
শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তানৰ ওপৰত অপাৰেচন সিন্দূৰৰ জৰিয়তে আক্ৰমণ কৰাৰ বাবে পাকিস্তানৰ বেলুচিস্তানত স্থানীয় লোকসকলে এইদৰে নৃত্য কৰি আনন্দ প্ৰকাশ কৰিছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া
আমি বহুকেইটা ইউটিউৱ ভিডিঅ’ লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বে ২০২৪চনৰ ১৫ এপ্ৰিলত ফেচবুকত এই ভিডিঅ’টো আপলোড কৰা হৈছিল। তাত লিখা হৈছিল যে এইটো বেলুচি লেৱা নৃত্য়। বেলুচি লেৱা নৃত্য হৈছে বেলুচিস্তানৰ লোকসকলে আনন্দ প্ৰকাশ কৰিবলৈ পৰিবেশন কৰা এক বিশেষ নৃত্য। আমি নিশ্চিত হ’লোঁ যে ভিডিঅ’টো এতিয়াৰ নহয় অথবা অপাৰেচন সিন্দূৰৰ পাছৰ নহয়।
একেটা নৃত্যদলেই কৰা অন্য বেলুচি লেৱা নৃত্যৰ ভিডিঅ’ আমি ২০২৪ চনতো ইউটিউৱত আপলোড কৰা অৱস্থাত পালোঁ
ইয়াৰ পৰাই আমি নিশ্চত হওঁ যে নৃত্যৰ এই ভিডিঅ’টো অপাৰেচন সিন্দূৰৰ পাছৰ নহয়। এয়া দুবছৰ আগৰে এটা বেলুচি লেৱা নৃত্য।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। নৃত্যৰ এই ভিডিঅ’টো অপাৰেচন সিন্দূৰৰ পাছৰ নহয়। এয়া দুবছৰ আগৰে এটা বেলুচি লেৱা নৃত্য।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title: দুবছৰ পূৰ্বৰে বেলুচি লেৱা নৃত্যৰ ভিডিঅ’ অপাৰেচন সিন্দূৰৰ পাছৰ বুলি প্ৰচাৰ।
Written By: Pranjal SharmaResult: False
