২০২৫ৰ ২৯ জানুৱাৰীত ৱাকফ (সংশোধনী) বিধেয়কৰ খচৰা গ্ৰহণৰ অন্তত হোৱা চাহমেলৰ ভিডিঅ’ এটা বিধেয়কখনৰ এপ্ৰিলত মাহৰ আৰম্ভনীতে হোৱা বিতৰ্কৰ পাছৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।    

Misleading Social

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা ভিডিঅ’ বিয়পি পৰিছে এই দাবীৰে যে ভিডিঅ’টোত দেখা আছাদুদ্দিন ওৱেইছিকে ধৰি একাংশ বিৰোধী সাংসদে বিজেপিৰ সাংসদৰ সৈতে মিলি অতি শেহতীয়া ৱাকফ (সংশোধনী) বিধেয়কৰ বিতৰ্ক শেষ হোৱাৰ পাছতেই সংসদৰ বাহিৰত এইদৰে চাহমেলত হাঁহি ফুৰ্তি কৰিছিল। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ৪ এপ্ৰিল ২০২৫ত দিয়া পোষ্টটোত এই ভিডিঅ’টোৰ জৰিয়তে দাবী কৰিছে যে এইটো ৱাকফ (সংশোধনী) বিধেয়কৰ অতি শেহতীয়া বিতৰ্কৰ পাছৰ ভিডিঅ’।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdPEtZ5TvX-5LtIv6fbVFvmjLatCcEnv-q8LnbwDQDCGLeb3OYc1GBjqAy0YQQsTQLNANYSxouyUh76PBeNviJKcc_F5rbMy0siFXDbIxUPE9ruGfq8q_WCvrCcC996JJVxU_RE?key=odGNGZ8YvCQjFhwtubAdBYrK

Facebook Link Archived Link 

আন এটা ফেচবুক পেজৰ পৰাও একেটা ভিডিঅ’ একে সময়সীমাতে আপলোড কৰি অনুৰূপ দাবী কৰিছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfMPI1ctJc3tc_kv9ANL1Y40w1-TBvHD9AeMw0wVsv4aG8wwp5FC_n4M_nFXrTCpSlkF8xMEEPan2sMrz4AWvUxFKC0Yv60X3qvcW5H-kgy3W1zUzqPAcwqGUHtUycDWMzM-QEt-Q?key=odGNGZ8YvCQjFhwtubAdBYrK

Facebook Link Archived Link 

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টোৰ পৰা কী-ফ্ৰেম কিছুমান লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া বিজেপি সাংসদ ব্ৰিজ লালে ২০২৫ চনৰ ২৯ জানুৱাৰীতে ফেচবুকত এই ভিডিঅ’টো আপলোড কৰি দিয়া পোষ্ট এটা পালোঁ। তেওঁ লিখিছে যে ৱাকফ (সংশোধনী) বিধেয়কৰ বাবে গঠিত যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা সংশোধন গ্ৰহণৰ পাছত এইদৰে শাসক আৰু বিৰোধী সাংসদ একাংশই চাহমেলত আনন্দ কৰিছিল।   

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf7rAahP7FzfNTaEkY7agHpx9iVYrD8IC5YWmPnMkfEh6A-SRewJsaKeNVojxS04841vejwHHu-Bm8URmgctvnUIf-8rektND7sequgAbaFWhXEkx87m-8LhNHnzP5nmhrDnrMHyA?key=odGNGZ8YvCQjFhwtubAdBYrK

ইয়াৰ পাছত আমি কিছুমান বাতৰি লাভ কৰিলোঁ। দ্য হিন্দুৱে ২০২৫ৰ ২৯ জানুৱাৰীত প্ৰকাশ কৰা বাতৰি মতে সংসদৰ ৱাকফ (সংশোধনী) বিধেয়ক ২০২৪ৰ যুটীয়া সংসদীয় সমিতিয়ে ২৯ জানুৱাৰীত খচৰা প্ৰতিবেদন আৰু সংশোধিত বিধেয়কখন গ্ৰহণ কৰে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfacikMuxihjPq_32vihn1legTjPhisDfh2-85U5Ymy2bZygxs0Dpf-PrNtV9co5k5-XUgX_BkpTfyl8YPH19Aw4t1KLe_QIbiWJIGDpkeSnGdn3WX2Kz8lGRbjqTwb7eYaELYhZw?key=odGNGZ8YvCQjFhwtubAdBYrK

এই সম্পৰ্কে ANIএ ২৯ জানুৱাৰী ২০২৫ত পৰিবেশন কৰা বাতৰিত কোৱা হৈছে যে ২৯ জানুৱাৰীত খচৰা প্ৰতিবেদনখন ১৪ৰ বিপৰীতে ১১টা ভোটত গৃহীত হোৱাৰ ফলত চৰকাৰে বিধেয়কখন সংসদলৈ প্ৰেৰণৰ পথ মুকলি হয়। বিৰোধী দলৰ সদস্যসকলক তেওঁলোকৰ মতানৈক্য পঞ্জীয়ন কৰিবলৈ সেইদিনা বিয়লি ৪ বজালৈকে সময় দিয়া হৈছিল। বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰস্তাৱ ১৪টা সংশোধনীত অনুমোদন জনোৱাৰ লগতে বিৰোধী সাংসদসকলে দাখিল কৰা ৪৪টা সালসলনি নাকচ কৰে যুটীয়া সংসদীয় কমিটীয়ে। সেই বাতৰিত চাহমেলৰ ফটোখনো আমি দেখিলোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdHnEzlVbzytVqRWxHcF2DXh7BmZJVXTsG-2dH3J2NPEIkUDE2xeEuPpkzZkR3XdH83BpDZU-T7u7a_yZ2qRGZDJgwIu77gCOIWd0Z5NypkREMdZDtFI5Qd1yN8_hi20w5OmuVq?key=odGNGZ8YvCQjFhwtubAdBYrK

ইয়াৰ লগতে আমি প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ ২০২৫চনৰ ২৯ জানুৱাৰীৰ টুইট এটাতো একেটা ভিডিঅ’ পালোঁ আৰু একেধৰণে তাতো উল্লেখ কৰা হৈছে যে ৱাকফ(সংশোধনী) বিধেয়কৰ খচৰাৰ পাছৰ চাহ মেল সেয়া। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd0XTN91lkHhCf3ATh0bjrnZHYYKXlzjpTtJ85ZS0b65BVqGYoKgPAHIZk6NuQkLOhrgQzh7LClMLyELwjQwcS--PwE4J6ody9KVVDm0dddXVG72UPPqBxoQSNy9hq2gevoIEYW?key=odGNGZ8YvCQjFhwtubAdBYrK

আমি ২০২৫ চনৰ ২৯ জানুৱাৰীত দ্য ইণ্ডিয়ান এক্সপ্ৰেছে ইউটিউৱ চেনেলত দিয়া বাতৰিটোতো একেটা ভিডিঅ’ দেখিলোঁ। সেই বাতৰিতো কোৱা হৈছে যে খচৰা গ্ৰহণৰ পাছত এইদৰে তেওঁলোকে চাহমেলত বহিছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcEuGsmfymcJ0wjbQzRF61wNG25bQ5CC_lYE37WclFgVzvWHRIW_sVlDE5ZbvXFA4loVSLdl5JT0VyIv7SoDprqlYwom6FCrnijuhL6oNfQ9Ke5SxNkMsso9RlDC0OtKosl20trmQ?key=odGNGZ8YvCQjFhwtubAdBYrK

এই সমুহ তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে অসমৰ ফেচবুকত এই ভিডিঅ’টো ৱাকফ (সংশোধনী) বিধেয়কক লৈ এপ্ৰিল মাহৰ আৰম্ভনীতো হোৱা বিতৰ্কৰ সময়ৰ বুলি কৰা দাবীটো সত্য নহয়। বৰং এই ভিডিঅ’টো দুমাহ পুৰণি অৰ্থাত জানুৱাৰী মাহৰেই। ৱাকফ (সংশোধনী) বিধেয়কৰ খচৰা গ্ৰহণৰ পাছতেই হোৱা চাহমেলৰ ভিডিঅ’টো শেহতীয়া বিতৰ্কৰ পাছৰ বুলি বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰা হৈছে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। ২০২৫ৰ ২৯ জানুৱাৰীত ৱাকফ (সংশোধনী) বিধেয়কৰ খচৰা গ্ৰহণৰ অন্তত হোৱা চাহমেলৰ ভিডিঅ’ এটা বিধেয়কখনৰ এপ্ৰিলত মাহৰ আৰম্ভনীতে হোৱা বিতৰ্কৰ পাছৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।    

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২৫ৰ ২৯ জানুৱাৰীত ৱাকফ (সংশোধনী) বিধেয়কৰ খচৰা গ্ৰহণৰ অন্তত হোৱা চাহমেলৰ ভিডিঅ’ এটা বিধেয়কখনৰ এপ্ৰিলত মাহৰ আৰম্ভনীতে হোৱা বিতৰ্কৰ পাছৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *