টেলেংগানাৰ মেদকৰ নাৰচিংগি ৰোডত সংঘটিত হোৱা এটা দুৰ্ঘটনাত আহত বাঘ এটাৰ দৃশ্য অসমৰ গুৱাহাটীৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

False Social

শেহতীয়াভাবে অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰা দেখা গৈছে। সেই ভিডিঅ’টোত আমি দেখোঁ যে এটা আহত নাহৰফুটুকীয়ে এখন মটৰচাইকেললৈ চোঁচা লৈছে আৰু ৰাজপথত অসহায়ভাৱে ৰৈ গৈছে। তাকেই একাংশ লোকে চাই থকা দেখা গৈছে। এই ভিডিঅ’টো অসমৰ গুৱাহাটীৰ বুল দাবী কৰা হৈছে। যোৱা ৮ মাৰ্চ ২০২৫ত এগৰাকী ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো আপলোড কৰিছে আৰু ভিডিঅ’টোৰ ওপৰতেই লিখি দিছে এইবুলিঃ- গুৱাহাটীৰ মাজৰাষ্টাত ওলাইছে বাঘ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeTj1EsBhmNL__DH_980XvufeAHhq3NUhB7C-lA9e2JUJ5_Sv99niaKXdSGGta3gbuII-OGmWAH5SudnYOVNOzNYo4sCA9RPymCkPnDC4-qXL82c1pLo5puSRdLaNprN0eDDsvG?key=yWY2lpyWXn-Phs4k-8dcNYfW

Facebook Link Archived Link

আন এগৰাকী ব্যৱহাৰকাৰীয়ে সেই একেটা ভিডিঅ’কে ৯ মাৰ্চ ২০২৫ত আপলোড কৰি সেয়া গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য বুলি দাবী কৰিছে। অসমৰ মুখ্যমন্ত্ৰীক সম্বোধি সেই পোষ্টটো কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXctmwWn6HwhnHQqaP6hwO5RLeXpE4of5GwqDHDolqqOA-nGzOZTvPCOEpq4ozCItoDZ9DtP80fmpCPp0MvcEji7i0Ja39aAlhqrNBnX-xwN0SyjlHJVOPTojWorF4GHp9rk6ubayw?key=yWY2lpyWXn-Phs4k-8dcNYfW

Facebook Link Archived Link 

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া আমি একাধিক ইনষ্টাগ্ৰাম পোষ্ট, ফেচবুক পোষ্ট আৰু বাতৰি লাভ কৰিলোঁ। trickandtrek নামৰ ইনষ্টাগ্ৰাম একাউণ্টটোৰ পৰা যোৱা ৬ ফেব্ৰুৱাৰী ২০২৫ত কৰা এটা পোষ্টত সেইটো হাইদৰাবাদৰ দৃশ্য বুলি উল্লেখ কৰা হৈছে। নাৰচিংগি ৰোডৰ দৃশ্য বুলি সেই পোষ্টত লিখা হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeDC8m5b4B06PqC3r-fhz782ijnR9qTv0E4Of-SUs_VdrKtcUMGQ8j8rGZPdcBDhIu4VRcxquDLgMUcFKzHVOCoTZ69YFKDkOloQlWeWSaMxtffCeV5MQTQ6w8zAzp3Tpu10cSpRA?key=yWY2lpyWXn-Phs4k-8dcNYfW

আন এটা ইনষ্টাগ্ৰাম পোষ্টত তাৰো কেইদিনমান আগতে অৰ্থাত ১ ফেব্ৰুৱাৰীত সেয়া নাৰচিংগি ৰোডৰ দৃশ্য বুলি উল্লেখ কৰা হৈছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfACCa-T3qY1ed5HryFG3vd6ub3jv_0zFpU_TfQm_O1O2fuv89vEJbf15x_iGuWZZycPvRJZxn0yJCGijCac8S74q8na3IZoMLDhacLrUfBbP27lEV797k-bJykBt7tNtJjYvY5?key=yWY2lpyWXn-Phs4k-8dcNYfW

তদুপৰি আমি লাভ কৰা হায়দাৰাবাদ চিটী নামৰ ফেচবুক পেজ এটাত আপলোড কৰা ৰীল এটাত সেয়া টেলেংগানাৰ মেদকৰ ৰাজপথত দুৰ্ঘটনাত আহত এটা বাঘৰ কৰুণ মৃত্যু হোৱা বুলি উল্লেখ কৰা হৈছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcX4FmZChKc7Ty4GoCOZ6k-0FHxxSRAyy60FZ4NrtKgzmmgRpkogXk4k6bx117NTLCuskHxq9BzjokpzVTUxtIBAtk97vaz45dyY28-JbhavFRNYMJ7FxTjgKXg9L7cimSt8wA_fQ?key=yWY2lpyWXn-Phs4k-8dcNYfW

অনহাতে যোৱা ৩১ জানুৱাৰী ২০২৫ত ইণ্ডিয়া টুডেই এই ঘটনাটো সন্দৰ্ভত কৰা বাতৰিত উল্লেখ কৰিছিল যে টেলেংগানাৰ হায়দৰাবাদৰ সমীপৰ মেদকৰ নাৰচিংগি ৰোডত এটা নাহৰফুটুকী বাঘ দুৰ্ঘটনাত পতিত হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcxKj2enS-1kjzRZMkvhMHr_qSTIaAMo11KQTJGMG6T0fmPASjg8-0TZHs1lgcrn_vyA8mxoY9r3ywpbQWDNGaK4cB6WlMiV0OjtcLBvOIoS8QMfl2qmq93B_2zXrrOosJa4fRemw?key=yWY2lpyWXn-Phs4k-8dcNYfW

এই সকলোবাৰ তথ্যৰ পৰা এই কথায়ে স্পষ্ট হয় যে টেলেংগানাৰ মেদকৰ নাৰচিংগি ৰোডত যোৱা জানুৱাৰী মাহৰ শেষৰ ফালে এটা নাৰহফুটুকী বাঘ দুৰন্ত গতিৰ গাড়ীৰ খুন্দাত বেয়াকৈ আহত হোৱা দৃশ্য এটা অসমৰ গুৱাহাটীৰ ৰাজপথৰ দৃশ্য বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সেই দৃশ্যটো অসমৰ গুৱাহাটীৰ নহয়। টেলেংগানাৰ মেদকৰ নাৰচিংগি ৰোডত সংঘটিত হোৱা এটা দুৰ্ঘটনাত আহত বাঘ এটাৰ দৃশ্য মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:টেলেংগানাৰ মেদকৰ নাৰচিংগি ৰোডত সংঘটিত হোৱা এটা দুৰ্ঘটনাত আহত বাঘ এটাৰ দৃশ্য অসমৰ গুৱাহাটীৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *