
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰা দেখা গৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এখন চহৰত শত সহস্ৰ লোকে একত্ৰিত হৈ সমদল কৰিছে আৰু প্ৰতিজনৰে হাতৰ মোবাইলৰ ফ্লেশ্বলাইট জ্বলোৱা আছে। ষ্ট্ৰীট লাইট বন্ধ হৈ থকা চহৰখনত মোবাইলৰ অযস্ৰ পোহৰে উজ্বলাই তুলিছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তাৰ ফলত আমি এই ভিডিঅ’টো একাধিক ইনষ্টাগ্ৰাম হেণ্ডেলত ১১,১২ আৰু ১৩ জানুৱাৰী ২০২৬ত পৰ্যায়ক্ৰমে আপলোড কৰা দেখা পালোঁ। sumyshoo নামৰ ইনষ্টাগ্ৰাম হেণ্ডেলটোত এই ভিডিঅ’টো AI Generated অথবা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট বুলি উল্লেখ কৰা হৈছে। লগতে লিখা হৈছে- All eyes on Iran. They turned off the street lights to hide the crowds — but the people lit up the night with their phones, proving they’re still there. This video is AI-created, inspired by tonight’s protests (Jan 10, 2026) in Tehran. (সকলোৰে চকু ইৰাণৰ ওপৰত। ভিৰ লুকুৱাবলৈ তেওঁলোকে ষ্ট্ৰীট লাইট বন্ধ কৰি দিলে — কিন্তু মানুহবোৰে নিজৰ ফোনেৰে ৰাতিটো পোহৰাই তুলিলে, প্ৰমাণ কৰিলে যে তেওঁলোক এতিয়াও আছে। এই ভিডিঅ’টো আজি নিশা (১০ জানুৱাৰী, ২০২৬) তেহৰাণত হোৱা প্ৰতিবাদৰ পৰা অনুপ্ৰাণিত হৈ এআইৰ দ্বাৰা নিৰ্মিত।)

aykirisanatt নামৰ হেণ্ডেলটোতো একেখিনি কথাকে উল্লেখ কৰা হৈছে। লগতে তাত ভিডিঅ’টোৰ সৌজন্য elnaz555 নামৰ হেণ্ডেল এটাক দিয়া আমি মন কৰিলোঁ।

tracyrectorart নামৰ হেণ্ডেলটোতো elnaz555 নামৰ হেণ্ডেলটোক এই ভিডিঅ’টোৰ সৌজন্য প্ৰদান কৰা আমি দেখিলোঁ।

tobiarayomi নামৰ হেণ্ডেলটোৱেও elnaz555 ক সৌজন্য দি ভিডিঅ’টো আপলোড কৰিছিল।

ইয়াৰে আঁত ধৰি আমি elnaz555 নামৰ হেণ্ডেলটোৰ সন্ধান কৰি জানিব পাৰিলোঁ যে সেইটো Elnaz Mansouri নামৰ এগৰাকী শিল্পীৰ ইনষ্টাগ্ৰাম হেণ্ডেল।তেওঁ iceland_university_of_the_arts ৰ পৰা চাৰু-কলা বিভাগৰ স্নাতকোত্তৰ আৰু যাদুকৰী বাস্তৱবাদৰ দ্বাৰা অনুপ্ৰাণিত এগৰাকী ভিন্নসুৰী শিল্পী বুলি তেওঁৰ হেণ্ডেলটোত উল্লেখ কৰি থোৱা আমি দেখিলোঁ।

তেওঁৰ হেণ্ডেলটোত আমি সেই মূল ভিডিঅ’টো ১১ জানুৱাৰী ২০২৫ত আপলোড কৰা আমি দেখিলোঁ। তাত তেওঁ লিখিছে- A digital tribute to the current protests happening in Iran. A video recently surfaced showing mass crowds in the dark streets of Tehran, turning on their cellphone lights after the government shut off street lighting to hide their numbers. That moment inspired me to recreate the scene through art using AI. This piece is not a replacement for reality! It’s a reflection of it, a way to help more people see what’s happening especially since the entire country is in a digital blackout for the last 4 days.
You can find the original video by searching “Iran Protests 2026” on IG. (ইৰাণত বৰ্তমান চলি থকা প্ৰতিবাদৰ প্ৰতি ডিজিটেল শ্ৰদ্ধাঞ্জলি। শেহতীয়াকৈ এটা ভিডিঅ’ ওলাইছে, য’ত দেখা গৈছে যে তেহৰাণৰ আন্ধাৰ ৰাজপথত জনগণৰ ভিৰ। চৰকাৰে জনতাৰ সংখ্যা লুকুৱাবলৈ ষ্ট্ৰীট লাইটিং বন্ধ কৰাৰ পাছত জনগণে চেলফোনৰ লাইট জ্বলাইছিল। সেই মুহূৰ্তটোৱে মোক এআই(AI) ব্যৱহাৰ কৰি শিল্পৰ জৰিয়তে দৃশ্যটো পুনৰ সৃষ্টি কৰিবলৈ অনুপ্ৰাণিত কৰিলে। দৃশ্যৰ এই টুকুৰাটো বাস্তৱৰ প্ৰতিস্থাপন নহয়! ই ইয়াৰ প্ৰতিফলনহে। বিশেষকৈ যিহেতু সমগ্ৰ দেশখন যোৱা ৪ দিন ধৰি ডিজিটেল ব্লেকআউটত আছে, সেয়েহে আৰু অধিক লোকক কি হৈ আছে সেয়া চাবলৈ সহায় কৰাৰ ই এক উপায়। ইনষ্টাগ্ৰামত “Iran Protests 2026” বুলি বিচাৰিলে মূল ভিডিঅ’টো বিচাৰি পাব।)

আমি ইনষ্টাগ্ৰামত “Iran Protests 2026” বুলি বিচাৰিলোঁ। তেতিয়া ১০ জানুৱাৰী ২০২৬ত তেহৰাণত হোৱা সেই প্ৰতিবাদৰ প্ৰকৃত দৃশ্যটো পালোঁ।

ইমানখিনি তথ্যৰ ভিত্তিত আমি এই সিদ্ধান্তত উপনীত হৈছোঁ যে যিটো ভিডিঅ’ ইৰাণৰ প্ৰতিবাদৰ প্ৰকৃত ভিডিঅ’ বুলি দাবী কৰি ভাইৰেল কৰা হৈছে, সেইটো প্ৰকৃততে প্ৰতিবাদদ্বাৰা অনুপ্ৰাণিত হৈ Elnaz Mansouri নামৰ এগৰাকী শিল্পীৰ দ্বাৰা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট অথবা AI Generated ভিডিঅ’হে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো বিভ্ৰান্তিকৰ। যিটো ভিডিঅ’ ইৰাণৰ প্ৰতিবাদৰ প্ৰকৃত ভিডিঅ’ বুলি দাবী কৰি ভাইৰেল কৰা হৈছে, সেইটো প্ৰকৃততে প্ৰতিবাদদ্বাৰা অনুপ্ৰাণিত হৈ Elnaz Mansouri নামৰ এগৰাকী শিল্পীৰ দ্বাৰা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট অথবা AI Generated ভিডিঅ’হে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:এই দৃশ্যটো AI Generated। ইৰাণৰ প্ৰকৃত প্ৰতিবাদৰ দ্বাৰা অনুপ্ৰাণিত হৈ ইয়াক সৃষ্টি কৰা হৈছিল।
Fact Check By: Pranjal SharmaResult: Misleading


