মণিপুৰত ২০২৩ চনতে সংঘটিত হিংসাত্মক ঘটনাৰ ফটো শেহতীয়া জিৰিবাম হিংসাৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে ব্যৱহাৰ কৰা হৈছে।

Misleading Social

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজে চুবুৰীয়া ৰাজ্য মণিপুৰত অতি শেহতীয়াকৈ সংঘটিত হোৱা এক হিংসাত্মক ঘটনা সন্দৰ্ভত এক ভিডিঅ’ বাৰ্তা প্ৰস্তুত কৰিছে। সেই ভিডিঅ’টোত মণিপুৰৰ জিৰিবামত এগৰাকী মহিলাক হত্যা কৰা তথা ১০টাকৈ ঘৰত অগ্নিসংযোগ কৰা খবৰটো প্ৰচাৰ কৰা হৈছে। ভিডিঅ’টোত তিনিখন ফটো ব্যৱহাৰ কৰা হৈছে। সেই ফটো তিনিখন ব্যৱহাৰ কৰিয়েই ভিডিঅ’টো প্ৰস্তুত কৰি তোলা হৈছে। ফটো তিনিখন মণিপুৰৰ জিৰিবামৰ শেহতীয়া ঘটনাটোৰ বুলি এইদৰে দাবী কৰা হৈছে। পোষ্টটোত লিখিছে- মণিপুৰত পুনৰ হিংসাৰ দাবানল।  নিহত মহিলা, ভস্মীভূত ১০ টা ঘৰ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeVt631VgtdJLYVr8P92ZcI75WflGGCp6e4ddwR6Av0I9C0inmJdD5v6hPqvimTWj74_eT78_dLyDT7FlbGfwZAsQr6brekvdvGD3QL8XQ2A6QEz6VbZl8JRTbbHTbyx0TjQIiJuw?key=vsgmsaatMvMvM8rthWETq3qs

Facebook LinkArchived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভিডিঅ’টোৰ পৰা ফটো তিনিখন পৃথকে উলিয়াই ল’লোঁ। তাৰ পাছত প্ৰতিখন ফটোৰে ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। আমাৰ এই সন্ধানত আমি কি কি তথ্য আৰু সত্য লাভ কৰিলোঁ, সেয়া একাদিক্ৰমে তলত উল্লেখ কৰা হৈছে। 

আমি প্ৰথমে সন্ধান কৰিলোঁ নিম্নোক্ত ফটোখনৰ-

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc34G7wao-x2egrq-RXd9DOxbywV9Q5bSseE8Eo8meJtDZnNqTMoapW7kCCVznnP6D2mhAi97zWoz43Se8u9pehulpRD1-HwsNGPHmdNwMqYwxNAIhwuqiE12zktcHtiuK1XFk63g?key=vsgmsaatMvMvM8rthWETq3qs

এই ফটোখনৰ মূলৰ সন্ধান কৰোতে আমি একাধিক বাতৰিৰ লিংক লাভ কৰিলোঁ। United States Institute of PeaceUnderstanding India’s Manipur Conflict and Its Geopolitical Implications শীৰ্ষক এক লেখা প্ৰকাশ হৈছিল ২০২৩ চনৰ ২ জুনত।মণিপুৰত সেই সময়ত হৈ থকা অশান্ত পৰিস্থিত সন্দৰ্ভত প্ৰস্তুত কৰা সেই লেখাটোত এই ফটোখন ব্যৱহাৰ কৰা হৈছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeTyvrKDN0MaCQRo8PpvUj0yabcSsyXP_Z0OMTGFq51jhM1WdCjwaLSSQxCRkACxKBoYGBj_ffDBWVPoAmk4YGkAd4atv0Bx_da8MoGqsKcSWqZCC7CiNGI947QUH6I1cW6K2yqHQ?key=vsgmsaatMvMvM8rthWETq3qs

তদুপৰি The Citizen Roots Of Unrest In Manipur Run Deep নামৰ লেখাটোতো একেখন ফটোকে ব্যৱহাৰ কৰা হৈছিল। সেই লেখাটো প্ৰস্তুত কৰা হৈছিল ২০২৩ চনৰ ৮ জুনত। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcLhSWce3PCnBTq64TGyGX5CR542wjB0T3aNhIvXIhSgl0FeqEZDFRwpO8gR3GuH-eHSJN7WATYBu01r8E6f1ZltAZGjB-aSk2hr7hncJh1nk9Ybv_fqGQjLS2hz4DCnQNTnAF7Rw?key=vsgmsaatMvMvM8rthWETq3qs

এই তথ্যই আমাৰ নিশ্চিতি প্ৰদান কৰিলে যে সেই ফটোখন ২০২৩ চনৰ জুন মাহৰে। সেই সময়ত মণিপুৰত সংঘটিত হোৱা অশান্ত পৰিস্থিতিৰ সময়ৰ সেই ফটোখন মণিপুৰৰ বৰ্তমানৰ বা অতি শেহতীয়াকৈ জিৰিবামত সংঘটিত হোৱা হিংসাৰ সৈতে সম্পৰ্কীত নহয়।

এইবাৰ আমি দ্বিতীয় ফটো হিচাপে নিম্নোক্ত ফটোখনৰ মূলৰ সন্ধান কৰিলোঁ-

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc2CWeRNwPWifxjDudYD35ois2hV_0eUPgAqnwguVlVAVBa-d-gYoVpPSx_IT58I0wzuvtJXCrReo1kE5LxhmlQvWb_YDQVB3nXot-Jy1Lr58yXkqafZhlRKnbLpFecNQ0ZRe71kw?key=vsgmsaatMvMvM8rthWETq3qs

এই সন্ধানতো আমি কেইটামান এনেকুৱা লিংক লাভ কৰিলোঁ, য’ত ওপৰোক্ত এই ফটোখন ব্যৱহাৰ হৈছে। DNA নামৰ প্ৰসিদ্ধ সংবাদ প্ৰতিস্থানে ২০২৩ চনৰ আগষ্ট মাহত মণিপুৰৰ বিষ্ণুপুৰক সংঘটিত এক ঘটনা সন্দৰ্ভত প্ৰস্তুত কৰা Manipur violence: 17 injured in fresh clashes in Bishnupur on day curfew reimposed in Imphal valley শীৰ্ষক বাতৰিটোত এই ফটোখন ব্যৱহাৰ কৰা আমি দেখিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdx9e73w65jTpNRsbEvFnsYQg1esU4TVGQcUlSkLfdhzscvIC2xEgunGFWYOuGTAY9-vFnckf2rVvqoH1p_8hLHD4rC2OXp4xWXRAYGgHHF_gdIasmhqsX0i_PAxUpWcjqX1y165g?key=vsgmsaatMvMvM8rthWETq3qs

ইয়াৰ ওপৰিও REPUBLIC এ ২০২৩ চনৰ ২১ জুনত প্ৰকাশ কৰা When will peace be completely restored in Manipur? UNLF’s Rajkumar Meghen answers শীৰ্ষক প্ৰতিবেদনত সেই ফটোখন ব্যৱহাৰ কৰা আমি দেখিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdR4_GYjA4LKd_vAe3rJQSOTNvITJhLhACUULWBch0sezLPUUJcH8tcJ_eFvRhU9oM-YzyaaisfITvGhEhfM-3O6tIU_uO7kgIKCXFwC7j6KMZPIM0VwwR2tSpuzmsu6WwSMe-S?key=vsgmsaatMvMvM8rthWETq3qs

Gramsamachar ৰ মণিপুৰৰ সেই সময়ৰ হিংসা সন্দৰ্ভত কৰা এক প্ৰতিবেদনতো একেখন ফটো সংলগ্ন কৰা আমি দেখিলোঁ।

শেষত আমি তৃতীয় ফটো হিচাপে নিম্নোক্ত ফটোখনৰ মূলৰ সন্ধান কৰিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdSMhEWYrUfQW19rgdfKNemevMO177Pij1IPb3-Q-vl1ywCBi8NY7QAZsCsjrpZLDzkydwjtnyeSyIWr5gel-qJybuei7MYvXa_wuIgOb2OQ04MsfNNedIVcNXFwAFajl12L3k0?key=vsgmsaatMvMvM8rthWETq3qs

আমি পালোঁ যে  Mint নামৰ প্ৰসিদ্ধ সংবাদ প্ৰতিস্থানটোৱে ২০২৩ চনৰ ২০ জুলাইত প্ৰকাশ কৰা Manipur video: Kuki survivor recounts ‘take of your clothes, or will kill you…’ শীৰ্ষক প্ৰতিবেদনত সেই ফটোখন ব্যৱহাৰ কৰিছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcjj80qndCk-CQXuwBVUZXQVcouCbkBbqjigYPgifPE7Dlq8zSHAchLKfy8G02sogs9krcg1mA-3bCFNzYEqw_GbN3K8vyRvT3UvOnZYIpNrcQx5Xj3AJMpztyspg9zSXinnnue?key=vsgmsaatMvMvM8rthWETq3qs

আনফালে মণিপুৰৰ পৰা মিজোৰামলৈ ৫হেজাৰৰো অধিক লোক হিংসাৰ বলি হৈ পলাই যোৱা সন্দৰ্ভত PUKAR NEWSএ কৰা এক বাতৰিত এই ফটোখন ব্যৱহাৰ কৰা হৈছিল। সেই বাতৰিটোও ২০২৩ চনৰ মে’ মাহতে কৰা। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXedfUOurIkGw8yy97C7n957xnbsk74q1ji7I_FEIQV8uDV4-oDrMpDAc7oEzRB1Z7bJFZQ1Bv4mAh-IsPFj7iEMcorwcCdT_QdAT_doCfIlcC9KROgD0llkfXqBtXn-Xq6fSPvvYw?key=vsgmsaatMvMvM8rthWETq3qs

হিন্দী ভাষাৰ সংবাদ প্ৰতিস্থান ৰাজ এক্সপ্ৰেছৰ বাতৰিতো সেই ফটোখন ব্যৱহাৰ কৰা আমি দেখিলোঁ। সেই বাতৰিও ২০২৩ চনৰ জুন মাহৰে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeC3K5pi5Rx86AA_hVAfYzHWxWRifIR75Wrtyqsn2KTBNEkx_DFIKbBI5YT6eyJWf8vRpA-d3ZUvSUHZn-i6fi6mpiWRSNpYJaseD6BaR1KhqAjHbC2vU2COgyIHWmiar8dYQh0iw?key=vsgmsaatMvMvM8rthWETq3qs

এইদৰে আমি অসমীয়া ফেচবুক পেজটোৱে মণিপুৰৰ অতি শেহতীয়া জিৰিবাম হিংসা সন্দৰ্ভত প্ৰস্তুত কৰা ভিডিঅ”টোত ব্যৱহাৰ কৰা তিনিওখন ফটো ২০২৩ চনৰ মে’ মাহ মানৰ পৰা জুলাই মাহ মানলৈ অব্যাহত থকা হিংসাত্মক ঘটনাৰ সময়ৰ বুলি নিশ্চিত হৈছো।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। এই তিনিওখন ফটো ২০২৩চনৰ মে’ৰ পৰা জুলাইলৈকে মণিপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সময়ৰ। মণিপুৰৰ শেহতীয়া জিৰিবাম হিংসাৰ সৈতে ইয়াৰ সম্পৰ্ক নাই। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মণিপুৰত ২০২৩ চনতে সংঘটিত হিংসাত্মক ঘটনাৰ ফটো শেহতীয়া জিৰিবাম হিংসাৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে ব্যৱহাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *