অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিবেশনলৈ এজনো ইছলামধৰ্মী সাহিত্যিকক আমন্ত্ৰণ জনোৱা হোৱা নাই বুলি মিছা দাবীৰে বাতৰি প্ৰচাৰ কৰা হৈছে।

False Social

শেহতীয়াভাৱে  যোৱা ৩০ জানুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজে এটা পোষ্ট কৰি দাবী কৰিছে যে অসমৰ পাঠশালাত আয়োজন কৰা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিবেশনত এজনো ইছলামধৰ্মী সাহিত্যিক তথা বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হোৱা নাই। অধিবেশনৰ মূল কাৰ্যসূচীৰ প্ৰথম পৃষ্ঠাটো আপলোড কৰি তেওঁলোকে লিখিছেঃ- শ্বহীদ মোজাম্মিল হ’কে প্ৰাণ দি ৰক্ষা কৰিছিল অসমীয়া ভাষা। আজি অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত নাই কোনো এজন ইছলামধৰ্মী সাহিত্যিক, বিশিষ্ট ব্যক্তিৰ নাম। অসমীয়া সাহিত্য সংস্কৃতিৰ হৈ কাম কৰি অহা লাখ লাখ ইছলামধৰ্মীক চৰম অপমান সাহিত্য সভাৰ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeSdZs3Ina_Qvt3eDGyk0bDoUSA1Iz0wTEqRbMdt4dzxYwJCsBY1nx-fYx7k0ghqppyAgcpq1hnVi_uc22F_204ryx7C6QthHphw1a7HR8XKCP2E6If7n92JiZXHLDPqZ119OpHvA?key=5lVuT_u3YiRSTZ4b_AjBYdZI

Facebook LinkArchived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমাৰ চকুত পৰিল সেই পোষ্টটোৰ তলত অসমৰ প্ৰসিদ্ধ সাহিত্যিক কথা লোক সংস্কৃতিৰ গৱেষক ইছমাইল হোছেইনে কৰা মন্তব্যটোত। তাত তেওঁ পোষ্টটোৰ ক্ষেত্ৰত লিখিছেঃ-  ভুল বাতৰি৷ইদ্ৰিছ আলি,কামালুদ্দিন আহমেদ,হাফিজ আহমেদ,আনোৱাৰ হুছেইন আদিৰ নাম নিমন্ত্ৰণী পত্ৰত আছে৷

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfqyEx5hbS3zP8k2QxOcvXjQjgMVIH3jYeKmyFfR-tp0m1rhusAYwMu8rD2MKW9RlXpf7oZcrTBiRZ3VF6yJek7B5X_gCMswTHpcja6-CgMmbICeLi5ZijoRi1vNKNqrMc3P64LnQ?key=5lVuT_u3YiRSTZ4b_AjBYdZI

এইবাৰ আমি ৩১ জানুৱাৰী, ২০২৫ৰ পৰা ৪ ফেব্ৰুৱাৰী ২০২৫লৈ আয়োজন কৰা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিবেশনৰ মূল কাৰ্যসূচীখন সংগ্ৰহ কৰিলোঁ আৰু প্ৰতিটো কাৰ্যসূচীৰ অনুষ্ঠানসমুহলৈ আমন্ত্ৰিত সাহিত্যিক তথা অন্য বিশিষ্ট ব্যক্তিসকলৰ নাম পৰীক্ষা কৰিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdsupuxBxb1N7il03YkvR2wy_A-BLuR92t5FzLQHdvu_TilOgV-priG8IR_Rq0CUdRh5rlvbC4PEdtdZGqfqqP2gL8dRwLmGJLndOYlStjFyTxCGFhTxBu_mvN-K_nCXjwQ-ZTt?key=5lVuT_u3YiRSTZ4b_AjBYdZI

তেতিয়া আমি দেখিলোঁ যে ১ ফেব্ৰুৱাৰী ২০২৫, শনিবাৰে ৰাতিপুৱা ১০ বাজি ৩০ মিনিটৰ পৰা অনুষ্ঠিত হ’বলগীয়া “স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ উন্মোচনী সভা, জনগোষ্ঠীয় সাহিত্য সন্মিলন”লৈ সন্মানীয় অতিথি হিচাপে আমন্ত্ৰিত হৈছে চৰ চাপৰি সাহিত্য পৰিষদৰ সভাপতি আৰু সম্পাদক ক্ৰমে ড০ হাফিজ আহমেদ আৰু আনোৱাৰ হুছেইন। 

