
শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰ’ৰ দৃশ্য।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু ২০২৩চনৰে পৰা ইণ্টাৰনেটত উপলব্ধ হৈ থকা সেই ভিডিঅ’টো বিভিন্ন সামাজিক মাধ্যম তথা সংবাদ মাধ্যমৰ ৱেবছাইটত বাতৰিৰে সৈতে লাভ কৰিলোঁ।
এক্সত এটা টুইটত আমি সেই ভিডিঅ’টো পালোঁ। ২০২৩ চনৰ ২৩ অক্টোবৰত পোষ্ট কৰা টুইটটোত উল্লেখ কৰা হৈছে যে সেয়া গাজাৰ ওপৰত ইজৰাইলে কৰা এক আক্ৰমণৰ দৃশ্য।
আনহাতে ২০২৩ চনৰ ১৩ অক্টোবৰত এই ভিডিঅ’টো আপলোড কৰা হৈছিল এটা ইউটিউৱ চেনেলত।
তেনেকুৱা আন এক ইউটিউব ভিডিঅ’ ইয়াত চাবলৈ পাৰিব।
তদুপৰি আমি এই ভিডিঅ’টোৰ দৃশ্যাংশ থকা বাতৰিও লাভ কৰিলোঁ। তাত উল্লেখ আছে যে এয়া গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ। ২০২৩ চনৰ ১৩ অক্টোবৰত প্ৰকাশ হোৱা তেনেকুৱা এটা বাতৰি ইয়াত চাব পাৰিব।
সেই সময়ত অৰ্থাৎ ২০২৩চনৰে ৩০ অক্টোবৰত এক পাৰ্চী সংবাদ মাধ্যমতো এই ভিডিঅ’টো গাজাৰ ওপৰত চলা আক্ৰমণ বুলি কোৱা হৈছে।
ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে সেই ভিডিঅ’টো অপাৰেচন সিন্দূৰৰ নহয়। বৰঞ্চ সেইটো ২০২৩চনত গাজাৰ ওপৰত ইজৰাইলে চলোৱা আক্ৰমণ এক দৃশ্যহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। ২০২৩ৰ অক্টোবৰত গাজাৰ ওপৰত চলা ইজৰাইলৰ আক্ৰমণৰ দৃশ্যক অপাৰেচন সিন্দূৰৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২৩চনত গাজাৰ ওপৰত চলা আক্ৰমণৰ দৃশ্যকে ‘অপাৰেচন সিন্দূৰ’ৰ দৃশ্য বুলি প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
