যোৱা এপ্ৰিল মাহৰ গাজাৰ এটা দৃশ্য পাকিস্তানৰ বুলি মিছাকৈ প্ৰচাৰ।

False Social

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া অপাৰেচন সিন্দূৰৰ পাছত আক্ৰন্ত পাকিস্তানৰ দৃশ্য। দৃশ্যটোত দেখা যায়,এক যুদ্ধবিধ্বস্ত অঞ্চলত বহুলোকে ইফালে সিফালে দৌৰা-ধপৰা কৰি ফুৰিছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeVp4s7ha26460tzzLtS7TzHjRQ9wHoK_w_if4taF9J2BU8jl5FfZx61M2ERRb-gf7WZ3HeiEU4dzkYd6gQxuELPOXU8QNxFLkTlj9ckpxr1-KZF7z6amR-L0oerVcUcAH0k1zN?key=59k1f_fxzyFr6epI95sE0g

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া 

আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। চলিত বৰ্ষৰ ২০ এপ্ৰিলত ফেচবুকত এই ভিডিঅ’টো আপলোড কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে তুৰ্কীৰ ভাষাত লিখা কেপচনটোৰ ভাবাৰ্থ হৈছে-ক’ত আছা মুছলমানসকল? য’তেই পলাই যায় তাতেই বোমা পৰি আছে আৰু বিশ্ব আজি নিমাত। মুছলমানসকল নিমাত।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdWg_BLoYG2TByo9qyAh4Ui09wQBvePTiX5BvtoEgHya-YgpLnX4mY9MIwFoPLoAYU3mdGlFJBu--84tCSw6QSN1AvfPy7NQsi1WJDhwlSw4g8CEe0N7QhTc6jx93P9NzJziD8PHg?key=59k1f_fxzyFr6epI95sE0g

ওপৰোক্ত ফেচবুক পোষ্টটোকে ধৰি আমি ইনষ্টাগ্ৰামতো এই ভিডিঅ’টো আপলোড কৰি যিবোৰ পোষ্ট কৰা হৈছে, সেই আটাইবোৰেই ৬মে’ৰ অপাৰেচন সিন্দূৰৰ আগৰ পোষ্ট। সেই কথাই প্ৰমাণ কৰে যে ভিডিঅ’টো অপাৰেচন সিন্দূৰৰ সময়ৰ বা তাৰ পাছৰ নহয়। ইনষ্টাগ্ৰামত ক্ৰমে যোৱা ১৪ এপ্ৰিল আৰু ১৫ এপ্ৰিলত এই ভিডিঅ’টো দুটা ভিন্ন হেণ্ডেলৰ পৰা আপলোড কৰা হৈছিল।  

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfQBOl3LMU4ZsQh6i9PlUnI86x0x9Y1llkm64UlEZl1LYYguHwh587uDzlnVokEP6p7eDzQX6Fx-GHLOLiZuJY5jPsMRqCwCRx_RZrEqsB1k-Gk4LMT2ILtIE1rjWn3LjZ7j0II3A?key=59k1f_fxzyFr6epI95sE0g

এই ভিডিঅ’টোত আমি টেক্সট ওভাৰলে’ কৰা gaza_news30 বুলি লিখা দেখিলোঁ। তাৰ পৰাই আমি অনুমান কৰিলোঁ যে দৃশ্যটো গাজাৰ। তদুপৰি ভিডিঅ’টোত আমি Nour alzaharna বুলি এটা ৱাটাৰমাৰ্কো পালোঁ। আমাৰ পৰৱৰ্তী অনুসন্ধান এই নুৰ আলজাহাৰ্ণাৰ সন্ধানৰ ক্ষেত্ৰত আগবঢ়াই ইনষ্টাগ্ৰামতে আমি তেওঁৰ হেণ্ডেলটো পাবলৈ সক্ষম হ’লোঁ। তাত তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে যে তেওঁ গাজাৰ এগৰাকী শিল্পী। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeWT5c6WmjZpsyqrSJCWz7GeXtgDRq88VYcRkUaMmLtawPV1HJy8xr9SjqZsDcHcuaYmB88orM_708FgdF29He0z1podgFSY7TSSW7dmjSFAvO6y7Mw_wmCD3YvfwbcIA6pZ-QjsA?key=59k1f_fxzyFr6epI95sE0g

তেওঁৰ সেই ইনষ্টাগ্ৰাম হেণ্ডেলটো পৰীক্ষা কৰোতে আমি মূল ভিডিঅ’টো লাভ কৰিলোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfJz6LCXfB_9jXLQfE1cy__i8RCrN23qQK0lzcOxiU9G2zPp6G0yluRATKvQxrAjSuytRvB3ygG_Wyn-Lm2pKbiHSVVgPHv9qrs-HtK_DMjpbpr5JIKjPOhZ466HgAy2X5HMVjoaA?key=59k1f_fxzyFr6epI95sE0g

যোৱা ৪ এপ্ৰিলত গাজা নিবাসী যুদ্ধাক্ৰান্ত নুৰ আলজাহাৰ্ণাই ৰাইজৰ সহায় বিচাৰি সেই ভিডিঅ’টো পোষ্ট কৰিছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcfAb80x1q2em8PkjFr6XDjeYQyYoJ7d00SiQpYVO8IsZcwVl-L-gY3ODa6lA71MV_nT42IepzbdEXcGKWF8-oKpeIn-7an26JBuQLTJfV54JQZ55whX7eaQl41IXioem1zIymLWg?key=59k1f_fxzyFr6epI95sE0g

ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে যিটো ভিডিঅ’ অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তানৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে যোৱা এপ্ৰিলৰ যুদ্ধবিধ্বস্ত গাজাৰ দৃশ্যহে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো ভিডিঅ’ অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তানৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে যোৱা এপ্ৰিলৰ যুদ্ধবিধ্বস্ত গাজাৰ দৃশ্যহে।   

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title: যোৱা এপ্ৰিল মাহৰ গাজাৰ এটা দৃশ্য পাকিস্তানৰ বুলি মিছাকৈ প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *