ছিৰিয়াৰ ৰাক্কাৰ ভিডিঅ’ ইৰাণৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

International Misleading

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে ইৰাণত মহিলাসকলক লৈ যোৱা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “এই দৃশ্য ইৰাণৰ… 

চাওক ইৰাণত ইজনে সিজনৰ মাক ভগ্নীক কেনেকৈ লৈ গৈছে … 

কুৰ্দ, তুৰস্ক, ইৰাণ, ইৰাক, ছিৰিয়া সকলোৰে ঈশ্বৰ একে কিন্তু যেতিয়াই তেওঁলোকৰ মাজত যুদ্ধ হয় , তেতিয়াই ইজনে সিজনৰ মহিলাক লৈ যায় যেনেকৈ ইয়াৰ ছিৰিয়াৰ সন্ত্ৰাসবাদীয়ে কুৰ্দি মহিলাক লৈ গৈছে… 

এয়া ইছলামৰ শান্তিৰ বাৰ্তা”

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ সৈতে মিল থকা ফটো সংলগ্ন এক প্ৰতিবেদন পালোঁ। যোৱা ১৯ জানুৱাৰীত প্ৰকাশিত এই প্ৰতিবেদন অনুসৰি, “ছিৰিয়া চৰকাৰ আৰু সন্ত্ৰাসবাদী সংগঠন পিকেকে/এছডিএফৰ মাজত স্বাক্ষৰিত যুদ্ধবিৰতি চুক্তিৰ পাছত ৰাক্কাত ৰেকৰ্ড কৰা এই ভিডিঅ’টোৱে যথেষ্ট প্ৰভাৱ পেলাইছে। ছিৰিয়াৰ সেনাই চহৰখন মুক্ত কৰাৰ পিছত পিকেকে/এছডিএফৰ দ্বাৰা পৰিচালিত কাৰাগাৰত বন্দী মহিলা আৰু শিশুসকলক মুকলি কৰি দিয়া হয়। ফটোসমূহত দেখা গৈছে যে দুৱাৰ খোলাৰ লগে লগে বহু লোক উৎফুল্লিত হৈ পৰিছে।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

এইবাৰ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া TRT Worldৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডলত ২০২৬ চনৰ ১৯ জানুৱাৰীত ভাইৰেল ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ।

ভিডিঅ’টোৰ কেপশ্বনৰ অসমীয়া অনুবাদ এনেধৰণৰ, “ছিৰিয়াৰ ৰাক্কাত ৱাইপিজি সন্ত্ৰাসবাদী সংগঠনে পৰিচালনা কৰা কাৰাগাৰত বন্দী হৈ থকা মহিলা আৰু শিশুসকলক ১৮ জানুৱাৰীত ছিৰিয়াৰ সেনাই চহৰখন মুক্ত কৰাৰ পিছত মুকলি কৰি দিয়া হৈছে।”

একেধৰণৰ আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো ইৰাণৰ নহয় বৰং ছিৰিয়াৰ ৰাক্কাৰ।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টোত ইৰাণৰ মহিলাসকলক বন্দী কৰা দেখুওৱা হোৱা নাই। এই ভিডিঅ’টো ছিৰিয়াৰ ৰাক্কাৰ। ভিডিঅ’টোত ছিৰিয়াৰ সেনাই ৰাক্কা চহৰ মুক্ত কৰাৰ পাছত ৰাক্কাৰ কাৰাগাৰত বন্দী হৈ থকা মহিলা আৰু শিশুসকলক মুকলি কৰি দিয়া দেখা গৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ছিৰিয়াৰ ৰাক্কাৰ ভিডিঅ’ ইৰাণৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

Fact Check By: Fact Crescendo Team 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *