
যোৱা ৭ জানুৱাৰী ২০২৫ত অসমৰ এটি ফেচবুক পেজত কেইখনমান ফটো আপলোড কৰি সেইকেইখন অতি শেহতীয়াকৈ নেপাল সীমান্তৱৰ্তী তীব্বতৰ শ্বিজাঙত অহা ভূমিকম্পৰ ফটো বুলি দাবী কৰিছে। পোষ্টটোত একেখন ফটোকে দুবাৰ ব্যৱহাৰ কৰা হৈছে আৰু তাত মুঠ চাৰিখন ফটো আছে। পোষ্টটোত লিখিছে- নেপালৰ সীমান্তৱৰ্তী তিব্বতৰ পাহাৰীয়া অঞ্চল শ্বিজাঙত মঙলবাৰে পুৱা এক ঘণ্টাৰ ভিতৰতে একেৰাহে ছটাকৈ ভূমিকম্প সংঘটিত হয়, য’ত ৰিখটাৰ স্কেলৰ ৭.১ জোখৰ শক্তিশালী ভূমিকম্পও অন্তৰ্ভুক্ত। সংবাদ সংস্থা ৰয়টাৰৰ তথ্য অনুসৰি ভূমিকম্পৰ ফলত তিব্বতত প্ৰাণ আৰু সা-সম্পত্তিৰ ক্ষতি হৈছে আৰু প্ৰায় ৫৩ জন লোকৰ মৃত্যু হৈছে। বহু অট্টালিকাকে ধৰি আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি হৈছে।ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰ তথ্য অনুসৰি পশ্চিম তিব্বতৰ শ্বিজাঙত পুৱা ৬:৩৫ বজাত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু।আজি পুৱাৰ পৰা একেৰাহে পাঁচটা ভূমিকম্প অনুভূত হৈছে। ৰিখটাৰ স্কেলত সৰ্বোচ্চ তীব্ৰতা আছিল ৭.১।নেপাল-তিব্বত, ভূটানকে ধৰি ভাৰতৰ অসম, বিহাৰ, পশ্চিম বংগ, দিল্লী-এনচিআৰ, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত জোকাৰণি অনুভূত হৈছিল।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি প্ৰথমে প্ৰথম ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি উল্লিখিত দিনটোতেই সেই ফটোখন ব্যৱহাৰ কৰি নেপাল সীমন্তৱৰ্তী তীব্বতৰ শ্বিজাঙত অহা ভূমিকম্পৰ খবৰসহিত লিংক একাধিক পালোঁ। সেই খবৰসমুহ আপোনালোকে ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।
ওপৰোক্ত ফটোখন পোষ্টটোত দুবাৰ ব্যৱহাৰ কৰা হৈছে আৰু সেই ফটোখন প্ৰকৃততে শ্বিজাঙৰ বুলি জানিব পাৰিলোঁ।
ইয়াৰ পাছত আমি দ্বিতীয় ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই ফটোখনো একাধিক পুৰণি বাতৰিৰ সৈতে সংলগ্ন ৰূপত পালোঁ। দ্য কোৰিয়া টাইমছত ২০২২ চনৰ ৫ নৱেম্বৰত চীন দেশৰ ছিচুৱান প্ৰদেশত অহা ভূমিকম্পত ভাঙি পৰা এটা ঘৰ বুলি সেই ফটোখন ব্যৱহাৰ কৰি বাতৰি পৰিবেশন কৰা হৈছে। কেপছনত লিখা হৈছেঃ-Collapsed building after an earthquake in Luding county, Ganzi prefecture, Sichuan Province, China, Setp. 5.(চীনৰ ছিচুৱান প্ৰদেশৰ গাঞ্জি প্ৰিফেকচাৰৰ লুডিং কাউন্টিত ভূমিকম্পৰ পাছত ভাঙি পৰা অট্টালিকা, চেপ্টেম্বৰ ৫.)
ইয়াৰ উপৰিও ২০২২চনৰ ৭ নৱেম্বৰত প্ৰকাশ হোৱা আন এটা আন্তঃৰাষ্ট্ৰীয় বাতৰিতো সেই একেখন ফটো আমি দেখিলোঁ। তাত ফটোখনৰ কেপছন লিখা হৈছে এইবুলিঃ- A collapsed building after an earthquake in Luding County, Ganzi Prefecture, Sichuan Province, China. (চীনৰ ছিচুৱান প্ৰদেশৰ গাঞ্জি প্ৰিফেকচাৰৰ লুডিং কাউন্টিত ভূমিকম্পৰ পাছত ভাঙি পৰা এটা অট্টালিকা।)
২০২২ চনৰ ৬ নৱেম্বৰৰ আৰু এটা বাতৰিত আমি সেই ফটোখন চীনত অহা ভূমিকম্পৰ বুলি পালোঁ। এই তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে অসমৰ সেই ফেচবুক পোষ্টটোত ব্যৱহাৰ কৰা দ্বিতীয় ফটোখন ২০২২চনৰেই। সেই সময়ত চীন দেশত অহা এক ভূমিকম্পৰ পাছৰ ফটো সেইখন, তীব্বতৰ শ্বিজাঙত অহা শেহতীয়া ভূমিকম্পৰ নহয়।
তাৰ পাছত আমি তৃতীয় ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোতে দি ইণ্ডিয়ান এক্সপ্ৰেছৰ ২০ ডিছেম্বৰ ২০২৩ত প্ৰকাশিত এটা বাতৰিত সেই ফটোখন পালোঁ। বাতৰিটো উল্লেখ কৰা হৈছিল যে চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি মুঠ ১৪,৯৩৯টা ঘৰ ভাঙিছে, ২,০৭,২০৪টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে। ফলত গানছুৰ ৩৭,১৬২টা পৰিয়ালৰ ১,৪৫,৭৩৬জন লোক ক্ষতিগ্ৰস্ত হৈছে।
আনহাতে একেই ভূমিকম্প সন্দৰ্ভত ২০২৩ চনৰ ১৯ ডিচেম্বৰত পৰিবেশন কৰা এক বাতৰিতো এই একেখন ফটোকে ব্যৱহাৰ কৰা হৈছিল। লিখা হৈছে Collapsed buildings are seen after an earthquake in Dahejia, Jishishan county, Gansu province in northwest China, Dec. 19, 2023. (AFP Photo) (উত্তৰ-পশ্চিম চীনৰ গানছু প্ৰদেশৰ জিছিছান কাউন্টিৰ দহেজিয়াত ১৯ ডিচেম্বৰ, ২০২৩ তাৰিখে ভূমিকম্পৰ পাছত ভাঙি পৰা অট্টালিকা দেখা গৈছে।(এএফপি ফটো))
একেই ঘটনাৰ বিৱৰণসহ একেখন ফটো আমি হিন্দুস্তান টাইমছৰ বাতৰিতো আমি দেখিলোঁ।
এই তথ্যই নিশ্চিতি প্ৰদান কৰিছে যে তৃতীয় ফটোখনো পুৰণি। ২০২৩ চনৰ ডিচেম্বৰ মাহত চীন দেশত অহা এক ভূমিকম্পৰ ফটোহে। শেহতীয়া নেপাল সীমান্তৰ ভূমিকম্পৰ পাছৰ ফটো নহয়।
সৰ্বশেষত আমি চতুৰ্থ ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়াও আমি ২০২৩ চনৰ ৫ নৱেম্বৰত পৰিবেশন কৰা এটা বাতৰি লাভ কৰিলোঁ, য’ত সেই ফটোখন ব্যৱহাৰ কৰা হৈছিল। তাত লিখা হৈছিলঃ বিহংগম ছবিত দেখা গৈছে যে ২০২৩ চনৰ ৪ নৱেম্বৰত জাজাৰকোট জিলাত নিশা ৫.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছত ক্ষতিগ্ৰস্ত অট্টালিকা। ৪ নৱেম্বৰত বিষয়াসকলে জনোৱা মতে নেপালৰ এটা দূৰৈৰ স্থানত নিশাৰ ভিতৰতে ৫.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পত কমেও ১৫৭ জন লোকৰ মৃত্যু হয় আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ নিৰাপত্তা বাহিনীয়ে লৰালৰিকৈ ব্যৱস্থা গৈছিল।
আন এক বাতৰিতো একেখন ফটোকে ব্যৱহাৰ কৰা হৈছে। তাতো সেই একেই বিৱৰণ দিয়া হৈছে।
এই তথ্যয়ো প্ৰমান কৰিলে যে চতুৰ্থ ফটোখন ২০২৩ চনৰ নৱেম্বৰৰেই। ফটোখন নেপালৰে হয় কিন্তু এতিয়াৰ নহয়।
সামগ্ৰিকভাৱে আমি এই সিদ্ধান্তত উপনীত হৈছোঁ যে অসমৰ ফেচবুকৰ সেই পোষ্টটোত আপলোড কৰা চাৰিওখন ফটোৰ ভিতৰত তিনিখন শেহতীয়া অথবা ২০১৫ চনৰ জানুৱাৰী মাহৰ নহয়। সেই ফটোকেইখনৰ তিনিখনেই পুৰণি আৰু ভিন্ন সময়ৰ, ভিন্ন প্ৰন্তৰ। যদিও সেয়া ভূমিকম্পৰ পাছৰ ফটো, কিন্তু দাবী কৰা ধৰণে সৌ সিদিনা অহা নেপাল সীমান্তৰ তীব্বতৰ শ্বিজাঙৰ নহয়।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। পোষ্টটোৰ ফটো চাৰিখনৰ তিনিখনেই পুৰণি। ভিন্ন সময়ত ভিন্ন স্থানত অহা ভূমিকম্পৰ পাছৰ ফটো সেইকেইখন।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২২ আৰু ২০২৩চনৰ পুৰণি ফটোকে ২০২৫চনৰ জানুৱাৰীৰ তীব্বত ভূমিকম্পৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: Misleading
