এয়া ইৰাণে ইজৰাইলৰ ওপৰত শ শ মিছাইলেৰে কৰা আক্ৰমণৰ দৃশ্য নহয়। 

Partly-False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণেশ শ মিছাইলেৰে ইজৰাইলৰ ওপৰত কৰা শেহতীয়া আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে-  শ শ মিছাইলেৰে ইজৰাইলত ভয়ংকৰ আঘাত ইৰানৰ। ২৮ ইজৰাইলীৰ জীৱন শেষ। সমগ্ৰ ইজৰাইলত জাৰি হাইএলাৰ্ট।

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

আমি দেখিলোঁ যে সেই ভিডিঅ’টোত তিনিটা ক্লিপ আছে অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ প্ৰথম ক্লিপটোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। 

তেতিয়া আমি ১ মাৰ্চ ২০২৬ত সেই দৃশ্যটোৰ এখন খণ্ডচিত্ৰ ফেচবুকত আপলোড কৰা দেখিলোঁ। তাত লিখা আছিল- BREAKING: Explosions in Dubai and Kuwait 

এইবাৰ আমি একেটা তাৰিখতে ফেচবুকৰ আন এটা পেজত সেই ক্লিপটো আপলোড কৰি থোৱা দেখিলোঁ। তাত লিখা আছিল-A major EXPLOSION has been reported at Dubai International Airport after an Iranian strike.

সেই বিস্ফোৰণ ডুবাইত হোৱা বুলি আমি কৰা ধাৰণাক স্পষ্টতা প্ৰদান কৰিলে ১মাৰ্চ ২০২৬ত এনডিটিভিয়ে প্ৰকাশ কৰা এটা ভিডিঅ’ বাতৰিয়ে। সেই বাতৰিত আমি ভিডিঅ’ ক্লিপটো দেখিলোঁ। তাত লিখা আছিল- Fresh Drone Strike In Dubai: Why Is Iran Attacking Dubai Explained.

সেয়া ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১ মাৰ্চ ২০২৬ত ইৰাণে কৰা ড্ৰোণ আক্ৰমণ বুলি নিশ্চিতি প্ৰদান কৰা বাতৰি আমি চিএনএনৰ বাতৰিত লাভ কৰিলোঁ। তাত আমি সেই দৃশ্যৰ খণ্ডচিত্ৰ লাভ কৰিলোঁ।

আন এক বাতৰিতো আমি সেই দৃশ্যটো ডুবাই বিমানবন্দৰত হোৱা আক্ৰমণৰ দৃশ্য বুলি প্ৰমাণ লাভ কৰিলোঁ। একেই বাতৰি ইয়াতো চাব পাৰিব।

ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে এই দৃশ্যটো ইজৰাইলৰ ওপৰত ইৰাণৰ মিছাইল আক্ৰমণ নহয়, এয়া ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ইৰাণৰ ড্ৰোণ আক্ৰমণৰ দৃশ্যহে। 

ইয়াৰ পাছত আমি ভিডিঅ’টোৰ দ্বিতীয় ক্লিপটোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। 

তেতিয়া আমি সেই দৃশ্যটো যোৱা ৬ মাৰ্চ ২০২৬ত ইউটিউৱত আপলোড কৰা দেখিলোঁ। তাত লিখা আছিল- Smoke Rising in Tehran Following Reported Strikes. Large plumes of smoke are seen rising in the distance around the central Azerbaijan district of Iran’s capital Tehran. 

১ মাৰ্চ ২০২৬ত আজটক প্ৰকাশ কৰা तेहरान के सीने पर वार, इजरायल ने चेतावनी देने के बाद बरसाईं ताबड़तोड़ मिसाइलें, देखें नए हमले का वीडियो শীৰ্ষক বাতৰিটোত সেই দৃশ্যটোৰ খণ্ডচিত্ৰ লাভ কৰিলোঁ। বাতৰিটো পঢ়ি জানিব পাৰিলোঁ যে সেয়া ইজৰাইলে ইৰাণৰ ৰাজধানী টেহৰাণৰ ওপৰত চলোৱা আক্ৰমণৰ দৃশ্য সেয়া। 

ইয়াৰ পৰাই জানিব পাৰিলোঁ যে সেয়া ইৰাণে ইজৰাইলৰ ওপৰত কৰা মিছাইল আক্ৰমণ নহয়, বৰং ইজৰাইলে ইৰাণৰ টেহৰাণৰ ওপৰত কৰা আক্ৰমণহে।

তাৰ পাছতেই আমি তৃতীয় ক্লিপটোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। 

তেতিয়া আমি ইনষ্টাগ্ৰামত ১ মাৰ্চ ২০২৬ত এই ক্লিপটো আপলোড কৰি সেয়া ডুবাইৰ শ্বাৰজাহ মলত হোৱা আক্ৰমণৰ দৃশ্য বুলি লিখি থোৱা দেখিলোঁ।

একেটা তাৰিখতে সেয়া ডুবাইৰ শ্বাৰজাহ মলৰ ওপৰত চলা আক্ৰমণৰ দৃশ্য বুলি ইনষ্টাগ্ৰামত আপলোড কৰি থোৱা দেখিলোঁ। 

ফেচবুক আৰু এক্সতো ১ মাৰ্চ ২০২৬ত সেয়া ডুবাইৰ শ্বাৰজাহ মলত হোৱা আক্ৰমণৰ দৃ্শ্য বুলি লিখি আপডলোড কৰা দেখিলোঁ। জিবিএন টুডে’ নামৰ সংবাদ প্ৰতিষ্ঠানৰ ইউটিউৱ চেনেলতো আমি সেয়া শ্বাৰজাহ মলত হোৱা আক্ৰমণৰ দৃশ্য বুলি আপলোড কৰা হৈছে। 

এই সমস্ত তথ্যই এই কথাকে প্ৰমাণ কৰে যে সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোত ব্যৱহৃত তিনিওটা ক্লিপৰ এটাও ইৰাণে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্য নহয়। এয়া তিনিটা ভিন্ন স্থানত হোৱা আক্ৰমণৰ দৃশ্যহে। দাবীটো মিছা। 

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: এয়া ইৰাণে ইজৰাইলৰ ওপৰত শ শ মিছাইলেৰে কৰা আক্ৰমণৰ দৃশ্য নহয়।

Fact Check By: Pranjal Sharma

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *