
শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্য়ৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে অলপতে চাহিল নামৰ নিজৰ পৰকীয়া প্ৰেমিকৰে মিলি নিজৰ স্বামী সৌৰভক হত্যা কৰি ১৫টুকুৰাকৈ কাটি পেলোৱা মুস্কান ৰস্তোগীৰ নৃত্যৰত ভিডিঅ’। স্বামীক হত্যা কৰি মুস্কানে এইদৰে নৃত্য কৰা বুলি দাবী কৰি লিখিছেঃ- কেনেকৈ সম্ভৱ বাৰু? নিজৰ গিৰিয়েক সৌৰভক পৰকীয়া প্ৰেমিক চাহিলৰ লগ লাগি হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি এতিয়া এনেকৈ নাচ গান কৰিছে। মুস্কান ৰস্তোগী নামৰ এই নাৰীগৰাকী নাৰী নে ডাইনী।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টোৰ পৰা কিছুমান ফ্ৰেম উলিয়াই গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ফলত আমি ruchi kokcha নামৰ এক্স হেণ্ডেলটোত এটা টুইট পালোঁ। সেই টুইটটোত আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টো পালোঁ। টুইটটোত লিখিছে- Mohtarma itni mehnat kar rahi thi aur bhai phir bhi TV pe hi kuch laga raha hai. Kya mila phir ye sab kar ke?
টুইটটো পৰীক্ষা কৰি আমি তাৰ কমেণ্ট চেকছনত এটা বিশেষ কমেণ্ট দেখিলোঁ। ব্যৱহাৰকাৰীজনে কমেণ্টত লিখিছে –@ErickRedBeard yah ldki nhi hai…. Yah transgender hai madam ji… Ye professional stage program krti hai… Iska instagram me vulgurity pure se bhari pri hai…insta id hai palaksaini143 check it. (এওঁ ছোৱালী নহয়, তেওঁ এগৰাকী ট্ৰেঞ্চজেণ্ডাৰ হয়। তেওঁ পেছাদাৰীভাৱে মঞ্চানুস্থান কৰে।)
সেই কমেণ্টটোৰ আঁত ধৰি আমি পলক চাইনীৰ সন্ধান কৰিলোঁ আৰু ইনষ্টাগ্ৰামত তেওঁৰ একাউণ্টটো পাবলৈ সক্ষম হ’লোঁ। তাতেই আমি সেই নিৰ্দিষ্ট ভিডিঅ’টো ৭ দিন আগতেই আপলোড কৰা দেখিলোঁ। সেই পোষ্টটোত ভাইৰেল হোৱা ভিডিঅ’টোৰ সম্পূৰ্ণ সংস্কৰণটো আছিল।
আমি সেই ইনষ্টাগ্ৰাম একাউণ্টটো পৰীক্ষা কৰি পলক চাইনী হাৰিয়ানাৰ এগৰাকী পেছাদাৰী নৃত্যশিল্পী বুলি জানিব পাৰিলোঁ।
উল্লেখযোগ্য যে শেহতীয়াকৈ মেৰটত মুস্কান ৰস্তোগী নামৰ মহিলাগৰাকীয়ে তেওঁ প্ৰেমিকৰ সৈতে লগ লাগি তেওঁৰ স্বামীক হত্যা কৰি প্ৰায় ১৫টুকুৰাকৈ কাটি পেলাইছিল।
এইখিনি তথ্যৰ পৰা আমি নিশ্চিত হ’লোঁ যে যিটো ভিডিঅ’ মুস্কান ৰস্তোগীৰ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে পলক চাইনী নামৰ এগৰাকী পেছাদাৰী নৃত্যশিল্পীৰহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভিডিঅ’ত দেখা যুৱতীগৰাকী মুস্কান ৰস্তোগী নহয়। এই যুৱতীগৰাকীৰ নাম পলক চাইনী। তেওঁ হাৰিয়ানাৰ এগৰাকী পেছাদাৰী নৃত্যশিল্পী।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:হাৰিয়ানাৰ নৃত্যশিল্পী পলক চাইনীৰ এটা ভিডিঅ’ স্বামীহন্তা মুস্কান ৰস্তোগীৰ বুলি মিছা দাবীৰে প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
