২০২২ চনৰ পুৰণা ভিডিঅ’কো গুৱাহাটীৰ ডন বস্ক’ ইউনিভাৰ্চিটীত অজগৰ ওলোৱা বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

False Social

শেহতীয়াকৈ যোৱা ১ জুনত অসমৰ এটা ফেচবুক পেজৰ পৰা এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য গুৱাহাটীৰ ডন বস্ক’ বিশ্ববিদ্যালয়ৰ ভিতৰৰ পথেৰে নিশাৰ ভাগত এডাল প্ৰকাণ্ড অজগৰ সাপ পাৰ হৈ যোৱা বুলি দাবী কৰা হৈছিল।  

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfwnxM8v8md81TxWH2n9IMOLv6nLjcvCjulil741ILbnZ7vBX7uSXPhlpRalcHUTY4BKzphy5d34ekEGt4tjVJtcbzKhEfYbsQPEy_5tsG_W8Gj4s0o2bMMwKO0Zh0T_qcVTc8o?key=ICl7wTkgxYW9r6ChCeUJNA

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই ভিডিঅ’টোৰ সৈতে আৰু ভিডিঅ’টোৰ সম্পৰ্কে বিভিন্ন লিংক লাভ কৰিলোঁ । 

প্ৰথমে আমি ১০ এপ্ৰিল, ২০২২ত ইণ্ডিয়া টুডে’ত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। মহম্মদ ছুফিয়ানে (Mohammad Suffian) যুগুত কৰা সেই প্ৰতিবেদনত কোৱা হৈছিল যে উৰিষ্যাৰ নবৰংগপুৰ জিলাত প্ৰায় ২৫-৩০ ফুট দৈৰ্ঘ্যৰ এডাল প্ৰকাণ্ড সাপ দেখা গৈছে। প্ৰতিবেদন অনুসৰি খাতিগুড়া জৱাহৰ নৱোদয় বিদ্যালয়ৰ (Khatiguda Jawahar Navodaya Vidyalaya) কাষৰ মুখ্য পথত এই প্ৰকাণ্ড সাপটোৱে ৰাস্তা পাৰ হৈ গৈ থকা দেখা গৈছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcrafwCMcKydWjWIk-uNHvu4XkFYeLi5aLwfRK7-89yJbnlHBgnrOioEFVYh9-8xGwen4OygsWe7t5sYhetxJe-N2q5WxlGobofo-i47nGLGOmTB6Szv2E6J0TXvv2IDFD1PnnD?key=ICl7wTkgxYW9r6ChCeUJNA

Archived Link

ইয়াৰ আঁত ধৰি সন্ধান কৰোতে আমি “ওড়িশা লিংক” নামৰ এক সংবাদ প্ৰতিষ্ঠানৰ এক প্ৰতিবেদন লাভ কৰিলোঁ । তাত উল্লেখ আছিল যে ভিডিঅ’টো আচলতে অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰ জিলাৰহে আৰু মহম্মদ ছুফিয়ানৰ ভিডিঅ’টো মিছা।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdxKmfOOJHjLiQXBwB1pctPBtaiix5igr46kCVvS2oME-rvCk455moVbUiL5Gkj2XUFoWEl5s4BCpB-Z6Kzspo_iGlInXJvZeaxAyrjUd5KOEkiR-sZsREaMP2MiICQNylEGNe7jg?key=ICl7wTkgxYW9r6ChCeUJNA

Archived Link

উড়িয়া ভাষাৰ সেই প্ৰতিবেদনত থকা ভিডিঅ’ লিংকটোত উল্লেখ আছিল যে ভিডিঅ’টো অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰ জিলাৰ, আৰু সেই ভিডিঅ’টো আপলোড কৰা হৈছিল ৬ মাৰ্চ, ২০২২ তাৰিখে।

আনহাতে আমি প্ৰথমে লাভ কৰা ইণ্ডিয়া টুডে’ৰ প্ৰতিবেদনত সংলগ্ন কৰা মহম্মদ ছুফিয়ানৰ টুইটটোত থকা ভিডিঅ’টো আছিল ৯ এপ্ৰিল,২০২২ তাৰিখৰ।

