
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তানলৈ যোৱা পানী বন্ধ কৰি দিয়াৰ পাছত পাকিস্তানৰ নাগৰিকৰ মাজত পানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভিডিঅ’টোত দেখা গৈছে যে একাংশ পুৰুষ-মহিলাই হাতে হাতে পাত্ৰ লৈ কোনো সামগ্ৰীৰ বাবে হাহাকাৰ কৰিছে। কন্দা কটা কৰিছে। সেই ভিডিঅ’টোৰে ব্যৱহাৰকাৰীয়ে সেয়া পাকিস্তানৰ শেহতীয়া পানীৰ অভাৱৰ পৰিস্থিতি বুলি দাবী কৰিছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেম কিছুমান লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ফেচবুক পোষ্ট পালোঁ, য’ত ২০২৪ চনৰ ২৮ ডিচেম্বৰত ভাইৰেল ভিডিঅ’টো আপলোড কৰা হৈছিল।কেপছন অনুসৰি ভিডিঅ’টোত গাজাৰ এক পৰিস্থিতি দেখা গৈছে। দেখা গৈছে যে তাত মহিলা, শিশু আদিয়ে খাদ্যৰ বাবে অপেক্ষা কৰি আছে।
এই সূত্ৰৰ আঁত ধৰি আমি প্ৰাসংগিক শব্দেৰে কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ। তাৰ ফলত ২০২৪ চনৰ ২৭ ডিচেম্বৰত নিউয়ৰ্ক পোষ্টৰ ইউটিউব চেনেলত আপলোড কৰা একেধৰণৰ ভিডিঅ’ এটা পালোঁ। বৰ্ণনা অনুসৰি ভিডিঅ’টোত দেখা গৈছে যে পেলেষ্টাইনীসকলে খাদ্যৰ বাবে শাৰী পাতি অপেক্ষা কৰি আছে।
আমি একেটা ভাইৰেল ভিডিঅ’কে এটা ফেচবুক পেজতো পালোঁ। পোষ্টটোত দিয়া তথ্য অনুসৰি এই ভিডিঅ’টো গাজা ষ্ট্ৰিপৰ।
আমি ভিডিঅ’টোৰ তলত ড’আ আলবাজ(Doaa Albaz) নামটো আৰু ওপৰৰ বাওঁফালৰ চুকত আল জাজিৰাৰ ল’গ’টো লক্ষ্য কৰিলোঁ।
তাৰেই আঁত ধৰি আমি প্ৰাসংগিক শব্দেৰে কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি গাজা ষ্ট্ৰিপৰ পেলেষ্টাইনী সাংবাদিক ড’আ আলবাজ(Doaa Albaz)ৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো পালোঁ। তাত ২০২৪ চনৰ ২৭ ডিচেম্বৰত ভাইৰেল ভিডিঅ’টো আপলোড কৰা হৈছিল।ভিডিঅ’ৰ ক্ৰেডিট ড’আ আলবাজক দিয়া হৈছিল।
একেটা প্ৰফাইলৰে আন এটা পোষ্টত আমি ভাইৰেল ভিডিঅ’টোৰ দৃশ্যৰ লগত মিল থকা অন্য কিছুমান ছবি পালোঁ। কেপছন অনুসৰি ভিডিঅ’টোত গাজাৰ শিশুসকলে জীয়াই থকাৰ বাবে সংগ্ৰাম কৰি থকা দেখা গৈছে।
এইখিনি তথ্য প্ৰমাণৰ পৰা আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ’ পাকিস্তানীৰ শেহতীয়া পৰিস্থিতিৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে গাজাৰহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানৰ পৰা ক’ব পাৰোঁ যে দাবীটো মিছা। পানীৰ অভাৱত পাকিস্তানৰ নাগৰিকৰ শেহতীয়া পৰিস্থিতি বুলি দাবী কৰা ভিডিঅ’টো প্ৰকৃততে গাজাৰ এটা পুৰণি ভিডিঅ’।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:যুদ্ধবিদ্ধস্ত গাজাৰ পুৰণি দৃশ্যকে পানীৰ অভাৱত পৰা পাকিস্তানী নাগৰিকৰ শেহতীয়া পৰিস্থিতি বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
