
যোৱা ৩১ জুলাই ২০২৫ত অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখুওৱাৰ দৰে ৰাছিয়াত যোৱা ২৯ জুলাইত হোৱা ভূমিকম্পৰ পূৰ্বে মাজ সাগৰৰ পৰা কেইটামান বেলুগা তিমি মাছ পাৰলৈ উঠি আহিছিল আৰু ভূমিকম্পৰ আগজাননী দিছিল।
Facebook Link Archived Link
১ আগষ্ট ২০২৫তো একেধৰণৰ দাবীৰে এটা ফেচবুক ৰীল আপলোড কৰা হৈছিল এগৰাকী ব্যৱহৰাকাৰীৰ
একাউণ্টৰ পৰা।
Facebook Link Archived Link
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ বাবে আমি সেই ভিডিঅ’টোৰ কিছুমান খণ্ডচিত্ৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি সন্ধান কৰিলোঁ। তেতিয়া আমি এক্স, ফেচবুক, ইউটিউৱ আদিত কিছুমান লিংক লাভ কৰিলোঁ, যিবোৰে প্ৰমাণ কৰিলে যে দাবীটো সত্য নহয়। আমাৰ সত্যতা নিৰূপণ একাদিক্ৰমে তলত দিয়া হ’ল।
এক্সত ২০২৩ চনৰ ১৭ আগষ্টত কৰা এটা টুইটত আমি ভাইৰেল ভিডিঅ’টোৰ মূল পোন সংস্কৰণটো পালোঁ। যদিও মূল কেপছনটো তুৰ্কীশ্ব ভাষাত আছিল, সেইটো আমি স্বয়ংক্ৰিয় অনুবাদৰ জৰিয়তে ইংৰাজীত পঢ়িলোঁ এইদৰে- In Kamchatka, Russia, a family of whales caught in the tide was watered and fed by fishermen until the waters returned. Here are those moments..
একেটা ভিডিঅ’ ২০২৪ ১৮ অক্টোবৰত এগৰাকী ব্যৱহাৰকাৰীয়ে ফেচবুকত আপলোড কৰিছিল। তাত লিখিছে এইদৰে- Heroic fishermen rescue family of five beluga whales stranded in Kamchatka’s Tigilsky district
তদুপৰি ২০২৩চনৰ ১৫ আগষ্টত প্ৰকাশিত এটা বাতৰিতো আমি এই বেলুগা তিমিৰ ঘটনাটোৰ সবিশেষ লাভ কৰিলোঁ। ৰাছিয়াৰ কামছাটকাৰ তিগিল নদীৰ পাৰত ৫টাকৈ এইধৰণৰ শুভ্ৰবৰ্ণ তিমি আৱদ্ধ হৈ পৰিছিল। তেতিয়াই সেই তিমিকেইটাক স্থানীয় মাছমৰীয়া কিছুমানে খাদ্যৰ যোগান ধৰি, যতন লৈ পুনঃসংস্থাপনৰ ব্যৱস্থা কৰে।
এই ঘটনাটোৰ সবিশেষ দৃশ্য আৰু তথ্য ২০২৩ৰ ১৩ আগষ্টত ইউটিউৱত আপলোড কৰা তলত সংলগ্ন এই ভিডিঅ”টোত চাব পাৰিব। ৰাছিয়ান ভাষাত ভিডিঅ”টোৰ কেপছন দিয়া হৈছিল এইদৰে-Жители Камчатки не дали погибнуть семье белух। ইয়াৰ অসমীয়া ভাবানুবাদ হৈছে- কামছাটকাৰ বাসিন্দাসকলে বেলুগা তিমিৰ পৰিয়ালটোক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিলে।
এইসমূহ তথ্যৰ পৰা আমি নিশ্চিত হৈ পৰিছোঁ যে এই ভিডিঅ’টো ৰাছিয়াত অতি শেহতীয়াকৈ হৈ যোৱা ভূমিকম্পৰ ঠিক পূৰ্বৰ তো নহয়েই, ২০২৫ চনৰেই নহয়। ২০২৩ৰ আগষ্টত এই ঘটনাটো হৈছিল ৰাছিয়াৰ কামছাটকাৰ তিগিল নদীৰ পাৰত। ৫টাকৈ শুভ্ৰবৰ্ণ বেলুগা তিমি নদীৰ পাৰত আৱদ্ধ হৈ পৰাত স্থানীয় মাছৰীয়া বাসিন্দা সকলে তিমিকেইটাৰ যতন লৈ খাদ্য দি পুনৰ নদীত সংস্থাপনৰ ব্যৱস্থা কৰিছিল। ভূমিকম্পৰ সৈতে ইয়াৰ কোনো সম্পৰ্কয়ে নাই।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। ২০২৩ৰ আগষ্টত ৰাছিয়াৰ তিগিল নদীৰ পাৰত আৱদ্ধ হৈ পৰা ৫টা বেলুগা তিমিৰ পুৰণি ভিডিঅ’ এইটো। ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ সৈতে কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই ভিডিঅ’টো ২০২৩চনৰ আগষ্টৰে। ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ সৈতে কোনো সম্পৰ্ক নাই।
Fact Check By: Pranjal SharmaResult: False
