
পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ২০২৫ চনৰ ১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত এছিয়া কাপ ২০২৫ৰ খেলত ভাৰতীয় ক্ৰিকেট দলটো প্ৰথমবাৰ সম্মুখীন হয় পাকিস্তানী ক্ৰিকেট দলৰ। পেহেলগামৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত খেল বৰ্জনৰ বাবে বহু লোকে আহ্বান জনাইছিল। এই পৰিপ্ৰেক্ষিতত পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীৰ সৈতে আই চি চিৰ অধ্যক্ষ জয় শ্বাহ আৰু বিজেপি নেতা অনুৰাগ ঠাকুৰে একেলগে বহি খেল উপভোগ কৰা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ডুবাইত শেহতীয়াকৈ অনুষ্ঠিত এছিয়া কাপ ২০২৫ৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা খেলৰ সময়ৰ ভিডিঅ’।
ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “জয় শ্বাহ আৰু চৈয়দ আফ্ৰিদী
ভাৰত-পাকিস্তানৰ ক্ৰিকেট খেল
দুয়ো একেলগে বহি যোৱাকালিৰ খেলখন উপভোগ কৰে.. .
যদিহে জয় শ্বাহৰ স্হানত অন্য কোনো বিৰোধী দলৰ লোক হলেহেঁতেন তেতিয়াটো বিজেপি দল-গোডি মিডিয়া-মামু মিডিয়াই লগ হৈ দেশদ্ৰোহীয়ে বনাই পেলালে হেতেন…”
Facebook Link | Archived Link.
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ইনষ্টাগ্ৰাম পোষ্ট পালোঁ য’ত ভাইৰেল ভিডিঅ’টো ২০২৫ চনৰ ২৬ ফেব্ৰুৱাৰীত আপলোড কৰা হৈছিল।

ভিডিঅ’টোৰ কেপশ্বনত ইংৰাজীত লিখা আছিল এইদৰে, “Nationalism is a poison given to the poor by the rich.
#india #pakistan #indvspak #championstrophy2025 #politics #reels”
আমি লক্ষ্য কৰিলোঁ যে কেপশ্বনত “Champions Trophy 2025” বুলি হেশ্বটেগ ব্যৱহাৰ কৰা হৈছে। তদুপৰি এই ভিডিঅ’টো যোৱা ১৪ ছেপ্টেম্বৰত হোৱা এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ খেলখনৰ আগৰেপৰাই ইন্টাৰনেটত উপলব্ধ। ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া Siasat.com ৱেবছাইটত ২০২৫ চনৰ ২৪ ফেব্ৰুৱাৰীত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি যোৱা ফেব্ৰুৱাৰী মাহত ডুবাইত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফীৰ ভাৰত-পাকিস্তানৰ খেলৰ সময়ত অনুৰাগ ঠাকুৰ আৰু শ্বাহিদ আফ্ৰিদীক একেলগে বহি খেল উপভোগ কৰা দেখা গৈছিল আৰু তাৰ ফলত অনুৰাগ ঠাকুৰক বিশেষকৈ ছ’চিয়েল মিডিয়াত বহুত সমালোচনা কৰা হৈছিল।

একেটা ভিডিঅ’ আমি এটা ইউটিউব চেনেলত ২০২৫ চনৰ ২৬ ফেব্ৰুৱাৰীত আপলোড হোৱা দেখিলোঁ। তাতো ভিডিঅ’টো যোৱা ফেব্ৰুৱাৰী মাহত ডুবাইত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফীৰ বুলি উল্লেখ কৰা হৈছিল।

এই সম্পৰ্কে আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।
গতিকে ভাইৰেল ভিডিঅ’টো শেহতীয়া এছিয়া কাপৰ নহয় বুলি আমি নিশ্চিত হ’লোঁ।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল ভিডিঅ’টো শেহতীয়াকৈ ডুবাইত অনুষ্ঠিত এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ খেলৰ সময়ৰ নহয় বৰং যোৱা ২৩ফেব্ৰুৱাৰী ২০২৫ত ডুবাইত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফীৰ ভাৰত-পাকিস্তানৰ খেলৰ সময়ৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:শেহতীয়া এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ খেলখন শ্বাহিদ আফ্ৰিদী জয় শ্বাহ আৰু অনুৰাগ ঠাকুৰে একেলগে বহি উপভোগ কৰিছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
Fact Check By: Fact Crescendo AssameseResult: Misleading
