জিঅ’ৰ ইলেক্ট্ৰিক চাইকেল মুকলি হ’ব বুলি চৰ্চাহে লাভ কৰিছে, কিন্তু আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।  

False Social

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজৰ পৰা এখন ফটো আপলোড কৰি দাবী কৰা হৈছে যে ৰিলায়েন্স জিঅ’ই ইতিমধ্যেই জিঅ’ ইলেক্ট্ৰিক চাইকেল বজাৰত মুকলি কৰি দিছে। মুকেশ আম্বানী আৰু এখন ইলেক্ট্ৰিক চাইকেলৰ ফটো সংলগ্ন কৰি আপলোড কৰা ফটোখনত লিখা হৈছে এইদৰেঃ  JIOই মুকলি কৰিলে JIO ELECTRIC CYCLE। মাত্ৰ ২৯,৯৯৯ টকাৰ পৰা ক্ৰয় কৰিব পাৰিব ইলেক্ট্ৰিক চাইকেলখন। এবাৰ চাৰ্জ দিলে চলাব পাৰিব প্ৰায় ৪০০ কিলোমিটাৰ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdkJkb24bqn72vYfjTTLbP0SqxmZTozk2csWcfF07Uwl5KLHzySucSxvtv7PEe4AzZCJn9vJzj8N4_GnENuJd4wvfkrU74HFlw6_reFRZpACJPTakQg4gCRgwMaSgROmrF4_Zpr8Q?key=LM7gUPgV2vacjOjVDLDerpzi

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি এই সম্পৰ্কে তথ্য লাভৰ বাবে কিছুমান প্ৰাসংগিক কী-ৱৰ্ড লৈ ছাৰ্চ কৰি চালোঁ। সেই সময়ত আমি কোনো প্ৰতিস্থিত আৰু নিৰ্ভৰযোগ্য সংবাদ প্ৰতিষ্ঠানে জিঅ’ই বজাৰত ইলেক্ট্ৰিক চাইকেল মুকলি কৰি দিয়া বুলি পৰিবেশন কৰা তথ্যগত বাতৰি লাভ নকৰিলোঁ। 

এই সন্ধানকালত আমি একাধিক এনেকুৱা লিংক লাভ কৰিলোঁ,য’ত জিঅ’ৰ ইলেক্ট্ৰিক চাইকেল সন্দৰ্ভত লিখা হৈছে। সেই লিখাসমুহত জিঅ’ই শীঘ্ৰেই ইলেক্ট্ৰিক চাইকেল মুকলি কৰিব বুলি বৰ্তমান সময়ত সামাজিক মাধ্যমত বনজুইৰ দৰে বিয়পি পৰা খবৰটোৰ কথা উল্লেখ কৰা হৈছে আৰু এই সম্পৰ্কে জিঅ’ৰ তৰফৰ পৰা এতিয়ালৈকে কোনো অনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই বুলি উল্লেখ কৰা হৈছে। 

India Herald.com নামৰ ৱেবছাইটটোত জিঅ’ৰ ইলেক্ট্ৰিক চাইকেল সম্পৰ্কত প্ৰস্তুত কৰা লেখাটোত চাইকেলখনৰ সম্ভাব্য দামৰ পৰা আৰম্ভ কৰি অন্যান্য বিষয়সমুহ সম্পৰ্কে লিখা হৈছে। চলিত বৰ্ষৰ শেষৰ ফালে এই চাইকেলখন মুকলি কৰি দিয়াৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰা হৈছে। কিন্তু তাত উল্লেখ কৰা হৈছে যে এই সম্পৰ্কে নিশ্চিত খবৰ জিঅ’ৰ ফালৰ পৰা এতিয়ালৈকো ঘোষণা কৰা হোৱা নাই। এই সম্পৰ্কত বহু কথা সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে বুলি লেখাটোত প্ৰকাশ কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdo9QOeby-rN8giBJBGjgpn4FUuBzSo6nskQ2KP20_4w90h7b-KSKC33hiQQpJT5jGrFzu-RJQfJkrmWg0GPselawQ7HuGZwzqdYMFJpthHW6YJXhL-eLiam0CrY6PrOgYRN3zpIw?key=LM7gUPgV2vacjOjVDLDerpzi

তদুপৰি আন এটা ৱেবছাইটত প্ৰকাশিত এটা লেখাত আমি দেখিলোঁ যে চৰ্চিত এই চাইকেলখন চলিত বছৰটোৰ শেষৰফালে মুকলি কৰি দিয়াৰ সম্ভৱনা আছে যদিও এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। সামাজিক মাধ্যমত ইয়াৰ দামৰ পৰা আদি কৰি বিভিন্ন সা সুবিধাৰ কথা ভাইৰেল হৈ পৰা বুলি উল্লেখ কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcb-OtnbWqAt6wQIWJxVcC7N-dp6NDMDRGrxcrCJswjBXADp2XxD6BdasQ53mYSPzUskp2yWvd1s44K1DKQNk1dm7rn8M6gUcltInf2KV30GaPTn6aOgmPgw02yLS4lGi4C3Gj8NQ?key=LM7gUPgV2vacjOjVDLDerpzi

এই সম্পৰ্কে প্ৰকাশিত আন এটা লেখাত আমি পঢ়িবলৈ পালোঁ যে সামাজিক মাধ্যমত তথা আমি সত্যতা নিৰূপণ কৰি থকা ফেচবুক পোষ্টতো দাবী কৰা ধৰণে ৩০হেজাৰ টকাত আৰু এবাৰত ৪০০ কিলোমিটাৰ যাব পৰা ক্ষমতা থকা বুলি চৰ্চা লাভ কৰা বিষয়টো আচলতে সত্য হিচাপে বিবেচিত হোৱাটো খুৱেই কঠিন। কাৰণ সেই মূল্যত সাধাৰণতে যিসমুহ ইলেক্ট্ৰিক চাইকেল সম্প্ৰতি উপলব্ধ, সেইসমুহ এবাৰত সৰ্বাধিক ৪০ৰ পৰা ৫০ কিলোমিটাৰ হে যাব পাৰে। ৪০০ কিলোমিটাৰ যাবলৈ নিশ্চিতভাৱে অতি উচ্চমানৰ বেটাৰীৰ প্ৰয়োজন হ’ব আৰু সেই হিচাপত এই দামটো গ্ৰহণযোগ্য হ’ব নে নহ’ব সেই সম্পৰ্কত চিন্তা ব্যক্ত কৰা হৈছে। ইয়াৰ বাবে অধিক গৱেষণা তথা বেটাৰী নিৰ্মাণকাৰী সংস্থাৰ সৈতে অধিক কৰ্মময় আলোচনাৰ প্ৰয়োজন আছে বুলি কোৱা হৈছে। আমি উল্লেখ কৰা এই লেখাটোতো কিন্তু সেই চাইকেলখন এতিয়ালৈকে মুকলি কৰি দিয়া বুলি লিখা হোৱা নাই তথা জিঅ’ৰ তৰফৰ পৰা এই সম্পৰ্কে আনুষ্ঠানিক ঘোষণাৰ কথা উল্লেখ কৰা হোৱা নাই। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfbxr9byww0-pFzyeTXQyD-3vLE2xHC3bMzaNeGDqJwRvlHmxy6DxJw83FaecTo_bYIr_eCYwOpnTK-RbEAYeL7eo0FFy1IR9la4IefPG_iOW8kKO32Ms4E2pUsUrSubiJO3qLLMg?key=LM7gUPgV2vacjOjVDLDerpzi

অধিক নিশ্চিতিৰ বাবে আমি জিঅ’ৰ ৱেবছাইট তথা ফেচবুক, ইনষ্টাগ্ৰাম আৰু এক্স আদি সামাজিক মাধ্যমত থকা পেজ আৰু হেণ্ডেলসমুহ পৰীক্ষা কৰিলোঁ। কিন্তু তাত ক’তোৱেই জিঅ’ৰ ইলেক্ট্ৰিক চাইকেল মুকলি হোৱা বুলি কোনো ঘোষণা নাপালোঁ।

অধিক নিশ্চিতিৰ বাবে আমি জিঅ’ অসম খণ্ডৰ বিপনন প্ৰৱন্ধক উৎপল পাঠকৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেখেতে জানিবলৈ দিয়ে যে জিঅ’ৰ ইলেক্ট্ৰিক চাইকেল ওলাব বুলি সামাজিক মাধ্যমত চৰ্চা চলিছে যদিও এই মুহূৰ্তলৈকে আনুষ্ঠানিক ঘোষণা হোৱা নাই। এগৰাকী কৰ্মচাৰী হিচাপে তেওঁলোকেও সেই বিষয়ে কোনোধৰণৰ নিৰ্দেশনা লাভ কৰা নাই। বিষয়টোৱে কেৱল সামাজিক মাধ্যমতহে চৰ্চা লাভ কৰিছে। কিন্তু বাস্তৱত এতিয়ালৈকে জিঅ’ৰ ইলেক্ট্ৰিক চাইকেল মুকলি হোৱা নাই।

ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে যদিও সামাজিক মাধ্যমত জিঅ’ৰ ইলেক্ট্ৰিক চাইকেল মুকলি হ’ব বুলি ব্যাপক চৰ্চা লাভ কৰিছে,কিন্তু এতিয়ালৈকে তেনেকুৱা কোনো ঘোষণা আনুষ্ঠানিকভাৱে কৰা হোৱা নাই। সেইহেতু অসমৰ ফেচবুক পেজটোৱে জিঅ’ৰ ইলেক্ট্ৰিক চাইকেল মুকলি হোৱা বুলি কৰা ঘোষণাটো সত্য নহয় বুলি আমি অভিহিত কৰিছোঁ। এই দাবী মিছা। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো সত্য নহয়। জিঅ’ৰ ইলেক্ট্ৰিক চাইকেল মুকলি হ’ব বুলি সামাজিক মাধ্যমত চৰ্চাহে লাভ কৰিছে। এতিয়ালৈকে সেই চাইকেল মুকলি হোৱা নাই আৰু সেই সম্পৰ্কে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:জিঅ’ৰ ইলেক্ট্ৰিক চাইকেল মুকলি হ’ব বুলি চৰ্চাহে লাভ কৰিছে, কিন্তু আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।

Fact Check By: Fact Crescendo Assamese 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *