ভিডিঅ’টোত বাংলাদেশৰ মুছলমান লোকে হিন্দু গাঁৱত আক্ৰমণ কৰা দেখা গৈছে নেকি? জানক সত্যতা।

Communal False

অলপতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকৰ পোছাক পৰিহিত এদল লোকে হাতে  হাতে লাঠী লৈ গছ-গছনি, জেওৰা আদি ধ্বংস কৰি গৈ আছে আৰু গৰু-ম’হ লৈ গৈছে। তদুপৰি খেতিপথাৰৰ ঠায়ে ঠায়ে ধোঁৱা ওলাই থকা দেখা গৈছে। দাবী কৰা হৈছে যে ভিডিঅ’টো বাংলাদেশৰ আৰু তাত এনেদৰে মুছলমান লোকে হিন্দু গাঁৱত ধ্বংসলীলা চলাইছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বাংলাদেশত হিন্দু গাওঁত গৈ সম্প্ৰীতি দেখুৱাই থকা এদল শান্তি সমদলকাৰী।”

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৪ চনৰ ২৯ নৱেম্বৰত “জয় বাংলা” নামৰ এটা ফেচবুক পেজত এই ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ। 

ভিডিঅ’টোৰ কেপশ্বনত বাংলা ভাষাত লিখা আছিল এইদৰে, “Warning⚠️: মৌলবাদী জংগীদের থেকে সংখ্যালঘু সম্প্রদায়তো দূরের কথা মুসলিমরাও নিরাপদ নয়।

শেরপুর মুর্শিদপুর দরবার শরীফে হামলা ও লুটতরাজের ভিডিও ক্লিপটি দেখে স্পষ্টতই বোঝা যাচ্ছে বাংলাদেশ আজ কোনদিকে যাচ্ছে।

অবৈধ ইউনুস সরকার এসকল জংগী সন্ত্রাসীদের আশ্রয় প্রশয় দিয়ে বাংলাদেশকে একটি জংগী রাস্ট্রে পরিণত করতে চাচ্ছে তা বলা বাহুল্য।

#StepDownYunus #SaveBangladesh”। অৰ্থাৎ ভিডিঅ’টোৰ কেপশ্বন অনুসৰি সেয়া শ্বেৰপুৰৰ মুৰ্ছিদপুৰ দৰবাৰ শ্বৰীফত ইছলাম ধৰ্মাৱলম্বী লোকে কৰা লুটপাতৰ দৃশ্য। তাত হিন্দু গাঁৱত মুছলমান লোকে আক্ৰমণ কৰা বুলি কোৱা হোৱা নাছিল। 

Archived Link

এইবাৰ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰি Bangla Affairs নামৰ ইউটিউবত চেনেলত যোৱা ২৮ নৱেম্বৰত আপলোড হোৱা এটা ভিডিঅ’ পালোঁ। ভিডিঅ’টোৰ ০:৫০ টাইমষ্টেম্পৰপৰা ভাইৰেল দৃশ্যাংশ আমি দেখিবলৈ পালোঁ। ভিডিঅ’টোৰ বিৱৰণ অনুসৰি বাংলাদেশৰ শ্বেৰপুৰ অঞ্চলৰ এটি মাজাৰত কিছুসংখ্যক মুছলমান লোকে আক্ৰমণ কৰি লুটপাত কৰে।

আমি এইবাৰ JamunaTV নামৰ ইউটিউব চেনেলত যোৱা ২৮ নৱেম্বৰত আপলোড হোৱা এটা ভিডিঅ’ পালোঁ য’ত উল্লেখ কৰা হৈছিল যে শ্বেৰপুৰৰ দোজা পীৰৰ দৰবাৰত আক্ৰমণ কৰি অগ্নিসংযোগ কৰাৰ ঘটনা সংঘটিত হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি দৰবাৰ শ্বৰীফত অনৈতিক কাৰ্যকলাপ হোৱা বুলি অভিযোগ উত্থাপন কৰি স্থানীয় কৌমী মাদ্ৰাছাখনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে ইয়াক বন্ধ কৰাৰ দাবী জনাইছিল। পীৰৰ অনুগামীসকলৰ সৈতে গাঁওবাসীৰ এই সন্দৰ্ভত সংঘৰ্ষ হৈছিল।

ঢাকা ট্ৰিবিউনৰ এক প্ৰতিবেদন অনুসৰি শ্বেৰপুৰৰ লক্ষ্মণপুৰ অঞ্চলত ডোজা পীৰৰ মুৰ্ছিদপুৰ দৰবাৰ শ্বৰীফৰ ধ্বংসকাৰ্য আৰু লুণ্ঠনৰ সৈতে জড়িত ৭ জন লোকক আৰক্ষীয়ে আটক কৰি ৰাখিছিল। ৪০০-৫০০ অচিনাক্ত আক্ৰমণকাৰীৰ আক্ৰমণত তেৰজন লোক আহত হয়। আহতসকলৰ ভিতৰত ৭ জনক চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে এজনক উন্নত চিকিৎসাৰ বাবে মৈমনসিং মেডিকেল কলেজ হস্পিতাললৈ স্থানান্তৰ কৰা হয়।

কেয়াৰটেকাৰ মাহমুদন মাছুদে এজাহাৰ দাখিল কৰি স্থানীয় মাদ্ৰাছা অধীক্ষককে ধৰি ২৫ জন সন্দেহযুক্ত লোকৰ নাম উল্লেখ কৰে। স্থানীয় মাদ্ৰাছা শিক্ষক আৰু আৱাসীয়ে দৰবাৰ শ্বৰীফত ইছলাম বিৰোধী কাৰ্যকলাপৰ অভিযোগ উত্থাপন কৰি আক্ৰমণৰ বাবে উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰা হয়। গোচৰটোৰ তদন্ত চলি আছে।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টোত বাংলাদেশৰ মুছলমান লোকে হিন্দু গাঁৱত আক্ৰমণ কৰা দেখা যোৱা নাই। বাংলাদেশৰ শ্বেৰপুৰ অঞ্চলৰ এক মাজাৰক কেন্দ্ৰ কৰি মুছলমান লোকসকলৰ মাজত হোৱা সংঘৰ্ষক সাম্প্ৰদায়িক দাবীৰে প্ৰচাৰ কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভিডিঅ’টোত বাংলাদেশৰ মুছলমান লোকে হিন্দু গাঁৱত আক্ৰমণ কৰা দেখা গৈছে নেকি? জানক সত্যতা।

Written By: Debanjana Baishya  

Result: False