
শেহতীয়াভাবে যোৱা ৭ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি সেইখন বাংলাদেশৰ আৱামী লীগৰ নেতা মহম্মদ আলীৰ ঘৰত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰা বুলি দাবী কৰিছে। পোষ্টটোত লিখিছেঃ-বাংলাদেশত এফালৰ জ্বলিছে আৱামী লীগৰ নেতা সদস্যৰ ঘৰ। মহম্মদ আলী নামৰ এজন নেতাৰ গৃহ আজি জ্বলাই প্ৰতিবাদকাৰীৰ সমদল।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া ফটোখন সংলগ্ন কেইবাটাও বাতৰিৰ লিংক লাভ কৰিলোঁ। বাংলাদেশ ফাৰ্ষ্ট নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে ৬ ফেব্ৰুৱাৰী ২০২৫ত প্ৰকাশ কৰা বাতৰি মতে সেই ফটোখন বাংলাদেশৰ আৱামী লীগৰ নেতা মিৰ্জা আজমৰ জামালপুৰস্থিত ঘৰত অগ্নিসংযোগ কৰা সময়ৰ।
একেখন ফটো লৈ আৱামী লীগৰ নেতা মিৰ্জা আজমৰ ঘৰত প্ৰতিবাদকাৰীয়ে জুই লগাই দিয়াৰ বাতৰি ৬ ফেব্ৰুৱাৰী ২০২৫ত পৰিবেশন কৰিছিল ঢাকা ট্ৰিবিউন নামৰ সংবাদ প্ৰতিষ্ঠানে।
তদুপৰি ৬ ফেব্ৰুৱাৰী ২০২৫তে নিউ এজ নামৰ সংবাদ প্ৰতিষ্ঠানেও সেই ফটোখন মিৰ্জা আজমৰ ঘৰত জুই লগাই দিয়া ফটো বুলি প্ৰকাশ কৰিছে।
আনহাতে একেদিনাই মিৰ্জা আজমৰ ঘৰত অগ্নিসংযোগ কৰা বাতৰি পৰিবেশন কৰিছিল দ্য বিজনেছ ষ্টেণ্ডাৰ্ডেও। জামালপুৰত থকা নেতাগৰাকীৰ ঘৰটো জ্বলাই দিয়া বুলি বাতৰি উল্লিখিত আটাইকেইটা সংবাদ প্ৰতিষ্ঠানেই পৰিবেশন কৰিছে আৰু একেখন ফটোকে সংলগ্ন কৰিছে।
এইসমুহ তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে সেই ফটোখন বাংলাদেশৰ আৱামী লীগৰ নেতা মিৰ্জা আলমৰ জামালপুৰস্থিত বাসগৃহত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰা ফটো। সেইখন নেতা মহম্মদ আলীৰ ঘৰত অগ্নিসংযোগ কৰা ফটো নহয়। দাবীটো বিভ্ৰান্তিকৰ।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। ফটোখন বাংলাদেশৰ আৱামী লীগৰ নেতা মিৰ্জা আলমৰ জামালপুৰস্থিত বাসগৃহত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰা ফটো। সেইখন নেতা মহম্মদ আলীৰ ঘৰত অগ্নিসংযোগ কৰা ফটো নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:আৱামী লীগৰ নেতা মিৰ্জা আলমৰ ঘৰত জুই জ্বলোৱা ফটো মহম্মদ আলীৰ ঘৰৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: Misleading