ইয়াৰদ্বাৰা স্পষ্ট হ’ল যে ভাইৰেল ভিডিঅ’টো ওড়িষাৰ নহয়।

আমাৰ পৰৱৰ্তী অনুসন্ধানত ৬মাৰ্চ ২০২২ তাৰিখে V6 নিউজ টেলেগু নামৰ ইউটিউব চেনেলত আপলোড হোৱা এটা ভিডিঅ’ পোৱা গ’ল। তাৰ কমেণ্ট অংশত বিভিন্নজনে সেই ভিডিঅ’টো মিছা আৰু অন্ধ্ৰ প্ৰদেশৰ নহয় বুলি কোৱা দেখা গ’ল।

আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰোঁতে “চিন ভ্লগচ্” (Sin Vlogs) নামৰ এটা ইউটিউব চেনেলে সেই একেটা ভিডিঅ’ কৰ্ণাটকৰ কৰৱাৰ (Karwar)ৰ বুলি দাবী কৰি ৫ মাৰ্চ ২০২২ তাৰিখে আপলোড কৰা দেখা গ’ল।

Archived Link

তাৰপিছত আমি “টাইমছ অৱ ইণ্ডিয়া”ৰ এক প্ৰতিবেদন পালোঁ য’ত কোৱা হৈছিল এইদৰে, “এটা প্ৰকাণ্ড সাপে ৰাস্তা পাৰ হৈ থকা দেখা গৈছিল কেৰেলাৰ ৱায়ানন্দ (Wayanad) জিলাত। ৰাস্তা পাৰ হৈ থকা সাপৰ ভিডিঅ’টো চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে আৰু বহুতে ইয়াক ‘এনাকোণ্ডা’ বুলি অভিহিত কৰিছে। যিয়ে হ‌ওক, এনাকোণ্ডা ভাৰতৰ থলুৱা নহয় আৰু সিহঁতক কেৱল চিৰিয়াখানাতহে পোৱা যায়।” ( A large snake was spotted crossing road in Kerela’s Wayanad district. The video of the snake crossing street has been circulating on social media and many termed it as an ‘anaconda’. However, anacondas are not native to India and they can be only found in zoos)

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeX79ExH3QPCt-SxWqJIIaHxSbK-v94u8FJG35t_NhiV2VBtrU1JZu1d7jjo-xwmkpk_KWS3hamYa7Q8RInZDch_IJVegC-i_qH8wcOC9mDRg3FmHUMUCZbygICiOWwI6oxYv7p?key=ICl7wTkgxYW9r6ChCeUJNA

অনুসন্ধান আগুৱাই নিয়াত আমি জি নিউজে ২০২২ চনৰ ১৭ অক্টোবৰত সেই ভিডিঅ’টো ৰাজস্থানৰ কেৱলাদেও পক্ষী উদ্যানৰ বুলি উল্লেখ কৰি প্ৰকাশ কৰা প্ৰতিবেদনো আমি দেখিলোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeP12D1ePPDnmFQTrXD4Tga1qJIXLJ6-dMlreCVkF3Lx5G8x6uA2YySmBnhSyrBkgFRZNkum5YcCsu1G5SLljY1rnscKCSFjXp2ihNT88-EQjsOIJaSjRBXYJcXCIbsHiqjH2COew?key=ICl7wTkgxYW9r6ChCeUJNA

আনহাতে টাইমছ নাউ নৱভাৰত ডিডিটেলে সেই একেই ১৭ অক্টোবৰ ২০২২ত সেই দৃশ্য কেৱলাদেও পক্ষী উদ্যানৰ বুলি উল্লেখ কৰি বাতৰি প্ৰকাশ কৰিছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXezXK94VfwoywfWZ_xeI_jO6us1r6chSnxiaEHG1J1TQIDphZVrYrkuZTYpBSyC0P7-A5GMETV9EQKuKNpSaviNgm50YO1lzZso-shQkS7oRpqLSTc251F5DCXaEcVjeMPlKFeW?key=ICl7wTkgxYW9r6ChCeUJNA

ইমানতে ক্ষান্ত নাথাকি এই ভিডিঅ’টো পোন প্ৰথমবাৰৰ বাবে কোনে আপলোড কৰিছিল,তাৰ সন্ধান কৰাত আমি ২০২২ চনৰ ৫ মাৰ্চত অৱসৰপ্ৰাপ্ত আইঅফএছ বিষয়া সুশান্ত নন্দাই নিজৰ এক্স হেণ্ডলত এই ভিডিঅ’টো আপলোড কৰি থোৱা দেখা পালোঁ। এই আপলোডটোৱেই আছিল এই ভিডিঅ’টোৰ সৰ্বপ্ৰথম ইণ্টাৰনেট উপস্থিতি। 

তেখেতৰ টুইটটোত সেই দৃশ্য প্ৰকৃততে কোন ঠাইৰ সেই কথা উল্লেখ নাছিল। তাত লিখা হৈছিল যে বন্য প্ৰাণীৰ সদায় নিজৰ পথ থাকে আৰু সিহঁতক নিৰাপদ আহ-যাহৰ সুবিধা দিব লাগে। 

এই ভিডিঅ’টোৰ উত্স হিচাপে আমি সুশান্ত নন্দাৰ টুইটটো লাভ কৰিলোঁ আৰু পতিয়ন গ’লোঁ যে সেই ভিডিঅ’টোকেই ২০২২ চনত বিভিন্ন সংবাদ প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে বিভিন্ন প্ৰান্তত অজগৰৰ আৱিৰ্ভাব হোৱা বুলি প্ৰকাশ আৰু প্ৰচাৰ কৰিছিল। সদৌ শেষত আমি এটা বিশেষ ইউটিউৱ চেনেলৰ ভিডিঅ’ লাভ কৰিলোঁ। Team AZN নামৰ তিনিজন মুক্ত সাংবাদিকে পৰিচালনা কৰা সেই চেনেলটোত ২০২২ চনত বিভিন্ন প্ৰান্তত অজগৰ আৱিৰ্ভাব হোৱা বুলি দাবী কৰা সেই ভিডিঅ’ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই কৈছে যে  অৱসৰপ্ৰাপ্ত আইঅফএছ বিষয়া সুশান্ত নন্দাই নিজৰ এক্স হেণ্ডলত ভিডিঅ’টো আপলোড কৰি এইকাৰণেই নিৰ্দিষ্ট স্থানৰ উল্লেখ কৰা নাই, কাৰণ সেই কৰ্মই চোৰাং চিকাৰীক প্ৰৰোচিত কৰিব পাৰে। কোনো এক স্থানৰ উল্লেখে তাত চোৰাং চিকাৰীৰ উপস্থিতিক আমন্ত্ৰণ দিয়াহে হ’ব। চাল আৰু মাংসৰ বাবে চোৰাং চিকাৰীয়ে অজগৰ হত্যা কৰিব পাৰে অথবা অন্য বন্য জীৱৰ প্ৰাণ হানি কৰিব পাৰে। সেই ভিডিঅ’টো আপোনালোকে তলত চাব পাৰিব। 

ইমানখিনি অনুসন্ধানত আমি নিশ্চিত হৈছোঁ যে ভিডিঅ’টো ২০২৫ চনৰ কোনোপধ্যেই নহয়। ২০২২চনতো এই ভিডিঅ’টো বিভিন্ন প্ৰান্তৰ বুলি দাবী কৰি ভাইৰেল হৈ পৰিছিল। সেই সময়তো আমি ফেক্ট ক্ৰেছেণ্ডোই সেই তথ্যৰ সত্যতা নিৰূপণ কৰি সেয়া অসমৰ ভিডিঅ’ নহয় বুলি প্ৰতিয়মান কৰিছিলোঁ।  আমাৰ শেহতীয়া অনুসন্ধানে এই কথা স্পষ্ট কৰিছে যে ভিডিঅ’টো সৰ্ব প্ৰথমে ইণ্টাৰনেটত এগৰাকী অৱসৰপ্ৰাপ্ত আইএফএছ বিষয়াই বন্য জীৱৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে আপলোড কৰিছিল আৰু সেই ভিডিঅ’টোকে সেই সময়ত বিভিন্ন প্ৰান্তত অজগৰৰ আৱিৰ্ভাব বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছিল। অতি শেহতীয়াকৈ গুৱাহাটীৰ ডন বস্ক’ ইউনিভাৰ্চিটীৰ ভিতৰত অজগৰ ওলোৱা বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। এই দাবীটো মিছা।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। এই ভিডিঅ’টো ২০২২ চনতে ইণ্টাৰনেটত এগৰাকী অৱসৰপ্ৰাপ্ত আইএফএছ বিষয়াই সজাগতাৰ বাবে আপলোড কৰিছিল আৰু তাকেই বিভিন্ন প্ৰান্তৰ বুলি দাবীৰে প্ৰচাৰ কৰা হৈছিল। দৃশ্যটো এতিয়াৰ নহয় আৰু গুৱাহাটীৰ নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২২ চনৰ পুৰণা ভিডিঅ’কো গুৱাহাটীৰ ডন বস্ক’ ইউনিভাৰ্চিটীত অজগৰ ওলোৱা বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *