
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰা দেখা গৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এগৰাকী যুৱতী দোকানীয়ে তেওঁৰ দোকানৰ পৰা এগৰাকী গ্ৰাহকে একো নিকিনাকৈ যাবলৈ ওলাওতে কান্দি কান্দি ভৰিত ধৰিছিল। ব্যৱহাৰকাৰীগৰাকীয়ে এইটো সত্য ঘটনা বুলি দাবী কৰিছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তাৰ ফলত আমি এই ভিডিঅ’টো এটা ইনষ্টাগ্ৰাম একাউণ্টত পালোঁ। যোৱা ৯ জানুৱাৰী ২০২৬ত সেই ভিডিঅ’টো পোষ্ট কৰিছিল। ভিডিঅ’টোৰ কেপচনত “মজাৰ”(funny) আৰু “কমেডী ভিডিঅ'”(comedy video)ৰ দৰে হেশ্বটেগ ব্যৱহাৰ কৰা হৈছিল।
অধিক তদন্তৰ পাছত আমি @carry_wear_by_besties_ks ৰ হেণ্ডেলটো পালোঁ। আমি এই হেণ্ডেলটোত আপলোড কৰা একেটা ভিডিঅ’ৰ একাধিক সংস্কৰণ পালোঁ। হেণ্ডেলটোত শ্বুটিঙৰ বিহাইণ্ড দ্য চিন ক্লিপ এটাও শ্বেয়াৰ কৰিছিল, য’ত দুয়োগৰাকী মহিলাই অভিনয় কৰি থকা আৰু হাঁহি থকা দেখা গৈছিল।
গোটেই প্ৰফাইলটো চোৱাৰ পাছত গম পালোঁ যে কমেডী আৰু মনোৰঞ্জনৰ বাবে এই হেণ্ডেলটোত ভিডিঅ’ বনোৱা হয়।
ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত ভিডিঅ’ৰ নিৰ্মাতাই স্পষ্ট কৰি দিয়ে যে এই ভিডিঅ’ চিত্ৰনাট্যযুক্ত আৰু বিশুদ্ধভাৱে কমেডী আৰু মনোৰঞ্জনৰ বাবে নিৰ্মাণ কৰা হৈছে। ভিডিঅ’টোত থকা মহিলা কেইগৰাকীৰ নাম কান্নু দত্ত আৰু ছিমৰণ গম্ভীৰ। তেওঁলোকে উল্লেখ কৰে যে তেওঁলোকৰ দোকানখন উত্তৰাখণ্ডৰ ডেৰাডুনৰ প্ৰেমনগৰত অৱস্থিত।

তথ্য পৰীক্ষা কৰাৰ পাছত আমি দেখিলোঁ যে দোকানী যুৱতী এগৰাকীয়ে কোনো এগৰাকী গ্ৰাহকে একো সামগ্ৰী নিকিনাকৈ যাবলৈ ওলোৱাৰ পাছত কান্দি কান্দি তেওঁৰ ভৰিত ধৰি থকা দৃশ্যটো চিত্ৰনাট্যযুক্ত।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো বিভ্ৰান্তিকৰ। দোকানী যুৱতী এগৰাকীয়ে কোনো এগৰাকী গ্ৰাহকে একো সামগ্ৰী নিকিনাকৈ যাবলৈ ওলোৱাৰ পাছত কান্দি কান্দি তেওঁৰ ভৰিত ধৰি থকা দৃশ্যটো চিত্ৰনাট্যযুক্ত।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:গ্ৰাহকৰ ভৰিত ধৰি দোকানীয়ে কান্দি থকা এই ভিডিঅ’টো স্ক্ৰিপ্টেড বা চিত্ৰনাট্যযুক্ত।
Fact Check By: Pranjal SharmaResult: Misleading


