
শেহতীয়াভাবে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এটি ক্ৰন্দনৰক শিশুৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ’টোৰ প্ৰথম খণ্ডত মৃতদেহৰ কাষত বহি থকা এটি শিশু আৰু আনটো অংশত গাড়ীত কান্দি কান্দি গৈ থকা শিশু এটিক কোনোবাই সান্ত্বনা দি থকা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী ব্যৱহৰাকাৰীয়ে দাবী কৰিছে যে শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শিশুটিয়ে পিতৃ-মাতৃক হেৰুৱাইছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি প্ৰাসংগিক কিছু শব্দেৰে কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ। তাৰ ফলত ২০২০ চনৰ ২ জুলাই তাৰিখে আল জাজিৰাত প্ৰকাশিত এক প্ৰতিবেদন আমি পালোঁ। তাত লিখা আছিল, “ভাৰত শাসিত কাশ্মীৰৰ ছ’পোৰ চহৰত ককাকৰ মৃতদেহৰ ওপৰত বহি থকা তিনি বছৰীয়া শিশুক দেখুওৱা এখন ছবিয়ে মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলটোত ক্ষোভৰ সৃষ্টি কৰিছে। মৃতকৰ পৰিয়ালে নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে ৬৫ বছৰীয়া সাধাৰণ নাগৰিকজনক হত্যা কৰাৰ অভিযোগ তুলিছিল।”
অনুগ্ৰহ কৰি সেই লেখাটো ইয়াত পঢ়ক। Archived Link
ইয়াৰ পাছত আমি আন এটা কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২ জুলাই ২০২০ তাৰিখে টাইমছ নাওৰ ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ’ ৰিপ’ৰ্ট পালোঁ। ভিডিঅ’টোৰ বৰ্ণনাত লিখা আছিল, ‘কালি জম্মু-কাশ্মীৰৰ ছ’পোৰ ছেক্টৰত প্ৰচণ্ড গুলীচালনাৰ মাজতে উগ্ৰপন্থীয়ে এজন সাধাৰণ নাগৰিকক হত্যা কৰাৰ বিপৰীতে এজন চিআৰপিএফৰ জোৱানে নিজৰ জীৱন বিপন্ন কৰি এটা শিশুক ৰক্ষা কৰিছিল। ক্ৰছফায়াৰত ককাকৰ মৃত্যুৰ পাছত জোৱানজনে শিশুটিক সান্ত্বনা দিয়া দেখা গৈছিল।
ডেকান হেৰাল্ডত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, “১ জুলাইত ছ’পোৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৩ বছৰীয়া শিশুটিক উদ্ধাৰ কৰিছিল। আক্ৰমণৰ সময়ত শিশুটি মৃত আত্মীয়ৰ কাষত বহি আছিল। আতংকিত শিশুটিক মাকৰ ওচৰলৈ লৈ যোৱাৰ সময়ত আৰক্ষীয়ে সান্ত্বনা দিছিল”
অনুগ্ৰহ কৰি সেই লেখা ইয়াত পঢ়ক।
ANI ৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ’ ৰিপ’ৰ্ট তলত চাব পাৰিব।
আন আন কিছুমান প্ৰতিবেদন আপোনালোকে ইয়াত আৰু ইয়াত চাব পাৰিব।
ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু শেহতীয়া পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে কোনো সম্পৰ্ক নাই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল ভিডিঅ’টো পুৰণি। ইয়াত ২০২০ চনৰ জুলাই মাহত জম্মু-কাশ্মীৰৰ ছাপোৰত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ৩ বছৰীয়া শিশু এটিক দেখা গৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:কান্দি থকা শিশুটিৰ ভিডিঅ’টো শেহতীয়া পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ৰ নহয়।
Fact Check By: Pranjal SharmaResult: Misleading
