
শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া অপাৰেচন সিন্দূৰৰ পাছত আক্ৰন্ত পাকিস্তানৰ দৃশ্য।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া
আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। আমি সেই ভিডিঅ’টো ইনষ্টাগ্ৰামৰ কেইবাটাও হেণ্ডেলৰ লগতে ফেচবুক আৰু ইউটিউৱতো পালোঁ। আটাইকেইটা পোষ্টেই ৬মে ২০২৫ত ভাৰতে আৰম্ভ কৰা অপাৰেচন সিন্দূৰৰ আগৰ। প্ৰথম ইনষ্টাগ্ৰাম পোষ্টটো ১১এপ্ৰিল,২০২৫ৰ।
আমি লাভ কৰা দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ ইনষ্টাগ্ৰাম পোষ্টকেইটা ক্ৰমে ৬এপ্ৰিল ২০২৫, ২৩ মাৰ্চ,২০২৫ আৰু ১৩ ফেব্ৰুৱাৰী ২০২৫ ত কৰা হৈছিল।
একেটা ভিডিঅ’ ২৫মাৰ্চ,২০২৫ত এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ৰীল হিচাপে আপলোড কৰা আমি দেখিলোঁ।
আনহাতে সেই ভিডিঅ’টোকে ২৪মাৰ্চ,২০২৫ত এটা ইউটিউৱ চেনেলতো আপলোড কৰা হৈছিল।
ভিডিঅ’টোৰ সৈতে ইনষ্টাগ্ৰাম,ফেচবুক,ইউটিউৱ আদিত লিখা হেশ্বটেগ বা অন্য বাক্যৰ পৰা আমি সেইটো পেলেষ্টাইনৰ গাজাৰ ভিডিঅ’ আৰু সেয়া অপাৰেচন সিন্দূৰৰ বহু আগৰ ভিডিঅ’ বুলি নিশ্চিত হ’লোঁ। সদৌ শেষত আমি ভিডিঅ’টোত থকা ৱাটাৰমাৰ্ক GAZAWOODৰ সন্ধান কৰিলোঁ আৰু গাজাউডৰ ইনষ্টাগ্ৰাম হেণ্ডেলত মূল ভিডিঅ’টো লাভ কৰিলোঁ। সেই ভিডিঅ’টোত আৰৱী ভাষাত টেক্সট ওভাৰলে’ কৰি লিখা কথাখিনিৰ ভাবাৰ্থ হৈছে ঈশ্বৰক ধন্যবাদ, নিৰাপত্তা আৰু মোৰ সন্তানকেইটাৰ জীৱন ৰক্ষাৰ বাবে ঈশ্বৰক ধন্যবাদ জনালোঁ। সেই মূল ভিডিঅ’টো গাজাউডৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ৮ অক্টোবৰ, ২০২৪ত আপলোড কৰা হৈছিল আৰু কেপচন লিখিছিল- The lucky guy just keeps surviving attack after attack. তাৰ পৰা আমি জানিব পাৰিলোঁ যে এটাৰ পাছত আনটো আক্ৰমণৰ পাছতো কোনোমতে প্ৰাণৰক্ষা হৈছিল সেইগৰাকী ব্যক্তি আৰু তেওঁৰ পৰিয়ালটোৰ।
ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে যিটো ভিডিঅ’ অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তানৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৪ চনত গাজাত চলি থকা আক্ৰমণৰ সময়ৰ দৃশ্যহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তানৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৪ চনত গাজাত চলি থকা আক্ৰমণৰ সময়ৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২৪চনৰ গাজাৰ এটা যুদ্ধাক্ৰান্ত পৰিয়ালৰ দৃশ্য পাকিস্তানৰ বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
