অপ্ৰাসংগিক ভিডিঅ’ SIR ৰ ভয়ত পশ্চিমবংগৰ পৰা বাংলাদেশী নাগৰিকৰ পলায়নৰ ভিডিঅ’ বুলি ভাইৰেল।

Misleading Social

২০২৫ চনৰ ২৭ অক্টোবৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ঘোষণা কৰে যে পশ্চিম বংগকে ধৰি ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) কৰা হ’ব। বিশেষ নিবিড় পুনৰীক্ষণ হৈছে ভাৰতীয় নিৰ্বাচন আয়োগৰ এক প্ৰক্ৰিয়া য’ত ভোটাৰ তালিকাৰ বিস্তৃত পৰ্যালোচনা কৰা হয়, য’ত তালিকাৰ সঠিকতা নিশ্চিত কৰিবলৈ স্থানীয় পৰ্যায়ত বিতং পৰীক্ষা কৰা হয়। পশ্চিম বংগত SIR ঘোষণাৰ পিছতে ভাৰতৰ পৰা সীমান্ত পাৰ হৈ যাবলৈ চেষ্টা কৰি থকা বহু অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীক গ্ৰেপ্তাৰ কৰা হয়। এই পৰিপ্ৰেক্ষিতত তিনিটা ভিন ভিন দৃশ্যাংশ সংলগ্ন এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।‌ ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, ““SIR” আৰু “illegal immigration and foreigners act 2025”-ৰ ভয়ত লাখ লাখ বাংলাদেশী   পলাইছে পশ্চিমবংগৰ পৰা । মমতা দিদিৰ মাতলামি খেল দেখুৱাই দিছে গৃহমন্ত্ৰী অমিত শ্বাহে ডাঙৰীয়াই।।”

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

প্ৰথম দৃশ্যাংশ 

প্ৰথম দৃশ্যাংশত অসংখ্য লোক কাঁটা তাঁৰৰ বেৰৰ ওচৰত ৰৈ থকা দেখা গৈছে। আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২৫ চনৰ ২৫ নৱেম্বৰত West Bengal Policeৰ‌ অফিচিয়েল এক্স হেণ্ডলত এটা টুইট পালোঁ। টুইট অনুসৰি ভাইৰেল ভিডিঅ’টো বাংলাদেশ সীমান্তৰ সমীপত অৱস্থিত গাঁও ফুনকোতলাৰ (পি.এছ- মুৰুটিয়া, জিলা- নাদিয়া, পশ্চিমবংগ) মথাভংগা নদীত কালী মূৰ্তি বিসৰ্জনৰ সময়ৰহে। এয়া SIR ৰ ভয়ত ৰাজ্য এৰা অবৈধ বাংলাদেশী নহয়।

দ্বিতীয় দৃশ্যাংশ

দ্বিতীয় দৃশ্যাংশত কেইবাগৰাকীও মহিলাই মুখত কাপোৰ বান্ধি শাৰী পাতি গৈ থকা দেখা গৈছে। আমি এই দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ভাইৰেল দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ সৈতে মিল থকা ফটো সংলগ্ন কিছুমান বাংলাদেশৰপৰা প্ৰকাশিত প্ৰতিবেদন পালোঁ। “ঢাকা প্ৰকাশ”ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, “চুৱাডাঙাৰ দৰ্শনা আন্তঃৰাষ্ট্ৰীয় চেকপোষ্টৰ জৰিয়তে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে ২২ জন বাংলাদেশী নাগৰিকক বাংলাদেশ সীমান্তৰক্ষী বাহিনীক গতাই দিয়ে। বুধবাৰে (১৩ আগষ্ট) পুৱা প্ৰায় ১০:৩০ বজাত সীমান্তৰ শূন্য ৰেখাত পতাকা সভাৰ জৰিয়তে এই হেণ্ডঅভাৰ সম্পূৰ্ণ হয়।…”

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

এক ভিডিঅ’ প্ৰতিবেদন তলত চাব পাৰিব।

একেধৰণৰ প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

গতিকে এই ভিডিঅ’টো SIR ৰ সৈতে সম্পৰ্কিত নহয় বুলি আমি নিশ্চিত হ’লোঁ।

তৃতীয় দৃশ্যাংশ 

তৃতীয় দৃশ্যাংশত‌ বহু লোকে নদী পাৰ হ’বলৈ নাঁৱত উঠা দেখা গৈছে। এই দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি যোৱা ১ অক্টোবৰত ফেচবুকত আপলোড হোৱা এটা ভিডিঅ’ পালোঁ। ভিডিঅ’টোৰ ভাইৰেল দৃশ্যাংশৰ সৈতে মিল থকা আমি দেখিলোঁ। 

পোষ্টটোত উল্লেখ কৰা হৈছে যে সেয়া বাংলাদেশৰ মোংলা ফেৰীঘাটৰ দৃশ্য।

একেধৰণৰ ভিডিঅ’ ইয়াত আৰু ইয়াত চাব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল দৃশ্যাংশ বাংলাদেশৰহে।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টোৰ দৃশ্যাংশসমূহ পুৰণি আৰু পশ্চিমবংগত SIR ঘোষণাৰ সৈতে সম্পৰ্কিত নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অপ্ৰাসংগিক ভিডিঅ’ SIR ৰ ভয়ত পশ্চিমবংগৰ পৰা বাংলাদেশী নাগৰিকৰ পলায়নৰ ভিডিঅ’ বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Team  

Result: Misleading