Arma 3 নামৰ ভিডিঅ’গেমৰ দৃশ্যকে পাকিস্তানৰ বিমান ধ্বংস বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।    

False Social

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তানৰ যুদ্ধবিমান আক্ৰমণ কৰি বগৰাই দিয়া দৃশ্য সেয়া।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd4eDrtA7wfeIYEgTntxZeRofmgaNAickWmRnQ2S5GYJVRzzj15cL2FGTgHIRADO-x9iJcWC5YPfsPeRpuX3yS7j7DrgbVpREEc-sqcGaB10DPqVSE2qvXKD0mIzgNYWV1mYHt3rQ?key=l_R0ZD02Mad-R6DW61gAWw

Facebook Link Archived Link

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdCrd3OIFJqvEJbqif-VkEXdFBp_EEHjdCbGLBxK0GBALydM-jA0rO-v2PNDzKqAZW7teByRsM2E1qn4R9rcNn4L4Hv6jMALeR-eBuH5Oy-P6xAS5GpqbgU48SI2I_sibuV1tKNaQ?key=l_R0ZD02Mad-R6DW61gAWw

Facebook Link Archived Link

অনুৰূপ পোষ্ট ইয়াতো চাব পাৰিব।

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া 

আমি বহুকেইটা ইউটিউৱ ভিডিঅ’ লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। ২০২১ চনৰ ১ জানুৱাৰীত ইউটিউৱত আপলোড কৰা এটা ভিডিঅ’ পালোঁ য’ত ভাইৰেল হোৱা দৃশ্যাংশৰ সম্পূৰ্ণ ভিডিঅ’টো আছিল। কেপছনত লিখা আছিল এইবুলি-“A-10 Warthog vs Anti-Air Tank – Missiles and Tracers firing – GAU-8 Avenger – ArmA 3  Simulation”

২০২৩ চনৰ ১৫ জুলাইত ইউটিউৱত আপলোড কৰা একেধৰণৰ ভিডিঅ’ এটাও আমি পালোঁ। তাত কেপছন লিখা আছিল এইদৰে- “A-10 Warthog Shot Down by Anti-Air Tank firing Missile – Tracer – Military Simulation – ArmA 3”

২০২২ চনৰ ২০ নৱেম্বৰত ইউটিউৱত আপলোড কৰা Arma 3 নামৰ ভিডিঅ’ গেমটোৰ দৃশ্যও আমি পালোঁ।

ইয়েই প্ৰমাণ কৰে যে যিটো দৃশ্য পাকিস্তানৰ যুদ্ধবিমান ধ্বংস কৰা দৃশ্য বুলি ভাইৰেল কৰা হৈছে,সেয়া আচলতে Arma 3 নামৰ এটা চিমুলেছন গেমৰ দৃশ্যাংশহে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো দৃশ্য পাকিস্তানৰ যুদ্ধবিমান ধ্বংস কৰা দৃশ্য বুলি ভাইৰেল কৰা হৈছে,সেয়া আচলতে Arma 3 নামৰ এটা চিমুলেছন গেমৰ দৃশ্যাংশহে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:Arma 3 নামৰ ভিডিঅ’গেমৰ দৃশ্যকে পাকিস্তানৰ বিমান ধ্বংস বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *