প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ চীনত ড্ৰোণ শ্ব’ৰ আয়োজন কৰা হৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

Altered Social

২০২৫ চনৰ ১ ছেপ্টেম্বৰত চীনৰ টিয়ানজিনত অনুষ্ঠিত হোৱা ২৫ সংখ্যক চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০২৫ চনৰ ৩০ আগষ্টত মোদী টিয়ানজিনত উপস্থিত হৈছিল আৰু ৭ বছৰৰ ভিতৰত এয়া তেওঁৰ প্ৰথম চীন ভ্ৰমণ। এই পটভূমিত ড্ৰোণেৰে এগৰাকী নৃত্যশিল্পী আৰু পিএম মোদীৰ মুখৰ লগতে “MODI WELCOME TO CHINA” শব্দকেইটা গঠন কৰা এখন ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। এই কথা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰে যে চীনে মোদীক আদৰণি জনাই ড্ৰোণ শ্ব’ৰ আয়োজন কৰিছিল।

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি আমাৰ অনুসন্ধান আৰম্ভ কৰিলোঁ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি। তেতিয়া আমি চীনৰ চৰকাৰ নিয়ন্ত্ৰিত সংবাদ মাধ্যমৰ ফেচবুক পেজ “People’s Daily, China”ৰ এটা পোষ্ট পালোঁ য’ত ২০২৫ চনৰ ২১ এপ্ৰিলত ভাইৰেল ফটোখনৰ সৈতে মিল থকা এখন ফটো আপলোড কৰা হৈছিল। কিন্তু ফটোখনত ভাইৰেল ফটোখনৰ দৰে পিএম মোদীৰ মুখখন আৰু শব্দকেইটা নাই।

পোষ্টটোৰ অনুসৰি সেয়া দক্ষিণ-পশ্চিম চীনৰ পাহাৰীয়া চহৰ চংকিঙত হোৱা ১৫ মিনিটৰ ড্ৰোণ লাইট শ্ব’ৰ দৃশ্য (A 15-minute drone light show featuring iconic landmarks of Chongqing made its dazzling debut on Saturday in the hilly city of southwest China, lighting up the night sky with a visual feast alongside the city’s vibrant lighting display.)

২০২৫ চনৰ ১১ আগষ্টত পিপলছ ডেইলী অনলাইনত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে, “…এই বছৰৰ এপ্ৰিল মাহৰ মাজভাগৰ পৰা চংকিঙে প্ৰতি শনিবাৰে নিশা ইয়াৰ ডাউনটাউন এলেকাত, য’ত ইয়াংচে আৰু জিয়ালিং নদীসমূহ একত্ৰিত হয়, এক ড্ৰোণ লাইট শ্ব’ আয়োজন কৰি আহিছে। এই গ্ৰেণ্ড দৃশ্য দ্ৰুতগতিত চংকিঙৰ এক নতুন হলমাৰ্কত পৰিণত হৈছে, চহৰখনৰ পৰ্যটন উদ্যোগত সতেজ সজীৱতাৰ প্ৰৱেশ ঘটাইছে…”

আন এক খবৰ অনুসৰি ড্ৰোণ শ্ব’ৰ ফটোখন ২০২৫ চনৰ ১৯ এপ্ৰিলৰ।

সম্পূৰ্ণ ভিডিঅ’টো আমি ২০ এপ্ৰিল ২০২৫ তাৰিখে এটা ইউটিউব চেনেলত আপলোড হোৱা দেখিলোঁ।

ভাইৰেল ফটোখন আৰু মূল ফটোখনৰ মাজত তুলনা তলত চাব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখন সম্পাদিত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া চীন ভ্ৰমণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখন সম্পাদিত। ফটোখন ২০২৫ চনৰ ১৯ এপ্ৰিলত চীনৰ দক্ষিণ-পশ্চিম চংকিং পৌৰসভাৰ নান’আন জিলাত অনুষ্ঠিত হোৱা ড্ৰোণ শ্ব’ৰ। মূল ফটোখনত কেৱল নৃত্যশিল্পীগৰাকীকহে দেখা গৈছে; ভাইৰেল ফটোত প্ৰধানমন্ত্ৰী মোদীৰ মুখ আৰু শব্দকেইটা সম্পাদনা কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ চীনত ড্ৰোণ শ্ব’ৰ আয়োজন কৰা হৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

Fact Check By: Fact Crescendo Assamese 

Result: Altered

Leave a Reply

Your email address will not be published. Required fields are marked *