মধ্য প্ৰদেশৰ বিজেপি নেতা নেক মহম্মদ ৰিজভিৰ ফটো বিহাৰৰ দৰভাংগাত গ্ৰেপ্তাৰ হোৱা মহম্মদ ৰিজভি বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।    

False Social

যোৱা ৩১ আগষ্ট ২০২৫ত অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি ফটোখনত ৰঙা চিহ্নৰে নিৰ্দেশ কৰা এজন বিশেষ ব্যক্তিক বিহাৰৰ দৰভাংগাত INDIA Allianceৰ ভোট দাতা অধিকাৰ যাত্ৰাত নৰেন্দ্ৰ মোডীৰ মাতৃৰ সম্পৰ্কত অশুভ মন্তব্য কৰাক যুৱকজন বুলি দাবী কৰিছে। পোষ্টটোত তেওঁ বিজেপিৰে কৰ্মকৰ্তা মহম্মদ ৰিজভি বুলি দাবী কৰা হৈছে। 

Facebook Link Archived Lin

Facebook Link Archived Link 

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ বাবে আমি সেই ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা টুইট পালোঁ। য’ত ব্যৱহাৰকাৰীয়ে সত্যাপন নকৰাকৈ ফটো শ্বেয়াৰ কৰাৰ বাবে মাৰ্জনা বিচাৰি লিখিছে যে দুয়োগৰাকী ব্যক্তি ভিন্ন। আমি টুইটটোত সত্যতা নিৰূপণ কৰি থকা ফটোখনো দেখিলোঁ আৰু আন এগৰাকী ব্যক্তিৰ ফটো এখনো দেখিলোঁ। তেতিয়াই অনুমান কৰিলোঁ যে দুয়োগৰাকী লোক ভিন ভিন।

ইয়াৰ পাছতে আমি এটা ফেচবুক পোষ্ট লাভ কৰিলোঁ, য’ত ব্যৱহাৰকাৰীজনে সামাজিক মাধ্যমৰ বিভিন্ন পোষ্টৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি উল্লেখ কৰিছে যে তেওঁৰ বিৰুদ্ধে ভুৱা খবৰ প্ৰচাৰ কৰা হৈছে। ব্যৱহাৰকাৰীজনৰ নাম নেক মহম্মদ ৰিজভি বুলি জানিব পাৰিলোঁ।

 

আমি ব্যক্তিগৰাকীৰ ফেচবুক পেজটো পৰীক্ষা কৰিলোঁ আৰু জানিব পাৰিলোঁ যে তেওঁ মধ্য প্ৰদেশৰ, ভোপালৰ এগৰাকী বিজেপি নেতা নেক মহম্মদ ৰিজভি। 

আমি তেওঁৰ ফেচবুকত সেই ফটোখনো পালোঁ, যিখন ফটো ব্যৱহাৰ কৰি অসমৰ ফেচবুকত সেইজন বিহাৰত প্ৰধানমন্ত্ৰীৰ মাতৃক অশালীন মন্তব্য কৰি আৰক্ষীৰ হাতত ধৃত মহম্মদ ৰিজভি বুলি দাবী কৰা হৈছে।

ইয়াৰ পৰাই আমি জানিব পাৰিলোঁ যে যিখন ফটো বিহাৰত প্ৰেপ্তাৰ হোৱা মহম্মদ ৰিজভিৰ বুলি দাবী কৰা হৈছে সেইখন আচলতে মধ্য প্ৰদেশৰ ভোপালৰ এগৰাকী বিজেপি নেতা নেক মহম্মদ ৰিজভিৰহে। 

ইয়াৰ পাছতে আমি The Indian EXPRESSত Local Congress supporter arrested for ‘using abusive language’ against PM Modi during Oppn event at Bihar village শীৰ্ষক এক বাতৰি লাভ কৰিলোঁ। সেই বাতৰিটোত বিহাৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহম্মদ ৰিজভিৰ এখন ফটো আছিল। সেইখন ফটো আমি প্ৰথমেই লাভ কৰা টুইটটোতো দেখিছিলোঁ। 

কেৱল ইমানেই নহয়, আমি দৰভাংগা আৰক্ষীয়ে এই সন্দৰ্ভত দিয়া এটা টুইট লাভ কৰিলোঁ। টুইটটোত সবিস্তাৰে উল্লেখ কৰা আছিল যে প্ৰধানমন্ত্ৰী মোদীৰ মাতৃ সন্দৰ্ভত অশালীন মন্তব্য কৰা মহম্মদ ৰিজভি নামৰ ২০ বছৰীয়া যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে। টুইটটোতো প্ৰকৃত মহম্মদ ৰিজভিৰ ফটোখন দিয়া আছিল। 

ইয়াৰ পাছত আমি আজটকৰ এটা বাতৰিও পালোঁ। সেই বাতৰিটোতো স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে যিজন মহম্মদ ৰিজভিক দৰভাংগাত গ্ৰেপ্তাৰ কৰা হৈছে সেইজনৰ সলনি সামাজিক মাধ্যমত মধ্য প্ৰদেশৰ নেক মহম্মদ ৰিজভি নামৰ বিজেপি নেতাজনৰ ফটো মিছাকৈ শ্বেয়াৰ কৰি থকা হৈছে। 

 

আনহাতে NDTVতো এক বাতৰিত উল্লেখ কৰা হৈছে বিহাৰৰ নিৰ্বাচনক কেন্দ্ৰ কৰি এক ঘটনাৰ সৈতে সাঙুৰি মধ্য প্ৰদেশৰ কোটমাৰ এজন বিজেপি কৰ্মকৰ্তাৰ ফটো ভাইৰেল হৈ পৰিছিল। বাতৰিটোত নেক মহম্মদ ৰিজভিৰ এখন ফটো বিহাৰত গ্ৰেপ্তাৰ হোৱা মহম্মদ ৰিজভিৰ ফটো বুলি ভাইৰেল কৰা হৈছে বুলি কোৱা হৈছে। 

  

এইসমূহ তথ্য প্ৰমাণৰ পৰা আমি নিশ্চিত হৈছোঁ যে বিহাৰৰ দৰভাংগাত প্ৰধানমন্ত্ৰী মোদীৰ মাতৃৰ বিৰুদ্ধে অপশব্দ ব্যৱহাৰ কৰাৰ অপৰাধত যিজন মহম্মদ ৰিজভিক গ্ৰেপ্তাৰ কৰা হৈছে, সেইজন ভাইৰেল হোৱা ফটোখনত থকা ব্যক্তিজন নহয়। ফটোত থকা ব্যক্তিজন হৈছে মধ্য প্ৰদেশৰ বিজেপি নেতা নেক মহম্মদ ৰিজভিহে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। মধ্য প্ৰদেশৰ বিজেপি নেতা নেক মহম্মদ ৰিজভিৰ ফটো বিহাৰৰ দৰভাংগাত গ্ৰেপ্তাৰ হোৱা মহম্মদ ৰিজভি বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।   

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মধ্য প্ৰদেশৰ বিজেপি নেতা নেক মহম্মদ ৰিজভিৰ ফটো বিহাৰৰ দৰভাংগাত গ্ৰেপ্তাৰ হোৱা মহম্মদ ৰিজভি বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *