বিলাৱল ভূট্টোৱে “আমাৰ মানুহ ভাৰতৰ সংসদত বহি আছে” বুলি কোৱা ভিডিঅ’টো মিছা।   

Altered Social

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে পাকিস্তানৰ বিধানসভাত বিলাৱল ভূট্টৱে কৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সমুখতেই তেওঁলোকে নিজৰ উদ্দেশ্যৰ বক্তব্য প্ৰকাশ কৰোৱাব পাৰে। ভিডিঅ’টোত নেতা বিলাৱল ভূট্টোৱে কৈছে “কোনে ৰাতিৰ আন্ধাৰত আক্ৰমণ কৰে? আমি তো তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ সমুখতে আমাৰ প্ৰপোগাণ্ডা কোৱাব পাৰোঁ।” 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcxh7BVm0YnfsAZ2wc6Sc5YS-D_slBDvSSt65MgaoMGcj7bHUetsZlJEtcW3U6tyEkXvVPJ-pKefWR8v6ueujc6GgQj9NmPIGXG6kO8zz4J4cTsDsgISca-vYSNE6aKwlfvskQ7?key=j92PSghv4HB6DAAFnDMIvA

Facebook Link Archived Link 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfJ0Audx1Q2DFQ49QuMsr_VQpl1Gf1gRxFALOHPOL0o0phURTjSGyH70eMC5DBjP6c4Nd3YqNXecyxief_QymvnUeVIgL5p7SUSUG8Gmk5dtb_SUBWLMDmRQnrWQhYgxIEQEQ3e?key=j92PSghv4HB6DAAFnDMIvA

Facebook Link Archived Link 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf6LHfbPRnF8b2rvJJz5v-8K-SCu0dy-TdUUZ90NSM590Bl4QT8bF_APfS0DTHRhHm8wzaArbKyKQuVY_45Jf8HGgNkMF2Ml945fC65vsyT5vBcomvGnhAB_DIzY09ELtfx3bmNUw?key=j92PSghv4HB6DAAFnDMIvA

Facebook Link Archived Link 

কিন্তু দাবীটো সত্য হয়নে

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

আমি আমাৰ অনুসন্ধান আৰম্ভ কৰিলোঁ এক প্ৰাসংগিক কী-ৱৰ্ড ছাৰ্চ কৰি। ইয়াৰ ফলত ২০২৫ চনৰ ৭ মে’ত পাকিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাৰ ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ’পালোঁ। ভিডিঅ’টোত বিলাৱল ভূট্টোৱে কোৱা শুনা গৈছে, “কৌন ৰাত কে আন্ধেৰে মেই হমলে কৰতে হেই…চোৰ ৰাত কে আন্ধেৰে মেই হামলে কৰতে হেই…বুজদিল ৰাত কে আন্ধেৰে মেই হামলে কৰতে হেই…অগৰ উনমে হিম্মত হোটা, তো ৱো দিন মেইন আকে এইলান-এ- জংগ কৰতে…ও হামাৰে ছিপাহিয়ো কে আমনে সামনে কৰতে…হামাৰা আফৱাজ কা আমনে সামনে কৰতে…মগৰ ইন বুজদিলো নে ৰাত কে আন্ধেৰে মেই নিহাত্তে বাচ্চে কো নিছানে বনায়ে হেই…”

ভাষণটোত ক’তো তেওঁ কোৱা নাছিল যে “আমাৰ মানুহ তেওঁলোকৰ সংসদত বহি আছে আৰু আমি তাতেই আমাৰ অপপ্ৰচাৰ চলাব পাৰো”।

আমি ৭ মে’ ২০২৫ তাৰিখে ষ্ট্ৰীম কৰা ইউটিউব চেনেল পিটিভি সংসদত আন এটা ভিডিঅ’ পাইছিলোঁ। টাইমষ্টাম্প ৪০:০৩ৰ পৰা বিলোৱাল ভুট্টোৱে ভাষণ আৰম্ভ কৰে। কিন্তু তেওঁৰ ভাষণত ক’তো কোৱা নাছিল যে “আমাৰ মানুহ তেওঁলোকৰ সংসদত বহি আছে আৰু আমি তাতেই আমাৰ অপপ্ৰচাৰ চলাব পাৰো”।

Archived Link

ভাইৰেল ভিডিঅ’ আৰু মূল ভিডিঅ’টোৰ তুলনা তলত চাব পাৰিব। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো সলনি কৰা হৈছে। মূল ভিডিঅ’টোত বিলাৱল ভূট্টোৱে কোৱা নাছিল যে পাকিস্তানৰ জনসাধাৰণ ভাৰতৰ সংসদত বহি আছে আৰু তেওঁলোকে ভাৰতৰ সংসদত নিজৰ (পাকিস্তানৰ) অপপ্ৰচাৰ চলাব পাৰে। ভিডিঅ’টোত ডিজিটেল মেনিপুলেচন কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। বিলাৱল ভূট্টোৱে কোৱা নাছিল যে পাকিস্তানৰ জনসাধাৰণ ভাৰতৰ সংসদত বহি আছে আৰু তেওঁলোকে ভাৰতৰ সংসদত নিজৰ (পাকিস্তানৰ) অপপ্ৰচাৰ চলাব পাৰে। ভিডিঅ’টোত ডিজিটেল মেনিপুলেচন কৰা হৈছে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বিলাৱল ভূট্টোৱে “আমাৰ মানুহ ভাৰতৰ সংসদত বহি আছে” বুলি কোৱা ভিডিঅ’টো মিছা।

Fact Check By: Pranjal Sharma 

Result: Altered

Leave a Reply

Your email address will not be published. Required fields are marked *