
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণে শেহতীয়াকৈ ইজৰাইলৰ ওপৰত মিছাইলেৰে কৰা আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে- ইৰাণৰ মিছাইলত ছাৰখাৰ ইজৰাইল! ব্যাপক ক্ষয়-ক্ষতি। ইৰাণৰ মিছাইলৰ ভয়ংকৰ পৰিণতি। ইজৰাইলৰ বিভিন্ন প্ৰান্তত এতিয়া কেৱল ধ্বংসৰ চিন। ইৰাণৰ এই বিধ্বংসী আক্ৰমণৰ পাছত মধ্য-প্ৰাচ্যৰ যুদ্ধই কোন দিশে গতি কৰিব?

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই ভিডিঅ’টো ২০২৫ৰ ২৪ আগষ্টত এটা ফেচবুক একাউণ্টত আপলোড হৈ থকা দেখিলোঁ। তাত লিখা আছিল- Urgent: The Yemeni capital, Sana’a, is under heavy bombardment by Israel! (য়েমেনৰ ৰাজধানী চানা ইজৰাইলৰ ভয়ংকৰ বোমাবৰ্ষণৰ কৱলত।)

ইয়াৰ পাছত সেই একেটা ভিডিঅ’ কিছু দীঘলকৈ আমি আন এটা ফেচবুক একাউণ্টত ২৩ চেপ্টেম্বৰ ২০২৫ত আপলোড কৰি থোৱা দেখিলোঁ। তাত আমি আট্টালিকাটোত এখন নাম ফলক দেখিলোঁ। লগতে এটা টিকটক একাউণ্টৰ ৱাটাৰমাৰ্ক দেখিলোঁ।

আমাৰ দেশত টিকটক নিষিদ্ধ হৈ থকাৰ বাবে আমি আমাৰ শ্ৰীলংকাৰ সহকৰ্মীৰ সহায়ত সেই টিকটক একাউণ্টটোৰ সন্ধান কৰিলোঁ আৰু সেই ভিডিঅ’টোক স্পষ্ট স্ক্ৰীণশ্বট লাভ কৰিলোঁ।

অট্টালিকাটোত থকা নামফলকখন আমি গুগল লেন্সৰ সহায়ত পৰীক্ষা কৰি তাত আজাবান মডেল স্কুল বুলি লিখা বুলি জানিব পাৰিলোঁ। সেই বিদ্যালয়খন য়েমেনৰ ৰাজধানী চানাত অৱস্থিত বুলি আমি জানিব পাৰিলোঁ। সেই মৰ্মে আমি সন্ধান কৰোতে সেই অট্টালিকাটোৰ ফটোৰে সৈতে এটা ফেচবুক পোষ্ট লাভ কৰিলোঁ। ২০২৫ৰ ১১ নৱেম্বৰত কৰা সেই পোষ্টটোত আৰৱীত লিখা কথাখিনিৰ অৰ্থ হৈছে- আজাবান মডেল স্কুল – দান আৰু পূন্যৰ বাবে প্ৰসিদ্ধ। আজাবান আদৰ্শ বিদ্যালয়খন ছাত্ৰ-ছাত্ৰীৰ মনত দান আৰু সহযোগিতাৰ মূল্যবোধৰ বীজ সিঁচি দিয়াৰ ক্ষেত্ৰত অনুসৰণ কৰিবলগীয়া এক আদৰ্শ। বিদ্যালয় কেৱল শিক্ষাৰ স্থলেই নহয়, ই মানৱতা আৰু দানৰ আদৰ্শৰো থলী। সামাজিক দায়বদ্ধতাৰ মনোভাৱক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে আৰ্তজনৰ পৰিয়ালক সহায়ৰ বাবে ধন সংগ্ৰহ, জিলা আৰু বিদ্যালয়ত চাফাই অভিযানৰ আয়োজন, চিকিৎসালয় আৰু অনাথ আশ্ৰমলৈ মানৱীয় ভ্ৰমণ আদি কেইবাটাও দাতব্য পদক্ষেপৰ সৈতে জড়িত হৈ আছে। বিদ্যালয় প্ৰশাসনেও নিজৰ ছাত্ৰ-ছাত্ৰীৰ মনত স্বেচ্ছাসেৱী কামৰ মূল্য জগাই তোলাটো নিশ্চিত কৰিছে। সজাগতা কাৰ্যসূচী আৰু ক্ষেত্ৰভিত্তিক কাম-কাজৰ জৰিয়তে ই দেখুৱাইছে যে বিজ্ঞান কেৱল সমাজৰ বাবে নৈতিকতা আৰু কৰ্মৰ দ্বাৰাহে সম্পূৰ্ণ হয়। এই প্ৰচেষ্টাসমূহৰ বাবেই আজাবান মডেল স্কুল বৈজ্ঞানিক উৎকৰ্ষ আৰু আন্তৰিক মানৱতাৰ সংমিশ্ৰণ ঘটোৱা এক সন্মানীয় আৰ্হিত পৰিণত হৈছে আৰু এটা স্পষ্ট বাৰ্তা যে দাতব্য আৰু দানেই হৈছে নিজৰ দেশ আৰু সম্প্ৰদায়ক সচেতন আৰু ভালপোৱা এটা প্ৰজন্ম গঢ়ি তোলাৰ পথ।

আমি এই ফেচবুক পোষ্টত পোৱা অট্টালিকাৰ ফটোখন আৰু সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোত দেখা অট্টালিকাটোৰ তুলনা কৰি দেখিলোঁ যে সেয়া একেটাই অট্টালিকা। অৰ্থাত সেয়া য়েমেনৰ ৰাজধানী চানাত থকা আজাবান মডেল স্কুল। তলত সেই তুলনা চাব পাৰিব।

য়েমেনৰ চানাৰ ওপৰত ইজৰাইলৰ আক্ৰমণৰ সন্দৰ্ভত সন্ধান কৰোতে আমি Israel Defense Forces ৰ এটা টুইট পালোঁ। ২৪ আগষ্ট ২০২৫ত দিয়া সেই টুইটটোত লিখা হৈছে- STRUCK: Multiple military targets belonging to the Houthi terrorist regime in Sanaa, Yemen, including a military site in which the presidency palace is located, the Adar and Hizaz power plants, and a site for storing fuel—all used for the military activity of the Houthi regime. These strikes were carried out in response to repeated Houthi attacks on Israel with missiles and UAVs. The Houthis, backed by Iran, continue to exploit civilian infrastructure for terror purposes. (য়েমেনৰ ছানাত থকা হাউথী সন্ত্ৰাসবাদী শাসনৰ অন্তৰ্গত একাধিক সামৰিক স্থান, য’ত ৰাষ্ট্ৰপতিৰ ৰাজপ্ৰসাদ অৱস্থিত এটা সামৰিক স্থানৰ লগতে আদাৰ আৰু হিজাজ বিদ্যুৎ কেন্দ্ৰ আৰু ইন্ধন সংৰক্ষণৰ স্থান আদি এই সকলোবোৰ হাউথী শাসনৰ বিৰুদ্ধে সামৰিক কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হৈছে। ইজৰাইলৰ ওপৰত হাউথীয়ে বাৰে বাৰে ক্ষেপণাস্ত্ৰ আৰু ইউএভিৰ কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়াৰূপে এই আক্ৰমণ সংঘটিত হৈছিল। ইৰাণ সমৰ্থিত হাউথীয়ে সন্ত্ৰাসবাদৰ উদ্দেশ্যে অসামৰিক আন্তঃগাঁথনিৰ ওপৰত শোষণ অব্যাহত ৰাখিছে।)

ইয়াৰ পৰাই আমি নিশ্চিত হওঁ যে যে অসমৰ ফেচবুক পেজটোৱে কৰা দাবীটো মিছা। এয়া ইৰাণৰ মিছাইল আক্ৰমণ চাৰখাৰ হৈ যোৱা ইজৰাইলৰ দৃশ্য নহয়। বৰং এয়া ২০২৫ৰ আগষ্টত য়েমেনৰ ৰাজধানী চানাত ইজৰাইলে কৰা আক্ৰমণৰ দৃশ্যহে
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


