
শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া চিংগাপুৰত দেহাৱসান ঘটা জুবিন গাৰ্গৰ স্কুবা ডাইভিঙৰ সময়ৰ অন্তিমটো ভিডিঅ’। চিংগাপুৰত আয়োজন কৰা নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশ গ্ৰহণ কৰিবলৈ যোৱা জুবিন গাৰ্গে সাগৰত স্কুবা ডাইভিং কৰিবলৈ গৈ উশাহ বন্ধ হৈ মৃত্যুমুখত পৰা বুলি প্ৰাৰম্ভিক খবৰ আহিছিল। সেই সময়তেই এই ভিডিঅ’টো ভাইৰেল হৈ পৰা দেখা গৈছে। ভিডিঅ’টোত এজন স্কুবা ডাইভাৰক পানীৰ মাজৰ পৰা ওপৰলৈ সহায়কে উঠাই অনা দেখা গৈছে। স্বাস-প্ৰস্বাসত কষ্ট পোৱা সেই ডাইভাৰজনক জুবিন গাৰ্গ বুলি দাবী কৰা হৈছে আমাৰ দৃষ্টিগোচৰ হোৱা ফেচবুক পোষ্টসমূহত।


কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি একাধিক লিংক লাভ কৰিলোঁ। চীনা ভাষাৰ কেপছন তথা ভয়ছ ওভাৰ থকা এটা ইউটিউৱ ভিডিঅ’ আমি পালোঁ। ভিডিঅ’টোত আন কেইবাটাও দৃশ্যৰ লগতে ভাইৰেল হোৱা দৃশ্যটোও আছে। ভিডিঅ’টো আপলোড কৰা হৈছিল যোৱা ৮ আগষ্ট ২০২৫ত। অৰ্থাত জুবিন গাৰ্গৰ দেহাৱসান ঘটাৰ এমাহতকৈয়ো কিছুদিন আগতেই। এই কথাই প্ৰমাণ কৰে যে সেইটো ১৯ চেপ্তেম্বৰ ২০২৫ অৰ্থাত যিটো দিনত সাগৰত জুবিন গাৰ্গৰ দেহাৱসান ঘটিছে,সেই দিনটোৰ ভিডিঅ” হ’ব নোৱাৰে। ভিডিঅ’টোত থকা চীনা ভাষাৰ কেপছনটোৰ অৰ্থ হৈছে- অকলে ডাইভিং কৰিবলৈ নাযাব।

অনুসন্ধানত আমি যোৱা ১৯ জুলাই ২০২৫ অৰ্থাত জুবিন গাৰ্গৰ দেহাৱসানৰ ঠিক দুমাহ আগতে একেটা ভিডিঅ’ ইউটিউৱত আপলোড কৰা দেখিলোঁ। ভিডিঅ’টোৰ বৰ্ণনাত লিখা আছিল-He Couldn’t Breathe in 78 Meters Deep, and This Happened! When this man was coming up from 78 m deep in the sea, he ran out of breath and lost control after a few minutes. But he was incredibly lucky. Trained divers were watching over him. They pushed him to the surface and held his mouth to prevent water from entering. He was unconscious for a few seconds until he regained consciousness and they saved his (৭৮ মিটাৰ গভীৰতাত তেওঁ উশাহ ল’ব নোৱাৰিলে, আৰু এইটো ঘটিল! এই মানুহজন যেতিয়া সাগৰৰ ৭৮ মিটাৰ গভীৰতাৰ পৰা ওপৰলৈ আহি আছিল, তেতিয়া তেওঁৰ উশাহ বন্ধ হৈ গৈছিল আৰু কেইমিনিটমানৰ পাছত তেওঁৰ নিয়ন্ত্ৰণ হেৰুৱাইছিল। কিন্তু তেওঁ অবিশ্বাস্যভাৱে ভাগ্যৱান আছিল। প্ৰশিক্ষিত ডুবাৰুৱে তেওঁৰ ওপৰত চকু ৰাখিছিল। পানী সোমাব নোৱাৰাকৈয়ে তেওঁক ঠেলি দি মুখখন ধৰি ৰাখিলে। কেইছেকেণ্ডমান তেওঁ অচেতন হৈ আছিল আৰু তেওঁলোকে তেওঁক বচালে)

কেৱল ইমানেই নহয়। আজিৰ পৰা তিনি মাহ পূৰ্বেই একেটা ভিডিঅ’ DAILYMOTIONতো আপলোড কৰা হৈছিল। তাত বৰ্ণনাত এইদৰে লিখা হৈছিল- A terrifying moment as a professional diver loses consciousness after diving to a depth of 78 meters. The deep dive took a dangerous turn as the diver blacked out during ascent, prompting an urgent rescue by the safety team. Thankfully, quick action prevented a tragedy. Watch the intense footage and see how close this came to disaster.(৭৮ মিটাৰ গভীৰতালৈ ডুব যোৱাৰ পিছত এজন পেছাদাৰী ডুবাৰুৱে চেতনা হেৰুৱাই পেলোৱাৰ এক ভয়ংকৰ মুহূৰ্ত। আৰোহণৰ সময়ত ডাইভাৰজনে ব্লেক আউট হোৱাৰ ফলত ডিপ ডাইভে বিপদজনক ৰূপ ধাৰণ কৰে, যাৰ ফলত নিৰাপত্তাৰক্ষী দলটোৱে জৰুৰী উদ্ধাৰৰ সূচনা কৰে। ধন্যবাদৰ পাত্ৰ যে দ্ৰুত পদক্ষেপে এটা ট্ৰেজেডী ৰোধ কৰিলে। ভয়ংকৰ দৃশ্য চাওক আৰু চাওক তেওঁ দুৰ্যোগৰ কিমান ওচৰ চাপিছিল।)

ইয়াৰ পৰাই নিশ্চিত হৈছোঁ যে এই ভিডিঅ’টো জুবিন গাৰ্গৰ দেহাৱসানৰ তিনি মাহ পূৰ্বৰে পৰা ইণ্টাৰনেটত উপলব্ধ। কোনো এজন পেছাদাৰী ডুবাৰুৱে সাগৰগৰ্ভত নিয়ন্ত্ৰণ হেৰুৱাই বিপদৰ সমুখিন হোৱাৰ সময়ত তেওঁক উদ্ধাৰ কৰাৰ সময়ৰ সেই দৃশ্যটোকে জুবিন গাৰ্গৰ দেহাৱসানৰ লগে লগে একাংশই সামাজিক মাধ্যমত ভাইৰেল কৰি দিছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। এই ভিডিঅ’টো জুবিন গাৰ্গৰ দেহাৱসানৰ তিনি মাহ পূৰ্বৰে পৰা ইণ্টাৰনেটত উপলব্ধ। কোনো এজন পেছাদাৰী ডুবাৰুৱে সাগৰগৰ্ভত নিয়ন্ত্ৰণ হেৰুৱাই বিপদৰ সমুখিন হোৱাৰ সময়ত তেওঁক উদ্ধাৰ কৰাৰ সময়ৰ সেই দৃশ্যটোকে জুবিন গাৰ্গৰ দেহাৱসানৰ লগে লগে একাংশই সামাজিক মাধ্যমত ভাইৰেল কৰি দিছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এইগৰাকী জুবিন গাৰ্গ নহয়। এইটো অন্য কোনো ডুবাৰুৰ তিনিমাহ পুৰণি দৃশ্য।
Fact Check By: Pranjal SharmaResult: False