তদুপৰি একেদিনাই সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া কবি সন্মিলনৰ সঞ্চালক হিচাপে আমন্ত্ৰিত হৈছে বিশিষ্ট কবি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক কামালুদ্দিন আহমেদ। 

ইয়াৰ উপৰিও সেই দিনটোতেই সন্ধিয়া ৫ বাজি ৩০ মিনিটৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিনিধি সভাতো উদ্বোধক হিচাপে আমন্ত্ৰিত হৈছে এগৰাকী প্ৰসিদ্ধ ইছলামধৰ্মী সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি অধ্যাপক ইদ্ৰিছ আলী। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdNn8lu0Gyr3TqY9EIB993ZfoJFbKVj52UqYDJ2eNhzJUFHrpqhagzWOwYh202N7r4meBhmjyX215BuXyvNOfhLQFVu0u9Qkp4t58-nuQULOfA0b33yAQ8Qb4dSdQ-KyaB-qPfqxw?key=5lVuT_u3YiRSTZ4b_AjBYdZI

কেৱল ইমানেই নহয়, ২ ফেব্ৰুৱাৰী, ২০২৫ দেওবাৰে আয়োজন কৰা প্ৰথম মুকলি সভাতো সন্মানীয় অতিথি হিচাপে আমন্ত্ৰিত হৈছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা আন এগৰাকী প্ৰসিদ্ধ ইছলামধৰ্মী সাহিত্যিক ইমৰান শ্বাহ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfyJmFJEmO7z0BgI3oSn9NZOn2q6-CpiwTi-yKgEt9XQ4P3NIONSdl2l6N-_w9SOC24c9z54Ay-P3miVjYMS5F_F97ViOfUfGU2FJ0j364LRqCupE_I1xmVKyz7o9dLRFpzqGIxLA?key=5lVuT_u3YiRSTZ4b_AjBYdZI

মূল কাৰ্যসূচীখন এইদৰে পৰীক্ষা কৰাৰ অন্তত আমি অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক ড০ উপেন্দ্ৰজিত শৰ্মা আৰু অসম সাহিত্য সভাৰ সপ্তসপ্ততিম দ্বিবাৰ্ষিক পাঠশালা অধিবেশনৰ আদৰণী সমিতিৰ সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰীৰ সৈতে যোগাযোগ কৰিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdERsa0lEKk7XfKYvnL6VOcs2YD06MRHDCRzEV0HvIPPAuLoLDj6ZJTFgYlbNidiGZCz50JWZUKNTeLEkcWg-nKD7titgTjMkteH0Sm6Isc9gGbshLObvOIlw3C74Z2pORFrFtV6A?key=5lVuT_u3YiRSTZ4b_AjBYdZI

দুয়োগৰাকী বিষয়ববীয়াই আমাক জানিবলৈ দিয়ে যে প্ৰকাশিত মূল কাৰ্যসূচীখনৰ ধৰণেৰেই সেইসকল সাহিত্যিক তথা বিশিষ্ট ব্যক্তিক বিভিন্ন সময়ত আয়োজিত হ’বলগীয়া বিভিন্ন কাৰ্যসূচীত নিৰ্দিষ্ট দায়িত্বসহ আমন্ত্ৰণ জনোৱা হৈছে। 

ইয়াৰদ্বাৰাই আমি নিশ্চিত হৈছোঁ যে অসমৰ ফেচবুক পেজটোৱে অসম সাহিত্য সভাৰ পাঠশালা আধিবেশনলৈ এজনো ইছলামধৰ্মী সাহিত্যিকক আমন্ত্ৰণ নজনোৱা বুলি কৰা দাবীটো মিছা। প্ৰকৃততে কেইবাগৰাকীও ইছলামধৰ্মী অসমীয়া সাহিত্যিকক বিভিন্ন কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। কেইবাগৰাকীও ইছলামধৰ্মী অসমীয়া সাহিত্যিকক বিভিন্ন কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিবেশনলৈ এজনো ইছলামধৰ্মী সাহিত্যিকক আমন্ত্ৰণ জনোৱা হোৱা নাই বুলি মিছা দাবীৰে বাতৰি প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *