বিহাৰৰ পুৰ্ণিয়াত এমাহ পূৰ্বে সংঘটিত হোৱা আত্মহত্যাৰ ঘটনাৰ ভিডিঅ’ বাংলাদেশৰ মৈমনসিং-গিৰিপুৰত হিন্দু মহিলাক ধৰ্ষণ আৰু শিশু হত্যা বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। 

False Social

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই ভিডিঅ’টো বাংলাদেশৰ মৈমনসিং-গিৰিপুৰৰ বুলি দাবী কৰিছে। কোৱা হৈছে যে এটা হিন্দু পৰিয়ালৰ তিনিটি শিশু আৰু দুগৰাকী মহিলাক ধৰ্ষণ আৰু হত্যা কৰা হৈছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এইদৰে লিখিছে- এয়া আজিৰ বাংলাদেশৰ মৈমনসিং-গিৰিপুৰৰ কাণ্ড য’ত স্থানীয় ধৰ্মান্দ্ব জেহাদীৰ একাংশ লোকে হিন্দুৰ ঘৰলৈ গৈ নিষ্ঠুৰ ভাৱে আক্ৰমণ কৰি হত্যা, ধৰ্ষণ আৰু ঘৰ বোৰ ভাঙি-ছিঙি ভাঙি লণ্ডভণ্ড কৰে। 

Facebook LinkArchived Link

আন এগৰাকী ব্যৱহাৰকাৰীয়ে একেই দাবী উত্থাপন কৰি লিখিছে- #বাংলাদেশৰ মৈমনসিং জিলাৰ গিৰিপুৰত 3 টা #হিন্দু_শিশুক_হত্যা কৰি, দুগৰাকী #হিন্দু_মহিলাক_ধৰ্ষণ আৰু হত্যা কৰি বাংলাদেশৰ শাসক #কচাই মহম্মদ ইউনুচ মিঞাই বিশ্ব মানৱ অধিকাৰ দিৱস উদযাপন কৰিলে…

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdxcOT4wwfpkMnSmsWZndRdckkmEAwi0g_-KCkuQH4TN4jbTBbxJ6EUCMWdH3FUzGfHtiCepsyKK5yPeK8uz4K_XbtCH2FEeYCuGZnYGdmRRvDUo3qg3mBqvgQjbb4MK7hkd5J_SA?key=W_zzHtisGlDXVnO85MuTqKKy

Facebook LinkArchived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই বিশেষ ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি ল’লোঁ। তাৰ পাছত আমি কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি বিভিন্ন লিংক লাভ কৰিলোঁ। সামাজিক মাধ্যমত ভিডিঅ’টো আপলোড কৰা একাধিক লিংকৰ লগতে কিছুমান বাতৰিৰ লিংকো আমি পালোঁ। 

প্ৰথমতে আমি পৰীক্ষা কৰিলোঁ আমি লাভ কৰা এটা ফেচবুক পোষ্ট। তাত সেই ভিডিঅ’টো আপলোড কৰি সেই ঘটনাটো পুৰ্ণিয়াৰ জিলাৰ প্যাজি পঞ্চায়তৰ কিলপাৰা গাঁৱৰ বুলি লিখা হৈছে। 

 

ইয়াৰ পাছত আমি লাভ কৰা বিভিন্ন বাতৰিৰ লিংক খুলি চালোঁ। প্ৰথমতে আমি বিহাৰৰ এক স্থানীয় সংবাদ প্ৰতিস্থানৰ ইউটিউৱ চেনেলত আমি সেই ঘটনাটো সম্পৰ্কত তেওঁলোকৰ সাংবাদিকে পৰিবেশন কৰা সবিস্তাৰ বাতৰিৰ ভিডিঅ’ লাভ কৰিলোঁ। বাতৰি মতে মহিলাগৰাকীয়ে নিজৰ তিনি সন্তানৰ সৈতে ফাঁঁচী লগাই আত্মহত্যা কৰিছিল। বাতৰিটো এমাহৰ আগৰ আৰু সেই বাতৰিটোত মহিলাগৰাকীৰ স্বামীৰ মন্তব্যও দিয়া হৈছে।

  

ইয়াৰ পাছতেই আমি আন এটা সংবাদ প্ৰতিস্থানৰ ইউটিউৱ চেনেলত একেটা ঘটনাৰ সন্দৰ্ভত পৰিবেশন কৰা বাতৰিটো পালোঁ। তাত কোৱা হৈছে যে স্বামীৰ সৈতে হোৱা বিবাদৰ বাবেই মহিলাগৰাকীয়ে নিজ সন্তানৰ সৈতে এইদৰে আত্মহত্যা কৰিছিল। নিহত মহিলাগৰাকীৰ নাম ববিতা দেৱী আৰু স্বামীৰ নাম ৰবি কুমাৰ শৰ্মা বুলি কোৱা হৈছে।

 

তাৰ পাছত আমি অন্য সংবাদ প্ৰতিস্থানে পৰিবেশন কৰা বাতৰিসমুহত চকু ফৰালোঁ। জাগৰণ নামৰ হিন্দী সংবাদ প্ৰতিস্থানে ৬ নৱেম্বৰ ২০২৪ত কৰা বাতৰিটো আমি চালোঁ। তাতো সেই ঘটনা বিহাৰৰ পুৰ্ণিয়াৰ বুলি উল্লেখ কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি লিখা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXelauxqXdCZw67V9-pOSMRMiOLBCt6xyhhadL89Z7VtSVRKuUZNzja8K7V4Fu69CGB4EbSvRAabJCOQJyeHFYnYpS3CGn6BK4daPiYMdyF3cftGp8PdIaw_mE7pAJSaVKHVcoMdIQ?key=W_zzHtisGlDXVnO85MuTqKKy

দৈনিক ভাস্কৰেও একেটা ঘটনাৰ বাতৰি পৰিবেশন কৰা আমি দেখিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcvbUf6Md7-shcN5A3E2LNf51s6GorCAGBxeIWlBWprNtCwiInQ3cXnFdpt6IHpNVH1-m3Uq_-XgMPstII5wRswl4W6XMD17lr4U3vSjam-cm5mLqH037hiCAO5TP7lKz_uJHxQ?key=W_zzHtisGlDXVnO85MuTqKKy

আমি পুৰ্ণিয়াৰ একেটা ঘটনাৰ বাতৰি আনকি News18 Biharৰ ৱেবছাইটতো পালোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXca1VxR-1_6C2ksXs4k-4HqyS9IeRqW2UUpp8t5g_KBikB1xKiVG124enj4if0fJFN5RA4Asm01-0v1tKs_1XIJJvz42mY6DDmFOi3PZkWbly7RI_LgPfzR4MJTItqiKrqnf6Thjw?key=W_zzHtisGlDXVnO85MuTqKKy

বিহাৰৰ পুৰ্ণিয়াৰ একেটা পৰিয়ালৰে মাতৃ আৰু তিনিসন্তনসহ ৪গৰাকী লোকৰ ডিঙিত ৰচী লগাই কৰা আত্মহত্যাৰ সেই খবৰটো আমি আন আন একাধিক সংবাদ মাধ্যমত লাভ কৰিলোঁ। তেনেকুৱা বাতৰি আপোনালোকে ইয়াত আৰু ইয়াত পঢ়িব পাৰিব। 

এই সমস্ত তথ্যৰ পৰা আমি এই সিদ্ধান্তত উপনীত হৈছোঁ যে বাংলাদেশৰ মৈমনসিঙ-গিৰিপুৰত হিন্দু পৰিয়ালৰ মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ লগতে তিনিটি শিশুকো হত্যা কৰা বুলি দাবী কৰি প্ৰচাৰ কৰা ভিডিঅ’টো আচলতে এমাহ পূৰ্বে বিহাৰৰ পুৰ্ণিয়াত সংঘটিত হোৱা এক আত্মহত্যাৰ ঘটনাৰহে। এগৰাকী মহিলাই স্বামীৰ সৈতে বিবাদ হোৱাৰ বাবে নিজৰ তিনিওটি সন্তানকে ডিঙিত ৰচী লগাই ওলমাই হত্যা কৰি আত্মহত্য কৰিছিল। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। এই ভিডিঅ’টো প্ৰায় এমাহ পূৰ্বে বিহাৰৰ পুৰ্ণিয়াত এগৰাকী মহিলাই নিজৰ তিনিটি সন্তানৰ সৈতে একেলগে ডিঙিত ৰচী লগাই আত্মহত্যা কৰা এক ঘটনাৰহে। বাংলাদেশৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বিহাৰৰ পুৰ্ণিয়াত এমাহ পূৰ্বে সংঘটিত হোৱা আত্মহত্যাৰ ঘটনাৰ ভিডিঅ’ বাংলাদেশৰ মৈমনসিং-গিৰিপুৰত হিন্দু মহিলাক ধৰ্ষণ আৰু শিশু হত্যা বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *