
১২ চেপ্তেম্বৰ ২০২৫ত অসমৰ এগৰাকী ব্যৱহাৰকাৰীয়ে থ্ৰেডছত এটা পোষ্ট কৰি দাবী কৰিছে যে নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে বালেন্দ্ৰ শ্বাহ। নেতাগৰাকীৰ ফটো এখন আপলোড কৰি এই দাবীৰে পোষ্টটো কৰা হৈছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি বালেন্দ্ৰ শ্বাহ সন্দৰ্ভত তথ্যৰ সন্ধান কৰিলোঁ। তেতিয়া আমি জানিব পাৰিলোঁ যে ১৯৯০ চনত জন্ম গ্ৰহণ কৰা বালেন্দ্ৰ শ্বাহ পূৰ্বে এগৰাকী ৰেপাৰ আছিল আৰু বৰ্তমান তেওঁ এগৰাকী ৰাজনীতিক। ২০২২ চনত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈ কাঠমাণ্ডুৰ ১৫ সংখ্যক মেয়ৰ হিচাপে নিৰ্বাচিত হৈছিল আৰু বৰ্তমানলৈয়ো একেটা পদতে আশীন হৈ আছে। তেওঁ মেয়ৰ হিচাপে একাধিক উল্লেখযোগ্য কাম কৰি জনতাৰ মাজত জনপ্ৰিয় হৈ পৰাৰ লগতে নিজৰ ব্যক্তিগত কাৰ্যালয়ত গ্ৰেটাৰ নেপালৰ মানচিত্ৰ(য’ত ভাৰতৰ বহু ঠাই অন্তৰ্ভুক্ত কৰা হৈছিল) আঁৰি দি ভাৰতত বিতৰ্কিতও হৈ পৰিছিল।

Gen Zৰ মাজত যথেষ্ট জনপ্ৰিয় তথা বালেন হিচাপে খ্যাত বালেন্দ্ৰ শ্বাহ নেপালৰ এগৰাকী সম্ভাৱনাপূৰ্ণ প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপিত নেতা বুলি আমি বিভিন্ন বাতৰি লাভ কৰিলোঁ। তেনেকুৱা বাতৰিসমূহৰ কিছুমান ইয়াত ইয়াত চাব পাৰিব।

বালেন্দ্ৰ শ্বাহ কাঠমাণ্ডুৰ মেয়ৰ আৰু এগৰাকী যুৱ নেতা হিচাপে ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয় বুলি গম পোৱাৰ বাহিৰে আমি কোনো সংবাদ মাধ্য়মতেই তেওঁ নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী বুলি কোনো বাতৰিয়েই নাপালোঁ। তেওঁক প্ৰধানমন্ত্ৰী হিচাপে যুৱচামে বিচাৰে বুলিহে আমি তথ্য লাভ কৰিলোঁ।
এইবাৰ আমি জানিবলৈ বিচাৰিলোঁ নেপালৰ গণ অভ্যুত্থানত ক্ষমতাচ্যুত হোৱা কে,পি,শৰ্মা অলীৰ পাছত নতুন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিলে, সেই তথ্য। সেই সন্দৰ্ভত সন্ধান কৰোতে আমি আমাৰ দেশ তথা বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানৰ পৰা জানিব পাৰিলোঁ যে পূৰ্বৰ মুখ্য ন্যায়াধিক সুশীলা কাৰ্কী হৈছে নেপালৰ অন্তৰ্ৱৰ্তীকালিন চৰকাৰৰ প্ৰধানমন্ত্ৰী। তেওঁ ১২চেপ্তেম্বৰৰ নিশা ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত শপত গ্ৰহণ কৰে। তেওঁ হৈছে নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। সেই বাতৰি ইয়াত,ইয়াত, ইয়াত চাব পাৰিব।

সুশীলা কাৰ্কীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি থকা বাতৰি ANIৰ চেনেলত তলত চাব পাৰিব।
ইয়াৰ পৰাই স্পষ্ট যে বালেন্দ্ৰ শ্বাহ নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী বুলি যিটো দাবী থ্ৰেডছ ব্যৱহাৰকাৰীজনে উত্থাপন কৰিছে, সেইটো মিছা। নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীহে, বালেন্দ্ৰ শ্বাহ নহয়।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীহে, বালেন্দ্ৰ শ্বাহ নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:মিছা! নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীহে, বালেন্দ্ৰ শ্বাহ নহয়।
Fact Check By: Pranjal SharmaResult: False
