পুটিনে শ্ৰীমদ্ভাগৱত গীতা পঢ়ি থকা ফটোখন আচলতে AI Generated বা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট।

False Social

শেহতীয়াকৈ অসমৰ সামাজিক মাধ্যমত এখন বিশেষ ফটো বিয়পি পৰা দেখা গৈছে। ফটোখনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বিমানৰ ভিতৰত এখন বিশেষ গ্ৰন্থ হাতত লৈ থকা দেখা যায়। ফেচবুক পোষ্টযোগে সেয়া ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক উপহাৰ দিয়া শ্ৰীমদ্ভাগৱত গীতাখন পুটিনে পঢ়ি গৈ থকা বুলি দাবী কৰা হৈছে। 

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি হিন্দী, ইংৰাজী আদি অন্য ভাষাতো বিভিন্ন ব্যৱহাৰকাৰীয়ে সেইখন ব্যৱহাৰ কৰি পোষ্ট কৰা লক্ষ্য কৰিলোঁ। তাৰ মাজতে এটা ৰিটুইট পালোঁ। সেই ৰিটুইটটোত ব্যৱহাৰকাৰীয়ে সেই ফটোখন AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বুলি উল্লেখ কৰা দেখিলোঁ। কোৱা হৈছে যে ভ্লাদিমিৰ পুটিনে নিশাৰ ভাগত ভাৰতৰ পৰা ৰাছিয়ালৈ উৰা মাৰিছিল আৰু ফটোখনত বিমানৰ খিৰিকীৰে সূৰ্য্যৰ পোহৰ সোমাই অহা দেখা গৈছে। যিটো নিশাৰ ভাগত সম্ভৱ নহয়। 

আন এগৰাকী ব্যৱহাৰকাৰীয়ে তাত কমেণ্ট কৰি কৈছিল যে সেয়া হয়তো দোকমোকালি। তেওঁ ৰাছিয়াত প্ৰৱেশ কৰাৰ সময়ত হয়তো তাত দোকমোকালিৰ পোহৰ সোমাইছিল। তাৰ উত্তৰত তেওঁ সময়ৰ হিচাপ উল্লেখ কৰি কৈছিল যে ৬.৩০ ঘণ্টীয়া উৰণৰ অন্তত মস্কোত যদি তেতিয়া ৩ বাজিছিল,তেতিয়াও শীতৰ পুৱতি নিশা এইহেন সূৰ্য্যৰ ৰশ্মিৰ প্ৰৱেশ সম্ভৱ নহয়।

ইয়াৰে আঁত ধৰি আমি সেই ফটোখন সঁচাকৈয়ে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হয় নে নহয়, তাৰ বাবে একাধিক কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট ফটো নিৰূপক ৱেবছাইটৰ সহায় ল’লোঁ। হাইভ মোডাৰেছনৰ মতে এই ফটোখন কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰাৰ সম্ভাৱনা ৯৯.৯ শতাংশ। 

চিন্থআইডিৰ মতে এই ফটোখন গুগল এআইৰ জৰিয়তে সৃষ্টি কৰাৰ সম্ভাৱনা প্ৰচুৰ। 

আনহাতে হাগিংফেচৰ মতে এই ফটোখন ১০০ শতাংশই কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা।

ইমানতে ক্ষান্ত নাথাকি আমি এইবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে নিজৰ সামাজিক মাধ্যমত এই ফটোখন প্ৰচাৰ কৰিছে নেকি তাকেই পৰীক্ষা কৰি চালোঁ। প্ৰথমে আমি তেখেতৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো চালোঁ আৰু তাত এই ফটোখন নাপালোঁ। 

তাৰ পাছত আমি তেখেতৰ এক্স হেণ্ডেলটো চালোঁ। তাতো এই ফটোখন নাপালোঁ। 

শেষত আমি ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ আনুষ্ঠানিক ৱেবছাইটটো পৰীক্ষা কৰিলোঁ। তাত পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ৰ অন্য অনুষ্ঠানবোৰৰ সবিশেষ পালোঁ যদিও এই ফটোখন বা এইধৰণে ওভটনি যাত্ৰাত শ্ৰীমদ্ভাগৱত গীতা পঢ়া কোনো তথ্য নাপালোঁ। 

আমি আমাৰ দেশৰ তথা আন্তঃৰাষ্ট্ৰীয় বিভিন্ন প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানৰ বাতৰিও বিচাৰি চালোঁ। কিন্তু ক’তো এইধৰণে পুটিনে ৰাছিয়ালৈ উভটি যোৱাৰ সময়ত মোদীয়ে উপহাৰ দিয়া শ্ৰীমদ্ভাগৱত গীতা পঢ়ি যোৱা খবৰ লাভ নকৰিলোঁ। 

ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে দাবীটো মিছা। ফটোখন আচলতে AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। এই ফটোখন আচলতে AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পুটিনে শ্ৰীমদ্ভাগৱত গীতা পঢ়ি থকা ফটোখন আচলতে AI Generated বা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *