এয়া আৰাৱলী পৰ্বতৰ খননৰ বিৰুদ্ধে ৰাজস্থানৰ প্ৰতিবাদৰ দৃশ্য নহয়।   

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্যটো আৰাৱলী পৰ্বতৰ খননৰ বিৰুদ্ধে ৰাজস্থানত হোৱা প্ৰতিবাদৰ বুলি দাবী কৰিছে।  

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তাৰ ফলাফলৰ পৰা আমি জানিব পাৰিলোঁ যে এই ভিডিঅ’টো ‘প্ৰকাশ বাসৱা’ নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছিল। এই ভিডিঅ’টো ১৬ নৱেম্বৰ ২০২৫ তাৰিখে আপলোড কৰা হৈছিল।ইয়াৰ সৈতে দিয়া তথ্য অনুসৰি এই ভিডিঅ’টো ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আম আদমি পাৰ্টিৰ বিধায়ক চৈতৰ বাসৱাৰ উদ্যোগত আয়োজন কৰা এক অনুষ্ঠানৰ।

আমি আৰু অধিক সন্ধান কৰি গুজৰাটৰ দেদিয়াপাদা সমষ্টিৰ আম আদমী পাৰ্টিৰ বিধায়ক চৈতৰ বাসৱাৰ ইনষ্টাগ্ৰাম একাউণ্টত এই ভিডিঅ’টো পালোঁ। এই ভিডিঅ’টো ১৫ নৱেম্বৰ ২০২৫ তাৰিখে শ্বেয়াৰ কৰা হৈছিল।

লগতে আৰু অধিক অনুসন্ধানৰ অন্তত আমি দিব্য ভাস্কৰে প্ৰকাশ কৰা এক প্ৰতিবেদন পালোঁ। য’ত তথ্য দিয়া হৈছিল যে, “ভাৰুচ জিলাৰ নেত্ৰাঙত বিপ্লৱী বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়।এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দেদিয়াপাদৰ পৰা আম আদমি পাৰ্টিৰ বিধায়ক চৈতৰ বাসৱ। অনুষ্ঠানৰ অন্তত বিধায়ক বাসৱাই এক বিশাল জনসভাত ভাষণ প্ৰদান কৰে।”

এইদৰে আমাৰ অনুসন্ধানত এই দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। কাৰণ, এই ভিডিঅ’টো ২০২৫ চনৰ নৱেম্বৰৰ, য’ত আম আদমি পাৰ্টিৰ বিধায়ক চতুৰ বাসৱাই ভৰুচৰ নেত্ৰাঙত ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰিছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। এই ভিডিঅ’টো ২০২৫ চনৰ নৱেম্বৰৰ, য’ত আম আদমি পাৰ্টিৰ বিধায়ক চতুৰ বাসৱাই ভৰুচৰ নেত্ৰাঙত ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰিছিল। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এয়া আৰাৱলী পৰ্বতৰ খননৰ বিৰুদ্ধে ৰাজস্থানৰ প্ৰতিবাদৰ দৃশ্য নহয়।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *