২০২৩চনৰ অক্টোবৰ মাহৰ ফটোকে ২০২৫চনৰ জানুৱাৰীৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।  

Misleading Social

অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে চাৰিখন ফটোৰে এখন ক’লাজ আপলোড কৰি সেইকেইখন অতিকৈ শেহতীয়া এক আক্ৰমণৰ পাছৰ ফটো বুলি দাবী কৰিছে। যোৱা ৪ জানুৱাৰী ২০২৪ত সেই ফটোকেইখনৰ ক’লাজখন আপলোড কৰি ২৪ ঘণ্টাৰ ভিতৰত পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত ইজৰাইলে আক্ৰমণ কৰাত ৭১গৰাকী সন্ত্ৰাসবাদী নিহত হোৱা বুলি দাবী কৰা হৈছে। পোষ্টটোত লিখিছে- ২৪ ঘন্টাত ৩৪টা আক্ৰমণ ৭১ জন ইছলামিক সন্ত্ৰাসবাদী নিহত।ইজৰাইলে আকৌ এবাৰ পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত বিধ্বংসী ৰূপ ধাৰণ কৰিছে।পৃথিৱীৰ যিকোনো কোণত যদি কোনো হিন্দুৰ লগত এটা সৰু ঘটনা ঘটে, তেন্তে ভাৰতত বসবাস কৰা একাংশ হেটেৰ’ডক্স লোকে উদযাপন কৰে।এই বিষয়ত সকলো পাষণ্ডই কি ক’ব? জয় ইজৰাইল।  

https://lh7-rt.googleusercontent.com/docsz/AD_4nXevq4Gamk-K8J_Y_qGsi-4G8Aofc942FSCer42pa1AraBbV2m_UZeGXugaAggWE2KSg_84taUh6vSD9SYYN7MXXGxm60CyVc1ivfqMBVXerxfajhM_XiX_SR1R-uJS63ZWZX2lC?key=xJbr7co7cSebvxys1pHhDimI

Facebook LinkArchived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি প্ৰথমে প্ৰথম ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ইনষ্টাগ্ৰাম একাউণ্টত যোৱা ২০২৩ চনৰ ১২ অক্টোবৰত কৰা পোষ্ট এটা পালোঁ। সেই সময়ত ইজৰাইলৰ এয়াৰষ্ট্ৰাইকত পেলেষ্টাইনৰ গাজাত অতি কমেও ১৩৫৪জন লোক নিহত হোৱাৰ বাৰ্তাৰে সেই ফটোখন আপলোড কৰা হৈছিল। ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে অসমৰ ফেচবুক পোষ্টত আপলোড কৰা ক’লাজখনৰ প্ৰথম ফটোখন অতি শেহতীয়া বা ২০২৫চনৰ জানুৱাৰী মাহৰ নহয়। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfIMw6-_q0aPOcSjn5YqiNfmw4GcnKRdKMU07Pl3q4i4kjB7vG82AOTlPOUdumIhrce3o6HCSOMHSLUYrG4JO0FooPEVSQJOXFdk76LKU91LhI4kaRoQA0jOoElvI1QwVtitqqk?key=xJbr7co7cSebvxys1pHhDimI

একেখন ফটোৱেই ২০২৪চনৰ অক্টোবাৰ মাহতো আন আন আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিস্থানে ইজৰাইলৰ আক্ৰমণৰ বাতৰিৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা আমি দেখিলোঁ। সেই বাতৰি আপোনালোকে ইয়াত আৰু ইয়াত পঢ়িব পাৰিব। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdPR-U7xwW6gdmdPWEEM0rn3nCHBmBBnmB7ydl_cg927hjT9yRIaOzM8-qnemtcWlEBbI2u3feq8-HKP3t_5afBfT7U6yKqZgC4mRJsVEdK9ApOgHdkByMGFM-eujSCv95oES45Uw?key=xJbr7co7cSebvxys1pHhDimI

ইয়াৰ পাছত আমি দ্বিতীয় ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই ফটোখনো একাধিক পুৰণি বাতৰিৰ সৈতে সংলগ্ন ৰূপত পালোঁ। দ্য গাৰ্ডিয়ানৰ এটা পুৰণি বাতৰি( ২০২৩ চনৰ ১ নৱেম্বৰত প্ৰকাশিত)ত সেই ফটোখন আমি দেখিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfzYqdRwETwTNOr7iiVXO3w0EPz27Is99Vr7CiBAlRF1ukRaRvD7Jq_x25bSvA9T79SyudrazYNHyu0CbBHBjuP_jyPhtDkKYId00PFPgrKoDENw8xdL42Pty_t64AFpRTBOJmt?key=xJbr7co7cSebvxys1pHhDimI

ইয়াৰ উপৰিও একেদিনাই প্ৰকাশ হোৱা আন এটা আন্তঃৰাষ্ট্ৰীয় বাতৰিতো সেই একেখন ফটো আমি দেখিলোঁ। তাত ফটোখন ২০২৩ চনৰ অক্টোবৰৰ ৩১ তাৰিখৰ বুলি উল্লেখ কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeEZgh8qdqCPOTljRKOY9P1cEGPxaslYh-5JU4wrH9tIMrGpfHxv7fwCL4Z6GNi9flre67_ImLkk9DaZOpxQZYj8qsYM-EP6gqcWxVvD23xB1ydLg6ldz5gUcSh0KeLkS-3g1SPEA?key=xJbr7co7cSebvxys1pHhDimI

এই তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে অসমৰ ফেচবুকত ব্যৱহাৰ কৰা ক’লাজখনৰ দ্বিতীয় ফটোখন ২০২৩চনৰেই।

তাৰ পাছত আমি তৃতীয় ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোতে দ্য ডেইলী গাৰ্ডিয়ান কাকতৰ ১১ অক্টোবৰ ২০২৩ত প্ৰকাশিত এটা বাতৰিত সেই ফটোখন পালোঁ। বাতৰিটোত হামাছৰ সেনাধ্যক্ষৰ পিতৃৰ বাসগৃহত ইজৰাইলে কৰা বোমা আক্ৰমণৰ কথা লিখা হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcbQ5P9Sj7-fl5LwmfBPoFkPdZ9bsImvy4Ka_l8NPIbkXfeShCxAsxGn9WJvCRx8dvODtCbFE9wyaPJ4eyQH44JR4doy0kFtfkohowcTevJoXbf02E_OZgiV-xrbRgG7Z2Zf5Ic?key=xJbr7co7cSebvxys1pHhDimI

আনহাতে হামাছৰ ৩৬সংখ্যক প্ৰতিস্থা দিৱসত ইজৰাইলে সেয়া তেওঁলোকৰ শেষ জন্মদিন হ’ব পাৰে বুলি উল্লেখ কৰা সন্দৰ্ভত ২০২৩ চনৰ ১৫ ডিচেম্বৰত ইণ্ডিয়া টুডেই পৰিবেশন কৰা বাতৰিতো এই একেখন ফটোকে ব্যৱহাৰ কৰা হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcVFcwkCKm2Pm8WVzBbPLHRkPf2RlIQqhtyl5ZUXX5--_94TZh1jUb44zEpfcB9IQ5gq2_u2aDgacKC7khFMBDUpiQwozXYzLh561Q_DHxD3p5V91u_fpuKhA2pC1vtzj8XfRvn5w?key=xJbr7co7cSebvxys1pHhDimI

এই তথ্যই নিশ্চিতি প্ৰদান কৰিছে যে তৃতীয় ফটোখনো পুৰণি। ২০২৩ চনৰ অক্টোবৰ মাহৰে ইজৰাইলৰ আক্ৰমণৰ ফটো সেইখন। 

সৰ্বশেষত আমি চতুৰ্থ ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়াও আমি ২০২৩ চনৰ অক্টোবৰ মাহৰ পৰা পৰিবেশন কৰা বিভিন্ন বাতৰি লাভ কৰিলোঁ, য’ত সেই ফটোখন ব্যৱহাৰ কৰা হৈছিল। ৯ অক্টোবৰ ২০২৩ত নিউজ ১৮এ গাজা ষ্ট্ৰিপত ইজৰাইলৰ এয়াৰষ্ট্ৰাইক সন্দৰ্ভত পৰিবেশন কৰা এটা বাতৰিত সেই ফটোখন ব্যৱহাৰ কৰা হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeOSI0kX5oOliyyj3brxJN6gJGveE0JYfNqkS4XnJVcElEIKb8PETLLF7s5r3Z-daS25ywEFr7DrBViD3rD76msIFMk7I1RIUSXp7rM1pRUxQYB91_-hZeqF2i6oLXUfFW6r0W3WA?key=xJbr7co7cSebvxys1pHhDimI

১২ অক্টোবৰ ২০২৩ত দি ইণ্ডিয়ান এক্সপ্ৰেছত পৰিবেশিত এক বাতৰিতো একেখন ফটোকে ব্যৱহাৰ কৰা হৈছে। লগতে একেই সংবাদ প্ৰতিস্থানৰ ১১ নৱেম্বৰৰ বাতৰিতো ফটোখন সংলগ্ন কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdR-8XUes787M4SAMGTqLNr0JobYrsmh4oXmiWhxPCir0Nc67IsA4tNSPzJo3J_Wxpv55IJ0ncKv7dAXFfZ12DSoQyBURX3PYF7n7VDzH5Bh3_OBFp8qiolGGD7phjiTqs2QuOQ?key=xJbr7co7cSebvxys1pHhDimI

এই তথ্যয়ো প্ৰমান কৰিলে যে চতুৰ্থ ফটোখনো ২০২৩ চনৰ অক্টোবৰৰেই। এতিয়াৰ নহয়। 

সামগ্ৰিকভাৱে আমি এই সিদ্ধান্তত উপনীত হৈছোঁ যে অসমৰ ফেচবুকত আপলোড কৰা ক’লাজখনৰ ফটো চাৰিওখন শেহতীয়া অথবা ২০১৫ চনৰ জানুৱাৰী মাহৰ নহয়। সেই ফটোকেইখন গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণৰে হয় যদিও সেয়া ২০২৩চনৰ অক্টোবৰ মাহৰে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। ক’লাজখনৰ ফটো চাৰিওখন শেহতীয়া অথবা ২০১৫ চনৰ জানুৱাৰী মাহৰ নহয়। সেই ফটোকেইখন গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণৰে হয় যদিও সেয়া ২০২৩চনৰ অক্টোবৰ মাহৰে।   

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২৩চনৰ অক্টোবৰ মাহৰ ফটোকে ২০২৫চনৰ জানুৱাৰীৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *