এখন মাদ্ৰাছাৰ বাৰ্ষিক প্ৰতিযোগিতাৰ নাটকৰ দৃশ্যকে বাংলাদেশত আইছিছ, আল-কাইডাৰ কাৰ্যকলাপ বুলি প্ৰচাৰ কৰা হৈছে।

Misleading Social

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা বিশেষ ভিডিঅ’ চৰ্চিত হৈছে। ভিডিঅ’টোত দেখা গৈছে যে পৰিধানত ইছলাম ধৰ্মীয় পোচাকৰ সৈতে একাংশ লোক এখন মঞ্চত বহি আছে। মঞ্চৰ ভাষণস্থলিত এগৰাকী লোকে আৰবী ভাষাত ভাষণ দিছে আৰু তেওঁৰ দুয়োকাষে হাতত উদ্যত মাৰনাস্ত্ৰ ৰৈ আইছিছ আদি সন্ত্ৰাসবাদী সংগঠনৰ দৰে পোচাক পৰিচ্ছদ কৰা দুজন লোক। মঞ্চৰ পিছফালে বৰ বৰ হৰফেৰে লিখা আছে যশোৰ জামিয়া ইছলামিয়া বুলি। ফেচবুক ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া বাংলাদেশৰ দৃশ্য আৰু তাত আইছিছ আৰু আল-কাইডাৰ কাৰ্যকলাপ দেখা পোৱা গৈছে। সেয়া আল-কাইডা বা আইছিছৰ সদস্যৰ দৃশ্য বুলি পোষ্টটোৰ জৰিয়তে দাবী কৰা হৈছে। লিখিছে- #ভয়ানক_খবৰ …বাংলাদেশত #ISIS আৰু #অল_কায়দাৰ কাৰ্য্যকলাপ মুকলিকৈ আৰম্ভ হৈ গ’ল …

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc1bIaVUYAbwKKbpWFyypWJlJLvqknm9cocnI0xEx1-AQuyef8RTREY7sGz5c06cK-Dtzc4fAAQvBb9Nx41iOfScELpBCRipqkEjPGcpJvNRSEqmtWUJilrxqPvDBaRKwn39yqwAg?key=sZ7jC9NOGFLKVdyLDYJiCCfB

Facebook LinkArchived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই বিশেষ ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষন কৰিলোঁ। দেখিলোঁ যে তাত এখন শিক্ষানুস্থানৰ নাম লিখা আছে সেয়া হৈছে যশোৰ জামিয়া ইছলামিয়া। স্থান হিচাপে লিখা আছে ৰামনগৰ, ৰাজাৰহাট,যশোৰ বুলি। আমি ভালকৈ মন কৰি দেখিলোঁ, তাৰ তলতে লিখা আছে বাৰ্ষিক প্ৰতিযোগিতা বুলি। 

এইবাৰ আমি ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি ল’লোঁ। তাৰ পাছত আমি কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি বিভিন্ন বাতৰিৰ লিংক লাভ কৰিলোঁ। বাংলাদেশৰ বহুলভাৱে প্ৰচলিত সংবাদ প্ৰতিস্থান দৈনিক জনকণ্ঠত আমি সেই ভিডিঅ’টো সম্পৰ্কত এক বাতৰি লাভ কৰিলোঁ। বাতৰিটোত সেই ভিডিঅ’টো সামাজিক মাধ্যমত ভুল বাৰ্তাৰে প্ৰচাৰ হোৱাৰ কথা উল্লেখ কৰা হৈছে। সেই বাতৰি অনুসৰি সেয়া যশোৰ জামিয়া ইছলামিয়া নামৰ এখন মাদ্ৰাছাৰ দৃশ্য। মাদ্ৰাছাখনৰ অধ্যক্ষ আৰু শিক্ষা সচিবগৰাকীয়ে কৈছে যে সেয়া তেওঁলোকৰ বাৰ্ষিক প্ৰতিযোগিতাৰ এক অংশ। ছাত্ৰ-ছাত্ৰীসকলে পেলেষ্টাইনৰ জনসাধাৰণৰ মুক্তিৰ সংগ্ৰামক দেখুৱাবলৈ এখন নাটক উপস্থাপন কৰিছিল। মাদ্ৰাছাখনৰ শিক্ষা সম্পাদক মাকফুৰ ৰহমানে কয়, “প্ৰতি বছৰে আমি বাৰ্ষিক প্ৰতিযোগিতা আয়োজন কৰোঁ, য’ত বক্তৃতা, হামাদ, গজল আৰু নাটকত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰা হয়। ১৭ ডিচেম্বৰত ছাত্ৰ-ছাত্ৰীসকলে পেলেষ্টাইনী সংগ্ৰামৰ ওপৰত এখন নাটক মঞ্চস্থ কৰে। তাত দেখুওৱা অস্ত্ৰ-শস্ত্ৰবোৰ আছিল কাঠ আৰু খেৰৰদ্বাৰা তৈয়াৰ কৰা।”

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfvJF0kHHOG8f3koDOypasUctoHllE-NMwMahdgewiYILVzFrGXTJfSBXtz63-goilOwOluYu8V5Phty7ptmkIw7jcWWv8V-T2x0Mwa84JIFwlIF4phkhXpf2NYVwLG0gMSZ5aKrQ?key=sZ7jC9NOGFLKVdyLDYJiCCfB

ইয়াৰ পাছত আমি একেই তথ্য সহকাৰে বাংলাদেশৰ আন এক প্ৰচলিত সংবাদ মাধ্যম সাম্প্ৰতিক দেশকালে এই ভিডিঅ’টো সম্পৰ্কত কৰা বাতৰিটো পালোঁ। তাতো উল্লেখ কৰা হৈছে যে সেই ভিডিঅ’টো সামাজিক মাধ্যমত ভুল বাৰ্তাৰে সৈতে প্ৰচাৰ হৈছে। প্ৰকৃততে মাদ্ৰাছাখনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিভা বিকাশৰ বাবে আয়োজন কৰা বাৰ্ষিক প্ৰতিযোগিতাৰ এক অংশ আছিল সেই নাটকখন। তাত ব্যৱহাৰ কৰা অস্ত্ৰ-সস্ত্ৰসমুহ কাঠেৰে তৈয়াৰ কৰা বুলি উল্লেখ কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfFG1HbF3nDBlq4QXIdFUY_brYww6HGUNUq5wal19uf9nyxZPpc_EWt7ld91GGKOKW5o8P8rXfRiDLAQ6o4fu1VJzHy7x5cAv_ra6v4Lh1hmD1J0xCXfPWTwWjxH2o6XpVeQSciaA?key=sZ7jC9NOGFLKVdyLDYJiCCfB

আনহাতে আন এক প্ৰতিস্থিত সংবাদ প্ৰতিস্থান দৈনিক ইনকিলাবেও এই একেই প্ৰসংগত বাতৰি পৰিবেশন কৰি সেয়া যশোৰ জামিয়া ইছলামিয়া মাদ্ৰাছাৰ বাৰ্ষিক অনুষ্ঠানৰ এক প্ৰতিযোগিতাৰ অংশ হিচাপে পৰিবেশিত নাটকৰ দৃশ্য বুলি উল্লেখ কৰিছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdDNlHnRX_za2qm96Era-HndtHTd9BZD_fpaAD7EktOv7LX_JZcuEDnThia5PlEUV-Jv6af5jYh3LIOeEghDjJUCkERcGsX4lg8xnxAHXkTJIz-PC5gHGcVXVLmSHdopX6I6C8zBw?key=sZ7jC9NOGFLKVdyLDYJiCCfB

আমি লাভ কৰা প্ৰতিটো বাতৰিতেই সেই দৃশ্য যশোৰত থকা যশোৰ জামিয়া ইছলামিয়া নামৰ মাদ্ৰাছাখনৰ বাৰ্ষিক প্ৰতিযোগিতাৰ অংশ হিচাপে পৰিবেশিত এখন নাটকৰ দৃশ্য বুলি অভিহিত কৰা হৈছে। সেই বাতৰিসমুহ আপোনালোকে ইয়াত, ইয়াত,ইয়াত আৰু ইয়াত পঢ়িব পাৰিব। 

ইয়াৰ পৰায়ে নিশ্চিত হৈছে যে সেই দৃশ্যটোত বাংলাদেশত আইছিছ আৰু আল-কাইডাৰ কাৰ্যকলাপ দেখা যোৱা নাই। সেয়া যশোৰ জামিয়া ইছলামিয়া নামৰ মাদ্ৰাছাখনৰ বাৰ্ষিক প্ৰতিযোগিতাৰ এখন নাটকৰ দৃশ্যহে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। সেই দৃশ্যটোত বাংলাদেশত আইছিছ আৰু আল-কাইডাৰ কাৰ্যকলাপ দেখা যোৱা নাই। সেয়া যশোৰ জামিয়া ইছলামিয়া নামৰ মাদ্ৰাছাখনৰ বাৰ্ষিক প্ৰতিযোগিতাৰ এখন নাটকৰ দৃশ্যহে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এখন মাদ্ৰাছাৰ বাৰ্ষিক প্ৰতিযোগিতাৰ নাটকৰ দৃশ্যকে বাংলাদেশত আইছিছ, আল-কাইডাৰ কাৰ্যকলাপ বুলি প্ৰচাৰ কৰা হৈছে।

Written By: Pranjal Sharma  

Result: Misleading