AI Generated ফটোৰে নিকোলাছ মাডুৰোক বন্দী কৰা বুলি দাবী কৰা হৈছে।  

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত তিনিখন ফটো আপলোড কৰি দাবী কৰা হৈছ যে সেয়া আমেৰিকাৰ দ্বাৰা শেহতীয়াকৈ বন্দী কৰোৱা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোৰ ফটো।

Facebook Link Archived Link

ইনষ্টাগ্ৰামতো একেই দাবীৰে সেই ফটোকেইখন আপলোড কৰা হৈছিল। 

Instagram Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি তিনিওখন ফটো এখন এখনকৈ ভালকৈ পৰীক্ষা কৰি চালোঁ। ফটোকেইখনত থকা কিছুমান বিসংগতিয়ে সেয়া কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট হোৱাৰ সম্ভাৱনা প্ৰকট কৰি তোলে। প্ৰথম ফটোখনত দেখা হৈছে যে নিকোলাছ মাডুৰোৰ উচ্চতা জোখা হৈছে। তাত আমি লক্ষ্য কৰিলোঁ যে যি পদ্ধতিত মাডুৰোৰ উচ্চতা জোখা হৈছে,সেয়া আমেৰিকাত প্ৰযোজ্য নহয়। আমেৰিকাই মেট্ৰিক ব্যৱস্থা নহয়, ইম্পেৰিয়েল ব্যৱস্থাহে ব্যৱহাৰ কৰে। গতিকে স্কেলটো কিলোমিটাৰ আৰু লিটাৰৰ পৰিৱৰ্তে ফুট আৰু ইঞ্চিৰ লগতে মাইল আৰু গেলনত হ’ব লাগে। এই ক্ষেত্ৰত ১.৯০ মিটাৰ ৬ ফুট ৩ ইঞ্চিৰ সমতুল্য। নিকোলাছ মাডুৰো সন্দৰ্ভত আমেৰিকাৰ চৰকাৰৰ BUREAU OF INTERNATIONAL NARCOTICS AND LAW ENFORCEMENT AFFAIRSৰ  তথ্য অনুসৰি নিকোলাছ মাডুৰোৰ উচ্চতা ৬ফুট ৩ ইঞ্চি। ৰয়টাৰে মাডুৰোক বন্দী কৰোৱাৰ পাছত প্ৰকাশ কৰা আলোকচিত্ৰ আৰু বাতৰিতো মাডুৰোৰ উচ্চতা ৬ ফুট ৩ ইঞ্চি বুলি উল্লেখ কৰা হৈছে।

কিন্তু ভাইৰেল ফটোখনত আমি উচ্চতা মাপকত সেয়া দেখিবলৈ পোৱা নাই। লগতে মাপ সূচাংকও ভুলৈ লিখা দেখা গৈছে। তদুপৰি যিটো মোবাইল ফোনেৰে ফটো লোৱা দেখুওৱা হৈছে,তাৰ স্ক্ৰীণত দেখা ফটোখন আৰু মূল মানুহজন আৰু মাপকত মিল নাই।

ইয়াৰ পাছত আমি সেই ফটোখন এআই ডিটেক্টৰ ৱেবছাইটক একাধিকবাৰ পৰীক্ষা কৰিলোঁ আৰু জানিব পাৰিলোঁ যে সেই ফটোখন এআই জেনেৰেটেড(AI Generated) বা কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা। 

ইয়াৰ পাছত আমি বাকী দুখন ফটোও এআই ডিটেক্টৰ ৱেবছাইটত পৰীক্ষা কৰিলোঁ আৰু দেখিলোঁ যে সেই দুখন ফটোও কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বুলি উল্লেখ কৰা হৈছে। সেই ফটো দুখনতো আমি কিছুসংখ্যক বিসংগতি দেখা পাইছিলোঁ। 

ইমানতে ক্ষান্ত নাথাকি আমি সেই ফটোকেইখনৰ আনুষ্ঠানিক স্বীকৃতিৰ সন্ধান কৰিলোঁ। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আনুষ্ঠানিক সামাজিক মাধ্যম, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনো আনুষ্ঠানিক ৱেবছাইটত সেই ফটোকেইখন নাপালোঁ। তদুপৰি কোনো ধৰণৰ স্বীকৃত সংবাদ প্ৰতিষ্ঠানতো এই ফটোকেইখনৰ কোনো অৱস্থিতি আমি নাপালোঁ। 

ইয়াৰ দ্বাৰাই এই কথা নিশ্চিত হয় যে যিকেইখন ফটো নিকোলাছ মাডুৰোক বন্দী কৰাৰ পাছৰ বুলি দাবী কৰা হৈছে,সেইকেইখন আচলতে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা অৰ্থাত এআই জেনেৰেটেড(AI Generated)। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। যিকেইখন ফটো নিকোলাছ মাডুৰোক বন্দী কৰাৰ পাছৰ বুলি দাবী কৰা হৈছে,সেইকেইখন আচলতে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা অৰ্থাত এআই জেনেৰেটেড।   

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:AI Generated ফটোৰে নিকোলাছ মাডুৰোক বন্দী কৰা বুলি দাবী কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *