
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে গ্রীনলেণ্ডক দখল কৰিব বুলি দিয়া ধমকৰ পাছত ডেনমাৰ্কৰ সংসদত সাংসদ সকলে হাঁহি হাঁহি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ দৃশ্য। ভিডিঅ’টোত দেখা গৈছে যে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকছনে কোনো এটা কথাত নিজৰ হাঁহি ৰখাব পৰা নাই আৰু তাৰ পাছতে সংসদত বহি থকা অন্য সাংসদসকলেও উচ্চস্বৰে হাঁহিছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তাৰ ফলত আমি প্ৰথমে ২০২২ চনৰ ২ নৱেম্বৰত এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে ডেনিছ ভাষাত Mette når hun møder Ellemann Pape og Løkke(মেটে যেতিয়া তাই এলেমেন পেপ আৰু ল’কেক লগ পায়) বুলি কেপছন লিখি এই ভিডিঅ’টোৰ এটা অংশ অপলোড কৰা দেখিলোঁ। তেতিয়াই আমি নিশ্চিত হ’লোঁ যে ভিডিঅ’টো শেহতীয়া অৰ্থাত ট্ৰাম্পে গ্ৰীনলেণ্ড সন্দৰ্ভত মন্তব্য দিয়া সময়ৰ নহয়। ই এক পুৰণি ভিডিঅ’।

ইয়াৰ পাছত আমি আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ইউৰো নিউজত এই ভিডিঅ”টো পালোঁ। ২০১৯ চনৰ ১০ অক্টোবৰত পৰিবেশন কৰা সেই বাতৰি মতে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকছনে ৩ অক্টোবৰত চাৰ্কাছৰ জন্তু বিষয়ক মন্তব্য কৰাৰ সময়ত এইদৰে সংসদত হাঁহি ৰখাব পৰা নাছিল।

তাৰ পাছত আমি এই সম্পৰ্কে অধিক তথ্য আহৰণৰ চেষ্টা কৰোতে ডেনমাৰ্কৰ এক সংবাদ প্ৰতিষ্ঠানে ২০১৯ৰ ৭ অক্টোবৰত প্ৰকাশ কৰা এক বাতৰি লাভ কৰিলোঁ। তাত আমি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীয়ে হাঁহি থকা ভিডিঅ’টোৰ এটা স্ক্ৰীণশ্বটো পালোঁ। বাতৰিটো মতে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকছনে স্থানীয় সংসদ ফ’কেটিঙক সম্বোধন কৰে। ফ্ৰেডেৰিকছনে সংসদৰ শৰৎকালীন অধিৱেশনৰ আৰম্ভণি কৰিছিল আৰু তেওঁৰ ভাষণত ৰাজ্যখনৰ বাজেট ব্যয়ৰ ৰূপৰেখা দাঙি ধৰিছিল। আন আন খৰচৰ লগতে চাৰ্কাছৰ জীৱ-জন্তু বিশেষকৈ চাৰিটা হাতী ক্ৰয় কৰাটোও সেই ভাষণত আছিল। উল্লেখযোগ্য যে তাৰ চাৰ্কাছৰ আৰু সেইবোৰ জীৱ ব্যৱহাৰ কৰাৰ অধিকাৰ নাছিল আৰু ৰাষ্ট্ৰই সেইবোৰ ক্ৰয় কৰিবলগীয়া হৈছিল। ডেনমাৰ্কৰ সংসদত দলসমূহৰ মাজত চাৰ্কাছত বিদেশী জীৱ-জন্তুৰ ব্যৱহাৰ নিষিদ্ধ কৰা চুক্তিত উপনীত হয় আৰু হাতীবোৰক কোৱাৰেণ্টাইন কৰা হৈছিল। সংশ্লিষ্ট আইনখন অক্টোবৰ মাহত ফ’কেটিঙে বিবেচনা কৰাৰ কথা আছিল আৰু ইয়াৰ মাজতে চৰকাৰে জীৱ-জন্তু ক্ৰয় কৰিছিল। তেতিয়াই হাতী আৰু উট ক্ৰয়ৰ প্ৰসংগটো ওলাওতে প্ৰধানমন্ত্ৰীয়ে হাঁহি ৰখাব নোৱৰাত আন সাংসদসকলেও একেলগে হাঁহি দিছিল।

সমান্তৰালভাৱে আমি ৪ অক্টোবৰত ডেনমাৰ্কৰ আন এক সংবাদ মাধ্যমতো এই ভিডিঅ’টোৰে সৈতে প্ৰকাশ কৰা আন এটা বাতৰি লাভ কৰিলোঁ। তাতো উল্লেখ কৰা হৈছে যে চৰকাৰী হাতী আৰু উট ক্ৰয় কৰাৰ কথাটো কওতে এইদৰে প্ৰধানমন্ত্ৰী ফ্ৰেডেৰিকছনে হাঁহি ৰখাব পৰা নাছিল।

প্ৰনিধানযোগ্য যে ২০২৪চনতো বিশ্বৰ ভিন্ন প্ৰান্তত টাইৱান বিষয়ক মন্তব্য দিওতে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী আৰু সাংসদসকলে হাঁহিত ফাটি পৰিছিল বুলি মিছা দাবীৰে এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছিল। সেই তথ্যও আমি লাভ কৰিলোঁ।

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিল যে ২০১৯ৰ ৩ অক্টোবৰত ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকছনে সংসদৰ শৰৎকালীন অধিৱেশনৰ আৰম্ভণিতে চৰকাৰে চাৰ্কাছৰ জীৱ ক্ৰয় কৰা প্ৰসংগ উল্লেখ কৰোতে হাঁহি ৰখাব নোৱৰা হোৱা ভিডিঅ’টোকে ২০২৬ৰ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ গ্ৰীনলেণ্ড বিষয়ক মন্তব্যৰ পাছত ডেনমাৰ্কৰ সংসদত হাঁহিৰ ৰোল উঠা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। ২০১৯ৰ ৩ অক্টোবৰত ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকছনে সংসদৰ শৰৎকালীন অধিৱেশনৰ আৰম্ভণিতে চৰকাৰে চাৰ্কাছৰ জীৱ ক্ৰয় কৰা প্ৰসংগ উল্লেখ কৰোতে হাঁহি ৰখাব নোৱৰা হোৱা ভিডিঅ’টোকে ২০২৬ৰ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ গ্ৰীনলেণ্ড বিষয়ক মন্তব্যৰ পাছত ডেনমাৰ্কৰ সংসদত হাঁহিৰ ৰোল উঠা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title: ২০১৯ৰ ডেনমাৰ্কৰ সংসদৰ দৃশ্যকে ২০২৬ৰ দৃশ্য বুলি মিছাকৈ দাবী কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False


