মিছা ভিডিঅ’ৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে পৰাজয় স্বীকাৰ কৰা বুলি দাবী।

False Social

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তান আক্ৰমণ কৰি যুদ্ধত পৰাভূত কৰাৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফে সংবাদ মাধ্যমৰ আগত পৰাজয় স্বীকাৰ কৰি দেশবাসীক সম্বোধন কৰা দৃশ্য। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfqVl37Ex0s60cOoxKydqgfwM_fjj9SocHX-TVn5FUibfjZrXYS5C9WKe4h6gsfJ9G4dqSWpi96o1GPi2-N8JS5ODKfKZyojHQNscC_tGjvyuKIDbIYTlyJcxy4OMOREjoF6bjLxQ?key=xYNSUwliDShcSSHqZG2YEw

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। তদুপৰি আমি অপাৰেচন সিন্দূৰ আৰু শ্বাহবাজ শ্বৰিফ সন্মৰ্কত প্ৰাসংগিক শব্দেৰে কী-ৱৰ্ড ছাৰ্চ কৰিও চালোঁ। তেতিয়া আমি যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দিয়া আনুষ্ঠানিক ভাষণটো লাভ কৰিলোঁ। তাত আমি ক’তো এনেকুৱা তথ্য লাভ নকৰিলোঁ যে ১০মে’ৰ যুদ্ধবিৰতিৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰাজয় স্বীকাৰ কৰি লৈছে। 

 

পৰৱৰ্তী অনুসন্ধানত আমি ভাইৰেল ভিডিঅ’টোৰ মূল ভিডিঅ’টো বিচাৰিবলৈ ধৰিলোঁ। পাকিস্তানৰ চৰকাৰী সম্প্ৰচাৰক PTV Parliament ৰ অফিচিয়েল ইউটিউব চেনেলত আমি ভাইৰেল ভিডিঅ’টোৰ সম্পূৰ্ণ সংস্কৰণ পালোঁ। এই দৃশ্যটো অ’পাৰেচন সিন্দূৰৰ পাছত, ৭ মে’ ২০২৫ত সংসদত শ্বাহবাজ শ্বৰীফে দিয়া ভাষণৰহে।  

 

মূল ভিডিঅ’টোত শ্বৰীফে ভাইৰেল ক্লিপটোত থকাৰ দৰে বক্তব্য ক’তো নাই। ইয়াৰ উপৰিও, আমি তেওঁ সংসদত এনে মন্তব্য কৰা বুলি প্ৰকাশ কৰা কোনোধৰণ বিশ্বাসযোগ্য বাতৰি বা প্ৰতিবেদনো পোৱা নাই। 

আমি ভাইৰেল ভিডিঅ’টো আৰু অনুসন্ধানত পোৱা মূল ভিডিঅ’টো বিশ্লেষণ কৰিলোঁ। ভাইৰেল ভিডিঅ’টো ভালদৰে পৰীক্ষা কৰোতে আমাৰ সন্দেহ হ’ল যে ইয়াক এডিট কৰা হৈছে। প্ৰথমটো সূচক আছিল যে একেটা ক্লিপকে কেইবাবাৰো পুনৰাবৃত্তি কৰা হৈছে—উদাহৰণস্বৰূপে, শ্বাহবাজ শ্বৰীফৰ পিছত বহা ব্যক্তিজনে কেইবাবাৰো একে ধৰণে হাত লৰোৱা দেখা গৈছে। তাৰোপৰি, ৪৮ ছেকেণ্ডৰ পাছত শ্বৰীফৰ সন্মুখৰ প’ডিয়ামত থকা কিতাপ এখন অস্বাভাৱিকভাৱে বতাহত উৰি উঠা যেন দেখা গৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfEoY4Jbvx9FEq6HXqJLR13HZO0JeQqTXFFNMBDel4e7osGCROfJvmyF5jY_ZnsrU242o8mN7WMhFoSZZ12Ojo3GG-kl3Zti8miMa4UXDHEVxmrp9BF8J8q7laDg9830dmJqPyeFw?key=xYNSUwliDShcSSHqZG2YEw

ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে যিটো ভিডিঅ’ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফে ভাৰতৰ ওচৰত যুদ্ধত পৰাজয় স্বীকাৰ কৰা বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে এটা সম্পাদিত ভিডিঅ’হে। মূল ভিডিঅ’টোত তেনেকুৱা কোনো কথায়ে নাই। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো ভিডিঅ’ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফে ভাৰতৰ ওচৰত যুদ্ধত পৰাজয় স্বীকাৰ কৰা বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে এটা সম্পাদিত ভিডিঅ’হে। মূল ভিডিঅ’টোত তেনেকুৱা কোনো কথায়ে নাই। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মিছা ভিডিঅ’ৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে পৰাজয় স্বীকাৰ কৰা বুলি দাবী।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *