চুৰাটৰ পুৰণি অপ্ৰাসংগিক ভিডিঅ’ হৰিশ ৰাণাৰ “ইচ্ছামৃত্যু”ৰ ঘটনাৰ সৈতে জড়িত কৰি ভাইৰেল।

False Social

বিগত ১৩ বছৰ ধৰি ক’মাত থকা গাজিয়াবাদৰ হৰিশ ৰাণাক শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে পেচিভ ইউথেনাচিয়াৰ (ইচ্ছামৃত্যু) অনুমতি প্ৰদান কৰিছে। ভাৰতত এইটোৱেই প্ৰথম পেছিভ ইউথেনাচিয়াৰ নিৰ্দেশ। আদালতৰ এই নিৰ্দেশৰ পিছতে এইমছ নতুন দিল্লীৰ চিকিৎসকে হৰিশ ৰাণাৰ পেচিভ ইউথেনাচিয়া প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই পটভূমিত ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে এজন ৰোগীৰ চাৰিওফালে কৰি চিকিৎসা কৰ্মী আৰু বহু লোক গোট খাইছে। চিকিৎসা কৰ্মীসকলে এম্বুলেন্সলৈ অংগদানৰ বাকচ লৈ যোৱা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া হৰিশ ৰাণাক এইমছ নতুন দিল্লীলৈ লৈ যোৱাৰ দৃশ্য।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমাৰ অনুসন্ধানৰ আৰম্ভণিতে আমি লক্ষ্য কৰিলোঁ যে অংগদানৰ বাকচটোত গুজৰাটী ভাষাত “લિવર” (লিভাৰ) বুলি লেবেল লগোৱা আছে।

তদুপৰি ভাইৰেল ভিডিঅ’টোৰ এটা কী-ফ্ৰেমত আমি গুজৰাটী ভাষাত “ડાયમંડ હોસ્પિટલ” (ডায়মণ্ড হস্পিতাল) বুলি লিখা থকা লক্ষ্য কৰিলোঁ।

ইয়াৰ পৰা ধাৰণা কৰিব পাৰি যে ভিডিঅ’টো গুজৰাটৰ হ’ব পাৰে।

আমি ভাইৰেল ভিডিঅ’টোৰ পৰা স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ইনষ্টাগ্ৰাম হেণ্ডেল পালোঁ য’ত ২০২৬ চনৰ ২৭ জানুৱাৰীত ভাইৰেল ভিডিঅ’টো আপলোড কৰা হৈছিল।

কেপশ্বন অনুসৰি ভিডিঅ’টোত চুৰাটৰ এগৰাকী মগজু-মৃত (brain-dead) মহিলাৰ লিভাৰ, দুটা বৃক্ক আৰু চকু দান কৰা দেখা গৈছে। পোষ্টটোত মহিলাগৰাকীৰ এখন ফটো আছিল।

ইয়াকে সমল হিচাপে লৈ আমি গুজৰাটী ভাষাত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু লগতে ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া গুজৰাটী নিউজ ১৮ ত ২০২৬ চনৰ ২৪ জানুৱাৰীত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ইনষ্টাগ্ৰাম পোষ্টটোত থকা মহিলাগৰাকীৰ ফটোখন সংলগ্ন কৰা হৈছিল।

প্ৰতিবেদনৰ অসমীয়া অনুবাদ এনেধৰণৰ, “মানৱতা আৰু সমাজ সেৱাৰ মহান মনোভাৱৰ উদাহৰণস্বৰূপে চুৰাটত এটা গুৰুত্বপূৰ্ণ অংগদান কাৰ্যসূচী সফলতাৰে সম্পূৰ্ণ হ’ল। ৰাজকোট জিলাৰ জেটপুৰৰ বাসিন্দা অংগদানকাৰী ৰীতাবেন হৰেশভাই কোৰাটে (বয়স: ৪৫ বছৰ) কৰা অংগদানৰ বাবে মুঠ পাঁচজন ৰোগীয়ে নতুন জীৱন লাভ কৰিছে। লাভ কৰা সবিশেষ তথ্য অনুসৰি ২২/০১/২০২৬ তাৰিখে বিয়লি প্ৰায় ৩:৩০ বজাত ৰীতাবেন কোৰাটে পুত্ৰ ৰাজ হৰেশভাই কোৰাটক ফোন কৰি নিজৰ গাটো ভাল নহয় বুলি জনাই ঘৰলৈ আহিবলৈ কয়। পুতেক ঘৰ পাওঁতে ৰীতাবেনৰ বমি হৈছিল আৰু শৰীৰ অত্যন্ত দুৰ্বল অনুভৱ হৈছিল। লগে লগে তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়, তাৰ পৰা চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে চুৰাটৰ ডায়মণ্ড হস্পিতাললৈ লৈ যাবলৈ পৰামৰ্শ দিয়ে। ডায়মণ্ড হস্পিতালত প্ৰয়োজনীয় পৰীক্ষা সম্পন্ন কৰাৰ পাছত ডাঃ দীপেশ কক্কাৰ (নিউৰ’চাৰ্জন) আৰু চিকিৎসকৰ এটা দলে ৰোগীজনক মগজু-মৃত বুলি ঘোষণা কৰে। এই জটিল মুহূৰ্তত পৰিয়ালৰ সদস্য হৰেশভাই কোৰাট, ৰাজ কোৰাট, ৰাজৱী কোৰাট, কৌশিকভাই কোৰাট, কেশৱলাল ভুৱ, বিপুলভাই ভুৱ, দীনেশভাই অভাংগী, আৰু কিশোৰভাই ৰিবদিয়াই জীৱনদ্বীপ অংগদান ফাউণ্ডেশ্যনৰ সৈতে যোগাযোগ কৰি মানৱীয় আৰু সাহসী অংগদানৰ সিদ্ধান্ত লয়।”

এইবাৰ আমি ইউটিউবত ২০২৬ চনৰ ২৮ জানুৱাৰীত আপলোড হোৱা এটা ভিডিঅ’ প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল।

প্ৰতিবেদন অনুসৰি ভিডিঅ’টোত দেখা গৈছে ৰিটাবেন কোৰাটক। তেওঁক চিকিৎসকে মগজু-মৃত ঘোষণা কৰাৰ পাছত পৰিয়ালৰ লোকে তেওঁৰ অংগদান কৰাৰ সিদ্ধান্ত লৈছিল।

আন এক প্ৰতিবেদন তলত চাব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু হৰিশ ৰাণাৰ সৈতে সম্পৰ্কিত নহয়।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টোত হৰিশ ৰাণাক এইমছ নতুন দিল্লীলৈ লৈ যোৱা দেখুওৱা হোৱা নাই। ভিডিঅ’টোত দেখা গৈছে গুজৰাটৰ চুৰাটৰ ৰিটাবেন কোৰাটক। তেওঁক চিকিৎসকে মগজু-মৃত বুলি ঘোষণা কৰাৰ পাছত পৰিয়ালৰ লোকে তেওঁৰ অংগদান কৰাৰ সিদ্ধান্ত লৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: চুৰাটৰ পুৰণি অপ্ৰাসংগিক ভিডিঅ’ হৰিশ ৰাণাৰ “ইচ্ছামৃত্যু”ৰ ঘটনাৰ সৈতে জড়িত কৰি ভাইৰেল।

Fact Check By: Fact Crescendo Team

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *