটোত আমি হাৱাইৰ উপৰিও কালডেৰা নামৰ ঠাইটুকুৰাৰ উল্লেখ পোৱাত সেই দৃশ্য হাৱাইৰ কালডেৰাৰ হ’ব পাৰে বুলি অনুমান কৰি আমি সন্ধান আগুৱাই নিলোঁ।

 

এইবাৰ আমি তাৰো দুদিন আগত অৰ্থাত ১৬ মাৰ্চ ২০২৫ত This caldera in Hawaii looks like a scene straight out of Fallout কেপছনেৰে আপলোড কৰা একেটা ভিডিঅ’ পালোঁ। এই ভিডিঅ’টোৱে আমাক সেই দৃশ্য কালডেৰাৰ আৰু ম্যানমাৰ ভূমিকম্পৰ আগৰ বুলি প্ৰায় নিশ্চিতি প্ৰদান কৰিলে। 

 

ইয়াৰ পাছতেই আমি ২৭ ফেব্ৰুৱাৰী ২০২৫ অৰ্থাত ম্যানমাৰ ভূমিকম্পৰ প্ৰায় এমাহ পূৰ্বে আপলোড কৰা একেটা ভিডিঅ’ ইউটিউৱত পালোঁ। তাত জাৰ্মান ভাষাত কেপছন লিখা হৈছিল এইদৰেঃ- So sieht das ENDE einer AUTOBAHN aus (এটা গাড়ী চলাচল কৰা পথৰ শেষটো এনেকুৱা)। ভিডিঅ’টোত জাৰ্মান ভাষাত আৱহকণ্ঠেৰে কৈ থকা কথাখিনি দৃশ্যৰ ওপৰত লিখা গৈ আছিল এইদৰেঃ- Hast du dich schon mal gefraght das ende einer autobahn aussieht? Dieser mann wollte es wissen ist deshalb eine komplette autobahn gegangen bis zu ende. war und was er da fand war einfach unglaublich er sah einen riesigen kratar isn nichts und autobahn hort einfach auf  so dass mann einige meter runterfallt wenn man uber sie druberfraht das nachste mal solttest du besser vorsichtiger sein wenn du uber eine autobahn fahrst. যাৰ অসমীয়া ভাবানুবাদ এনেকুৱাঃ-আপুনি কেতিয়াবা ভাবিছেনে ঘাইপথৰ শেষটো কেনেকুৱা হয়? এই মানুহজনে জানিব বিচাৰিছিল, সেইবাবে তেওঁ এটা ঘাইপথৰ গোটেই দৈৰ্ঘ্যটো খোজ কাঢ়ি শেষলৈকে গৈছিল। তেওঁ তাত যি পাইছিল সেয়া বিশ্বাস কৰিব নোৱাৰা আছিল ।তেওঁ এটা বিশাল গহ্বৰ দেখিছিল। কেৱল সেয়াই নহয় সেই মটৰৱে’টো এনেদৰে শেষ হৈ যায় যে আপুনি পৰৱৰ্তী সময়ত ইয়াৰ ওপৰেৰে গাড়ী চলালে কেইমিটাৰমান পাছতেই পৰি যাব।

তাৰ পাছৰ সন্ধানত আমি ১৯ ফেব্ৰুৱাৰী ২০২৫ত  কেপছনেৰে ইউটিউৱত আপলোড কৰা আন এটা ভিডিঅ’ৰ আৰম্ভনীখিনিতে আমি সত্যতা নিৰূপণ কৰি থকা দৃশ্যাংশটো দেখিলোঁ। এইটো ভিডিঅ’ত দৃশ্যটো ক’ৰ উল্লেখ নাথাকিলেও ই আমাক ভিডিঅ’টো যে পুৰণি আৰু চৰ্চিত, তাৰ উমান দিলে। 

 

এই ভিডিঅ’টো প্ৰকৃততে ক’ৰ আৰু কেতিয়াৰ, সেই কথাৰ সন্ধান কৰি থাকোতে আমি ইনষ্টাগ্ৰামত ২০২৫ চনৰ জানুৱাৰী মাহৰ ২৭ তাৰিখেই আপলোড কৰা একেটা ভিডিঅ’ লাভ কৰিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf9j1mHpqxADDwnkz_bKDlwk7zOnmti12Q5B9hvZxX2f810b-B16U91o8iAqIAMoSZuMlm3XSmjYiXPN_Fa1YCtYJjCW06OoT0yEAu-hOltUSH9t2RQd_VAqnTBV6kfCAYNZFawww?key=B7hX6L6PwxuSGeViiHDcg944

অনুসন্ধানৰ আৰম্ভনীতে আমি লাভ কৰা Kilauea আৰু  Hawaii শব্দ দুটাৰ আঁত ধৰি এই ভিডিঅ’টোৰ মূল উৎসৰ সন্ধানত অৱশেষত আমি একাধিক ৱেবছাইটৰ লিংক লাভ কৰিলোঁ। USGSৰ ৱেবছাইটত ২০২২ চনৰ ২ মাৰ্চত অৰ্থাৎ আজিৰ পৰা তিনি বছৰৰো অধিক কাল পূৰ্বে প্ৰকাশিত এটা লেখা লাভ কৰিলোঁ। আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’ৰ খণ্ডচিত্ৰ সংলগ্ন March 2, 2022 — Kīlauea summit damaged road শীৰ্ষক লেখাটোৰ পৰা আমি জানিব পাৰিলোঁ যে “ক্ৰেটাৰ ৰিম ড্ৰাইভৰ এটা অংশ যিটো ২০১৮ চনত ক্ষতিগ্ৰস্ত হৈছিল, সেইটো ২০২২ চনৰ ২ মাৰ্চত হাৱাই আগ্নেয়গিৰি মানৱ নিৰীক্ষণ কেন্দ্ৰই অভাৰফ্লাইট নিৰীক্ষণ কৰাৰ সময়ত সেইদৰে দেখা গৈছিল। ২০১৮ চনত ইষ্ট ৰিফ্ট জ’নৰ নিম্নাংশত আগ্নেয়গিৰি লাভাৰ বৃহৎ বিস্ফোৰণৰ ফলত কিলিয়া শিখৰৰ মেগমা জলাশয়ৰ পানী আংশিকভাৱে নিষ্কাশন হৈছিল। যাৰ ফলত শিখৰৰ কিছু অংশ ভাঙি ক্ৰেটাৰ ৰিম ড্ৰাইভৰ কিছু অংশ ধ্বংস হৈছিল।” 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeKHHRB5nWZKpqYecOLrzVhpzIJrw22EqtZtrifvxeRkN6G62NVAoqj-knS0shmY09tCQ0XIcejYwqBsea8mAEABJwGh6QoG8KTiPnDI4nrnFYwmvraA4Uu4IQLrNx8zLGLf5tsyA?key=B7hX6L6PwxuSGeViiHDcg944

এই লেখাটোৰ আঁত ধৰি আমি ২০১৮ চনত ক্ৰেটাৰ ৰিম ড্ৰাইভ ক্ষতিগ্ৰস্থ হোৱা সন্দৰ্ভত কিছু সন্ধান কৰোতে ২০১৮ চনৰ ২১ আগষ্টত প্ৰকাশিত এটা লেখা লাভ কৰিলোঁ। সেই লেখাটোত ক্ৰেটাৰ ৰিম ড্ৰাইভৰ আংশিক দৃশ্য আলোকচিত্ৰ ৰূপত ব্যৱহাৰ কৰা হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdYnIn9dRmti49foEh6nmvdD5OyUh9iRdQTnq1VZ4OOUbkHMoKgq5ck1Et4t_kwHLZEvAuZ8RYlMO9T4R8MFHGTlIdjVuWIsrOq7B0Di-XNLTzzFMm4MJGhfuX5URrd5zd4H-q6zg?key=B7hX6L6PwxuSGeViiHDcg944

সেই লেখাটোতেই আমি ২০১৮ চনৰ ১৭ আগষ্টত ইউটিউৱত আপলোড হোৱা Hawaii Volcanoes National Park Changed By Eruption (Aug. 17, 2018) শীৰ্ষক ভিডিঅ’টো পালোঁ আৰু তাতেই ২০১৮চনত হাৱাইৰ কিলিউৰ সেই আগ্নেয়গিৰিত ক্ষতিগ্ৰস্থ ক্ৰেটাৰ ৰিম ড্ৰাইভৰ বিস্তাৰিত দৃশ্য দেখিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf4nwjEAjKj9cgyxzvOxEjf35P1lUI_JXuhgF34b4iZxwymDacfffusr9xd2pnHEC4E3rwkuhhwLQeKCfVA-fAXhdoxQOs9xX5g6ZuzsgOq4Hen9SY6Yzv_dugwyGBor2Ec-2mK?key=B7hX6L6PwxuSGeViiHDcg944

আমি লাভ কৰা এইসমুহ তথ্য প্ৰমাণৰ ভিত্তিত আমি এই সিদ্ধান্তত উপনিত হৈছোঁ যে অসমৰ ফেচবুক একাউণ্টটোত ম্যানমাৰত যোৱা ২৮ মাৰ্চত হোৱা ভূমিকম্পৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি বুলি অসমীয়া আৱহকণ্ঠেৰে কৰা দাবীটো সত্য নহয়। সেয়া প্ৰকৃততে ২০১৮ চনত হাৱাইৰ কালডেৰাৰ কিলিউত আগ্নেয়গিৰিৰ লাভা বিষ্ফোৰণৰ ফলত ক্ষতিগ্ৰস্থ হোৱা ক্ৰেটাৰ ৰিম ড্ৰাইভৰ দৃশ্যহে।  

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সেয়া ২০১৮ চনত হাৱাইৰ কালডেৰাৰ কিলিউত আগ্নেয়গিৰিৰ লাভা বিষ্ফোৰণৰ ফলত ক্ষতিগ্ৰস্থ হোৱা ক্ৰেটাৰ ৰিম ড্ৰাইভৰ দৃশ্যহে।    

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০১৮ চনত হাৱাইৰ কিলিউত ক্ষতিগ্ৰস্থ হোৱা ক্ৰেটাৰ ৰিম ড্ৰাইভৰ দৃশ্যকে ম্যানমাৰত হোৱা ভূমিকম্পত ক্ষতিগ্ৰস্থ হোৱা পথৰ বুলি মিছা দাবীৰে প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *