
শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ৰাহুল গান্ধীয়ে ভাষণ দি থকা এটা ভিডিঅ’ আপলোড কৰিছে, যিটো ভিডিঅ’ত ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো কেৱল ইছলাম ধৰ্মৰ পৰা লৈছিল বুলি কোৱা শুনা হৈছে। ব্যৱহাৰকাৰীগৰাকীয়ে দাবী কৰিছে যে ৰাহুল গান্ধীয়ে নিজৰ ভাষণত মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো কেৱল ইছলামৰ পৰাহে লৈছিল বুলি কৈছিল। কেপছনত লিখিছেঃ- ৰাহুল গান্ধীয়ে কৈছে মহাত্মা গান্ধীয়ে হেনো #পুৰাতন_ভাৰতীয়_ধৰ্ম_ইছলামৰ পৰাহে অহিংসাৰ আদৰ্শ লৈছিল, #নিচাগ্ৰস্ত_অহৌবলিয়া ৰাহুল গান্ধীক কংগ্ৰেছ দলৰ বাকী নেতাবোৰে কেনেকৈ নেতা মানি থাকে ?
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি প্ৰথমে সেই ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ২০১৯ চনৰ ১০ জানুৱাৰীত Priyanka Gandhi – Indira II নামৰ ফেচবুক একাউণ্টটোত ৰাহুল গান্ধীয়ে দিয়া সেই ভাষণটোৰ সম্পূৰ্ণ সংস্কৰণটো পালোঁ। তাত দেখিলোঁ যে ভিডিঅ’টোৰ প্ৰায় ২২ মিনিটৰ পৰা হিংসা আৰু অহিংসাৰ প্ৰসংগটো ৰাহুল গান্ধীয়ে উল্লেখ কৰিছিল। তাতেই তেওঁ কৈছে যে অহিংসা প্ৰতিগৰাকী ভাৰতীয়ৰ তেজত সোমাই আছে। মহাত্মা গান্ধীয়ে অহিংসাৰ সেই ধাৰণা লৈছিল প্ৰাচীন ভাৰতীয় ইতিহাসৰ পৰা, অহিংসৰ ধাৰণা লৈছিল বিভিন্ন ধৰ্ম যেনে ইছলাম, খ্ৰীষ্টধৰ্ম, জুডাইজম আদিৰ পৰা বুলি ৰাহুল গান্ধীয়ে কোৱা আমি শুনিলোঁ।
সেই ভিডিঅ’টোত আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতীক চিহ্নটো আৰু ইণ্ডিয়ান নেছনেল কংগ্ৰেছ বুলি লিখা ৱাটাৰমাৰ্ক দেখিলোঁ। তাৰে আধাৰত আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সামাজিক মাধ্যমত সেই ভিডিঅ’টো আছে নেকি তাকে বিচাৰি চালোঁ। তেতিয়া আমি Indian National Congress ৰ অফিচিয়েল ফেচবুক পেজটোত ১১ জানুৱাৰী ২০১৯ত আপলোড কৰা Watch the full address of Congress President Rahul Gandhi to the Indian diaspora in Dubai.নামৰ সম্পূৰ্ণ ভিডিঅ’টো পালোঁ। তাতো একেধৰণে প্ৰায় ২২ মিনিটৰ পাছত ৰাহুল গান্ধীয়ে ভাষণত মহাত্মা গান্ধীয়ে অহিংসাৰ সেই ধাৰণা লৈছিল প্ৰাচীন ভাৰতীয় ইতিহাসৰ পৰা, অহিংসৰ ধাৰণা লৈছিল বিভিন্ন ধৰ্ম যেনে ইছলাম, খ্ৰীষ্টধৰ্ম, জুডাইজম আদিৰ পৰা বুলি কোৱা আমি শুনিলোঁ।
তদুপৰি Indian National Congress ৰ অফিচিয়েল ইউটিউৱ চেনেলটোতো একেধৰণে আমি ৰাহুল গান্ধীয়ে ডুবাইত দিয়া সেই ভাষণটো সম্পূৰ্ণৰূপে আপলোড কৰি থোৱা দেখিলোঁ।
ইয়াৰ পৰা আমি নিশ্চিত হৈছোঁ যে ৰাহুল গান্ধীয়ে আচলতে ২০১৯ চনৰ ১০ জানুৱাৰীত ডুবাইস্থিত প্ৰৱাসী ভাৰতীয়সকলৰ আগত দিয়া ভাষণটোত মহাত্মা গান্ধীয়ে প্ৰাচীন ভাৰতীয় সংস্কৃতি, ইছলাম, খ্ৰীষ্টধৰ্ম, জুডাইজম আদিৰ পৰা অহিংসাৰ ধাৰণাটো লৈছিল বুলি কৈছিল। তাৰে ক্ষুদ্ৰ অংশ এটা কাটি ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীয়ে ইছলামৰ পৰাহে অহিংসাৰ ধাৰণা লৈছিল বুলি কোৱা বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। প্ৰকৃততে ৰাহুল গান্ধীয়ে নিজৰ ভাষণত কৈছিল যে মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো প্ৰাচীন ভাৰতীয় সংস্কৃতি, ইছলাম, খ্ৰীষ্টধৰ্ম, জুডাইজম আদি ধৰ্মৰ পৰা লৈছিল। ভাইৰেল ক্লিপটো অসম্পূৰ্ণ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ৰাহুল গান্ধীয়ে নিজৰ ভাষণত মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো কেৱল ইছলামৰ পৰা লোৱা বুলি কোৱা নাছিল। এয়া বিভ্ৰান্তিকৰ দাবী।
Fact Check By: Pranjal SharmaResult: Misleading
