
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলে ইৰাণৰ ওপৰত মিছাইলেৰে কৰা শেহতীয়া ভয়ংকৰ আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। লিখিছে- ইৰাণৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। মধ্য-প্ৰাচ্যত তীব্ৰ উত্তেজনা। এই যুদ্ধই ল’ব নেকি ভয়ংকৰ ৰূপ? অধিক খবৰৰ বাবে চকু ৰাখক।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ফলত যোৱা ২০২৫ৰ ২১ জুনত ইনষ্টাগ্ৰামত এই ভিডিঅ’টো আপলোড কৰি থোৱা দেখিলোঁ। তাত হেশ্বটেগ দি ইৰাণ বুলি লিখি থোৱা আছিল।

একেটা ভিডিঅ’ ১৯ জুন ২০২৫ত এক্সত আপলোড কৰা হৈছিল। আন দুটা ভিডিঅ’ৰে সৈতে এই ভিডিঅ’টোও টুইটটোত সংলগ্ন আছিল। তাত লিখা আৰৱী কেপছনৰ অৰ্থ আছিল- তেল আভিভ জ্বলি আছে। ভগৱান মোৰ সাক্ষী যে ইৰানে তেওঁলোকৰ বাবে নিজৰ অংশ সৃষ্টি কৰিছে কৰিছে। হে ভগৱান। ইৰাণক গৌৰৱময় জয় প্ৰদান কৰক। আৰু ইজৰাইলক বৰ অপমানেৰে পৰাস্ত কৰক।

আমি ১৫ জুন ২০২৫ত ফেচবুকত এই ভিডিঅ’টো আপলোড কৰি থোৱা দেখিলোঁ।

ইয়াৰ পৰাই আমি নিশ্চিত হওঁ যে এই ভিডিঅ’টো ২০২৫ৰ জুন মাহৰ। এই ভিডিঅ’টোৰ সৈতে ইৰাণ আৰু ইজৰাইলৰ সেই সময়ৰ যুদ্ধৰ সম্পৰ্ক আছে বুলি আমি নিশ্চিত হ’লোঁ।
ইয়াৰ ভিত্তিত আধিক সন্ধান কৰোতে আমি কেইটামান বাতৰি পালোঁ। তাত ইয়াৰ স্ক্ৰীণশ্বট ব্যৱহাৰ কৰা হৈছিল।
২০২৫ৰ ১৫ জুনত মালই ভাষাৰ এক সংবাদ প্ৰতিষ্ঠানত Iran Gempur Israel, Ledakan Terdengar di Tel Aviv dan Yerusalem শিৰোনামেৰে প্ৰকাশিত এক বাতৰিত এই দৃশ্যটোৰ খণ্ডচিত্ৰ আমি দেখিলোঁ। শীৰোনামৰ অৰ্থ হৈছে- ইৰাণৰ ওপৰত ইজৰাইলৰ আক্ৰমণ। তেল আভিভ আৰু জেৰুজালেমত বিস্ফোৰণৰ শব্দ শুনা যায়।

তাৰ এদিন পাছতেই প্ৰকাশিত Rudal Iran Terus Hantam Israel, 5 Orang Tewas-92 Luka শীৰ্ষক বাতৰিতো আমি সেই ফটো দেখিলোঁ। বাতৰিটোৰ শীৰ্ষকৰ অৰ্থ হৈছে- ইৰাণৰ ক্ষেপণাস্ত্ৰই ইজৰাইলত আঘাত অব্যাহত ৰাখিছে, ৫ জন লোকৰ মৃত্যু হৈছে আৰু ৯২ জন লোক আহত হৈছে।

একেই ফটো আমি Iran Tidak Ciut Lawan Israel : Serangan Amerika Dibalas 20 Rudal শীৰ্ষক ইণ্ডোনেছিয়ান বাতৰি এটাতো পালোঁ। যাৰ শীৰ্ষকৰ অৰ্থ হৈছে- ইজৰাইলৰ আক্ৰমণত ভয় নোহোৱা ইৰাণ। আমেৰিকাৰ আক্ৰমণে ২০টা মিছাইলেৰে প্ৰতিশোধ লয়।

এই সকলোবোৰ প্ৰমাণৰ প্ৰতি লক্ষ্য ৰাখি আমি বুজিব পাৰো যে এই দৃশ্যটো পুৰণি অৰ্থাত ২০২৫ৰ জুন মাহৰ আৰু এয়া ইৰাণে ইজৰাইলৰ ওপৰত সেই সময়ত চলোৱা আক্ৰমণৰ দৃশ্যহে। শেহতীয়াকৈ ইজৰাইলে ইৰাণৰ ওপৰত চলোৱা আক্ৰমণ নহয়। দাবীটো বিভ্ৰান্তিকৰ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


