
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতৰ এখন ৰাফেল বিমান পাকিস্তানীয়ে আক্ৰমণ কৰি বগৰাই দিছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তাৰ ফলত আমি সেই ভিডিঅ’টো ET NOW ৰ ফেচবুক একাউণ্টত ২০২৪ৰ জুনত আপলোড হোৱা ৰূপত পালোঁ। ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে সেই ভিডিঅ’টো সাম্প্ৰতিক নহয় আৰু ইয়াৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে কোনো সম্পৰ্ক নাই।
খবৰ অনুসৰি ই হৈছে নাসিকত হোৱা যুদ্ধবিমান ছুখয় Su-30MKIৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ এক ঘটনা।
ভিডিঅ’টো পোষ্ট কৰোতে লিখা হৈছিল এইদৰে, “ভাৰতীয় বায়ু সেনাৰ এখন ছুখয় যুদ্ধবিমান আজি মহাৰাষ্ট্ৰৰ নাসিকত দুৰ্ঘটনাগ্ৰস্ত হৈছে। অৱশ্যে, দুয়োগৰাকী পাইলটকে দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে।”
প্ৰাপ্ত তথ্যৰ সহায়ত আৰু অধিক সন্ধান কৰোতে আমি Indian Express ৰ এক খবৰ লাভ কৰিলোঁ। ৪ জুন ২০২৪ত প্ৰকাশিত সেই খবৰ মতে, “ভাৰতীয় বায়ু সেনাৰ ছুখয় যুদ্ধবিমান Su-30 MKI মহাৰাষ্ট্ৰৰ নাসিক জিলাত দুৰ্ঘটনাগ্ৰস্ত হৈছে।
নাসিক ৰেঞ্জৰ বিশেষ মহানিৰীক্ষক ডি.আৰ. কৰালে PTI ক জনাইছে যে পাইলট আৰু সহ-পাইলট ক ইতিমধ্যে উদ্ধাৰ হৈছে আৰু তেওঁলোকক হিন্দুস্তান এৰোনটিক্স লিমিটেড (HAL) ৰ হাস্পতাললৈ নিয়া হৈছে।”
ইয়াৰ উপৰিও সেই খবৰটো আপোনালোকে ইয়াত, ইয়াত আৰু ইয়াত পঢ়িব পাৰি।
ইয়াৰ উপৰিও আমি বিভিন্ন কী-ৱৰ্ড ছাৰ্চ কৰি ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজত কোনো যুদ্ধবিমানৰ পতনৰ ঘটনা হৈছে নেকি, সেই সম্পৰ্কে সন্ধান কৰিলোঁ। আমি ক’তো তেনে কোনো ৰিপোৰ্ট নাপালোঁ, যিয়ে ভাইৰেল দাবীটো নিশ্চিত কৰিব পাৰে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানৰ পৰা ক’ব পাৰোঁ যে দাবীটো মিছা। ভাইৰেল ভিডিঅ’টো জুন ২০২৪ৰ, যেতিয়া ভাৰতীয় বায়ু সেনাৰ ছুখয় যুদ্ধবিমান এখন মহাৰাষ্ট্ৰৰ নাসিকত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ভিডিঅ’টোৰ পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:নাসিকত হোৱা ছুখয় যুদ্ধবিমান দুৰ্ঘটনাৰ ভিডিঅ’ এটা ভাৰতৰ ৰাফেল বিমান পাকিস্তানীয়ে ধ্বংস কৰা বুলি মিছা দাবীৰে প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
