ইজৰাইল আৰক্ষীয়ে ৰাজহুৱা স্থানৰপৰা চিচিটিভি কেমেৰা আঁতৰোৱাৰ এই ভিডিঅ’টো পুৰণি।

International Misleading

শেহতীয়াকৈ ইজৰাইলৰ আৰক্ষীয়ে ৰাস্তাৰ খুঁটা আৰু অট্টালিকাৰ পৰা চিচিটিভি কেমেৰা আঁতৰোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে মিছাইল আক্ৰমণৰ ক্ষয়ক্ষতিৰ খবৰ ইৰাণে নোপোৱাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ইজৰাইলে। 

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি পশ্চিম গেলিলি আৰক্ষী (Western Galilee Police)ৰ ইনষ্টাগ্ৰাম হেণ্ডলত এই ভিডিঅ’টো ২০২৫ চনৰ ২২ অক্টোবৰত আপলোড হোৱা দেখিলোঁ।

পোষ্টটোৰ হিব্ৰু ভাষাৰ কেপশ্বনৰ অসমীয়া অনুবাদ এনেধৰণৰ, “বাসিন্দাসকলৰ বাবে শাসন আৰু সাৰ্বভৌমত্ব🇮🇱

পশ্চিম গেলিলি আৰক্ষীয়ে ৰাজহুৱা স্থানত অপৰাধী সংগঠনে স্থাপন কৰা কেমেৰাসমূহ ভাঙি পেলোৱাৰ কাম অব্যাহত ৰাখিছে।”

ইজৰাইলৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ইজৰাইলৰ কিছুমান চহৰৰ পৰা চিচিটিভি কেমেৰা আঁতৰোৱাটো নিৰাপত্তা ব্যৱস্থাৰ অংশ হৈ পৰিছে কাৰণ সেই কেমেৰাবোৰ অপৰাধী সংগঠনে স্থাপন কৰিছিল।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ইজৰাইল-ইৰাণৰ বৰ্তমানৰ সংঘাতৰ সৈতে সম্পৰ্কিত নহয়।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ইজৰাইলৰ আৰক্ষীয়ে খুঁটা আৰু অট্টালিকাৰ পৰা চিচিটিভি কেমেৰা আঁতৰোৱাৰ ভাইৰেল ভিডিঅ’টো পুৰণি। ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাতৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

Result Stamp

Title: ইজৰাইল আৰক্ষীয়ে ৰাজহুৱা স্থানৰপৰা চিচিটিভি কেমেৰা আঁতৰোৱাৰ এই ভিডিঅ’টো পুৰণি।

Fact Check By: Fact Crescendo Team

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *