
শেহতীয়াভাবে অসমৰ একাংশ ফেচবুক পেজ তথা ব্যৱহাৰকাৰীয়ে পাকিস্তানৰ বেলুছ লিবাৰেছন আৰ্মীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ কৰা ঘটনাটোৰ সৈতে সংগতি কৰি এটা ভিডিঅ’ আপলোড কৰিছে। ভিডিঅ’টোত এখন চলন্ত ৰেলৰ সমীপতে বিস্ফোৰণ ঘটা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া জাফৰ এক্সপ্ৰেছ অপহৰণ সময়ত বেলুছ লিবাৰেছন আৰ্মীয়ে চলোৱা বিস্ফোৰণৰ দৃশ্য। প্ৰথম পোষ্টটো তলত দেখুওৱা হৈছে।
আনফালে এগৰাকী ব্যৱহাৰকাৰীয়ে সেই পাকিস্তানৰ ৰেল অপহৰণৰ বিষয়ে পোষ্ট এটা দি দুটা ভিডিঅ’ আৰু এখন ফটো আপলোড কৰে। তাতো এই ভিডিঅ”টো ব্যৱহাৰ কৰি সেয়া বালুচ লিবাৰেছন আৰ্মীৰ শেহতীয়া ৰেল অপহৰণ বুলি দাবী কৰিছে।
আনফালে আন এক ফেচবুক পেজত পাকিস্তানৰ শেহতীয়া ৰেল অপহৰণৰ বিষয়ে সবিস্তাৰে লিখি এটা ভিডিঅ’ আপলোড কৰা হৈছে। তাৰো প্ৰথম ১৮ চেকেণ্ডলৈকে এই ভিডিঅ’টো ব্যৱহাৰ কৰা হৈছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া আমি এক্স পোষ্ট আৰু অন্য বাতৰিৰ একাধিক লিংক লাভ কৰিলোঁ। ২০২২ চনৰ ১৫ এপ্ৰিলত এস্কত পোষ্ট কৰা এটা টুইট পালোঁ। সেই টুইটটোত এই ভিডিঅ’টো আপলোড কৰা আছিল। টুইটটোত লিখা আছিলঃ BLA has released footage of an IED attack on Train carrying FC(Frontier Corps) near Sibbi, Balochistan. (বালুচিস্তানৰ চিবিৰ সমীপত ফ্ৰণ্টিয়াৰ কৰ্পছক কঢ়িয়াই লৈ গৈ থকা এখন ৰেলত আইইডিৰে আক্ৰমণ কৰা এটা দৃশ্য বিএলএই মুকলি কৰি দিছে)
এটা ৱেবছাইটত ২০২২চনত বিচ্ছিন্নতাবাদী সংগঠনে ৰেল আইইডি বিষ্ফোৰণেৰে ৰেল বগৰাই দিয়া বাতৰিটো পালোঁ। তাত সেই ভিডিঅ”টো ব্যৱহাৰ কৰা আমি দেখিলোঁ।
ইফালে ২০২২চনত এটা সংবাদ প্ৰতিস্থানে বেলুছিস্তান সম্পৰ্কে প্ৰস্তুত কৰা এটা ভিডিঅ’ত এই দৃশ্যাংশটো ব্যৱহাৰ কৰা আমি দেখিলোঁ। সেই টুইটটো ইয়াত চাব পাৰিব।
ইয়াৰ পৰাই আমি নিশ্চিত হওঁ যে সেই ভিডিঅ’টো এতিয়াৰ অথবা শেহতীয়া ৰেল অপহৰণৰ সময়ৰ নহয়, বৰং ২০২২ চনৰে। বেলুছিস্তানৰ চিবিৰ সমীপত বিএলএই আইইডি বিস্ফোৰণ কৰি ৰেল আক্ৰমণ কৰা ঘটনাৰ সৈতে সংগতি ৰাখি আমি প্ৰাসংগিক শব্দৰে কী-ৱৰ্ড ছাৰ্চ কৰোতে ঘটনাটো সন্দৰ্ভত একাধিক বাতৰি লাভ কৰিলোঁ। এএনআইয়ে ২০২২ চনত পৰিবেশন কৰা বাতৰিত আমি সেই ঘটনাটো সন্দৰ্ভত তথ্য লাভ কৰিলোঁ।
বিজনেছ ষ্টেণ্ডাৰ্ডেও ২০২২চনত সেই একেটা ঘটনাৰ বাতৰি পৰিবেশন কৰিছিল।
এই তথ্যসমুহৰ পৰা নিশ্চিত হৈছোঁ যে ২০২২ চনত বেলুছ লিবাৰেছন আৰ্মীয়ে বেলুছিস্তানৰ চিবিত আইইডি বিস্ফোৰণ ঘটাই ৰেল আক্ৰমণ কৰা দৃশ্যটোকে শেহতীয়া ৰেল অপহৰণৰ দৃশ্য বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ২০২২ চনত বেলুছ লিবাৰেছন আৰ্মীয়ে বেলুছিস্তানৰ চিবিত আইইডি বিস্ফোৰণ ঘটাই ৰেল আক্ৰমণ কৰা দৃশ্যটোকে শেহতীয়া ৰেল অপহৰণৰ দৃশ্য বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২২ চনত বেলুছ লিবাৰেছন আৰ্মীয়ে বেলুছিস্তানৰ চিবিত আইইডি বিস্ফোৰণ ঘটাই ৰেল আক্ৰমণ কৰা দৃশ্যটোকে শেহতীয়া জাফৰ এক্সপ্ৰেছ অপহৰণৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False
