
শেহতীয়াভাৱে ইজৰাইল আৰু ইৰাণৰ মাজত চলা যুদ্ধৰ লগত সংগতি ৰাখি সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ চলোৱা বাবে আমেৰিকাৰ ৰাজপথত সৃষ্টি হোৱা প্ৰতিবাদৰ দৃশ্য।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ২০২৫ৰ ১৫জুনত ইনষ্টাগ্ৰামত দিয়া এটা পোষ্ট পালোঁ। সেই পোষ্টটোত উল্লিখিত ভিডিঅ’টো আমি দেখিলোঁ। তাত লিখা আছিল- SAN DIEGO SHOWED UP! – Protesting Trump’s tyranical MAGA government. 80,000 people converged on downtown to speak out and peacefully protest. Beautiful to see this occur country wide. So proud of our city for showing up!
১৪ জুনত ছান ডিয়েগ’ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদী জনতা ৰাজপথলৈ ওলাই অহাৰ কথা তাত উল্লেখ কৰা হৈছি। লগতে হেশ্বটেগত No Kings বুলি লিখা আমি দেখিলোঁ।
প্ৰাপ্ত খবৰ অনুসৰি, শনিবাৰে ছান ডিয়েগো কাউন্টিৰ লাখ লাখ বাসিন্দাই “নো কিংছ” দিৱস পালন কৰি এইদৰে ৰাজপথলৈ ওলাই আহে। দেশৰ ৰাজধানীত সামৰিক পেৰেডৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নীতিৰ বিৰুদ্ধে এয়া আছিল এক দেশজোৰা প্ৰতিবাদ।
নিজৰ ৭৯ সংখ্যক জন্মদিনত ৱাশ্বিংটন ডিচিত ৰাষ্ট্ৰপতি ট্ৰাম্পে অনুষ্ঠিত কৰা সেনা পেৰেডৰ প্ৰতিশোধ ল’বলৈ বিভিন্ন সংগঠনে এই প্ৰতিবাদৰ আয়োজন কৰিছিল।
অন্য এটা ভিডিঅ’ ৰিপ’ৰ্টতো আমি অসমৰ ইনষ্টাগ্ৰামত ভাইৰেল হোৱা ভিডিঅ’টোত দেখাৰ দৰে একেটা অঞ্চলৰে ভিডিঅ’ ফুটেজ দেখিলোঁ।
এই সকলোবোৰ প্ৰমাণৰ প্ৰতি লক্ষ্য ৰাখি আমি বুজিব পাৰোঁ যে ছান ডিয়েগোৰ ‘নো কিংছ’ প্ৰতিবাদৰ দৃশ্যকে ইৰাণত আমেৰিকাৰ আক্ৰমণৰ বিৰুদ্ধে আমেৰিকানসকলৰ প্ৰতিবাদ বুলি বিভ্ৰান্তিকৰভাবে প্ৰচাৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো বিভ্ৰান্তিকৰ। ছান ডিয়েগোৰ ‘নো কিংছ’ পদযাত্ৰাৰ দৃশ্যকে ইৰাণত আমেৰিকাৰ আক্ৰমণৰ বিৰুদ্ধে আমেৰিকানসকলৰ প্ৰতিবাদ বুলি বিভ্ৰান্তিকৰভাবে প্ৰচাৰ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ছান ডিয়েগোৰ ‘নো কিংছ’ প্ৰতিবাদৰ দৃশ্যকে আমেৰিকাৰ ইৰাণ আক্ৰমণৰ বিৰুদ্ধে উলিওৱা প্ৰতিবাদ বুলি বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: Misleading
